গুৱাহাটী, ৬ জুনঃ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি 130 সংখ্যক জন্মদিন । বৰদলৈ জন্মদিন উপলক্ষে নৱগ্ৰহত থকা স্মৃতি সৌধত পৰিয়ালৰ লগতে সোৱঁৰিলে গুনমুগ্ধই ।
ভাৰত ৰত্নৰ সন্মানেৰে সন্মানিত তথা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী পদ অলংকৃত কৰা গোপীনাথ বৰদলৈ জন্মদিনত বৰদলৈ পুত্ৰ বলীন বৰদলৈয়ে নিজৰ পিতৃৰ জন্মদিনত শ্ৰদ্ধাৰে সুঁৱৰি দুখ প্ৰকাশ কৰে । পিতৃৰ স্মৃতি সৌধৰ জৰাজীৰ্ণ অৱস্থা হোৱাকলৈ আৰু চৰকাৰৰ অৱহেলাৰ বাবে দুখ প্ৰকাশ কৰে পুত্ৰ বলীন বৰদলৈয়ে । তাৰোপৰি পিতৃৰ বিষয়ে সকলোৱে জ্ঞাত হ'ব পৰাকৈ লগতে বৰদলৈৰ সোঁৱৰণত প্ৰত্যেক বছৰে এটি সোঁৱৰণী দিৱস হিচাপে এটা দিন ঘোষণা কৰিবলৈ চৰকাৰক আহ্বান জনায় ।