ETV Bharat / state

নগাঁৱৰ এনকাউণ্টাৰ : উপ পৰিদৰ্শক প্ৰদীপ বণিয়াক নিলম্বনৰ নিৰ্দেশ

author img

By

Published : Feb 8, 2022, 11:01 PM IST

অতিৰিক্ত মুখ্য সচিৱ পবন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত সমিতিয়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে (Additional Chief Secretary presents inquiry report of Nagaon encounter case) । ৰাজ্য চৰকাৰৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ নিৰ্দশনা । নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দ্বাৰা গঠিত এণ্টি নাৰ্কটিক স্কোৱাড ভংগৰ নিৰ্দেশ ।

উপ পৰিদৰ্শক প্ৰদীপ বণিয়াক নিলম্বনৰ নিৰ্দেশ

গুৱাহাটী, 8 ফেব্ৰুৱাৰী : নগাঁৱৰ এনকাউণ্টাৰৰ ঘটনাত আৰক্ষীৰ যে ভুল আছিল সেই কথা অৱশেষত প্ৰমাণিত হ'ল (Nagaon encounter case)। নগাঁও জিলাৰ কচলুখোৱা তিনিআলিত ২২ জানুৱাৰীত হোৱা আৰক্ষীৰ গুলীচালনা ঘটনা (Kirtikamal Bora encounter case) সন্দৰ্ভত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিৱ পবন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত সমিতিয়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে । এই তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি আজি ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ এই গুলীচালনাৰ ঘটনা সন্দৰ্ভত এলানি ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰিছে ।

গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা নিৰ্দেশ মতে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দ্বাৰা গঠিত বৰ্তমানৰ এণ্টি নাৰ্কটিক স্কোৱাডটো ভংগ কৰিবলৈ, সশস্ত্ৰ শাখাৰ উপ-পৰিদৰ্শক প্ৰদীপ বণিয়া আৰু নীলকমল বৰাৰ এজাহাৰৰ ভিত্তিত ৰুজু হোৱা দুয়োটা গোচৰ অপৰাধ অনুসন্ধান শাখালৈ হস্তান্তৰ কৰিবলৈ আৰু উক্ত ঘটনাত জড়িত প্ৰতিজন আৰক্ষী বিষয়াই পালন কৰা ভূমিকা সন্দৰ্ভত এজন উচ্চ পদস্থ আৰক্ষী বিষয়াৰ দ্বাৰা বিভাগীয় তদন্ত কৰাবলৈ কোৱা হৈছে ।

আনহাতে, সশস্ত্ৰ শাখাৰ উপ-পৰিদৰ্শক প্ৰদীপ বণিয়াক তৎকালীনভাৱে নিলম্বন কৰিবলৈ কোৱা হৈছে (Assam goverment orders suspension to Sub Inspector Pradeep Bania) ।

তদুপৰি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু সশস্ত্ৰ শাখাৰ উপ-পৰিদৰ্শক প্ৰদীপ বণিয়াৰ বাহিৰে এণ্টি নাৰ্কটিক স্কোৱাডৰ সকলো সদস্যক নগাঁও জিলাৰ বাহিৰলৈ বদলি কৰিবলৈ পত্ৰখনত কোৱা হৈছে । একেদৰে এই গোচৰৰ সকলো সাক্ষীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ, ৰাইজৰ মাজত নিচাযুক্ত দ্ৰব্যৰ ব্যাৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টি, আইন অনুসৰি নিচাযুক্ত দ্ৰব্য সম্পৰ্কীয় গোচৰসমূহত সঠিক ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰিবলৈও অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ প্ৰদান কৰা হৈছে ।

উক্ত নিৰ্দেশাৱলী সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষী সঞ্চালক প্ৰধানক অতি সোনকালে গৃহ আৰু ৰাজনৈতিক বিভাগক প্ৰতিবেদন দাখিল কৰিবলৈও পত্ৰত নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক : Nagaon encounter case: অসম চৰকাৰৰ হাতত কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.