ETV Bharat / state

Assam flood 2023: ৰাজ্যত শাম কটা নাই বান পৰিস্থিতি; প্ৰায় 1 লাখ লোক আক্ৰান্ত

author img

By

Published : Jul 16, 2023, 9:20 PM IST

ভূটানৰ কুৰিশ্বু বান্ধৰ বৰ্ধিত পানীয়ে বুৰাইছে ৰাজ্যৰ কেইবাখনো জিলা ৷ অসম দুৰ্যোগ ব্যৱস্থা বিভাগৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত ৰাজ্যৰ সকলো নদ-নদী বিপদ সীমাৰে তলেৰে বৈ আছে ৷

Assam flood 2023
ৰাজ্যত শাম কটা নাই বান পৰিস্থিতি

নিউজ ডেস্ক, 16 জুলাই : ৰাজ্যত অব্যাহত আছে বান বিভীষিকা ৷ ভূটানৰ কুৰিশ্বু বান্ধৰ বৰ্ধিত পানী শনিবাৰৰ পৰা এৰি দিয়াৰ ফলত অসমৰ ন ন অঞ্চল প্লাৱিত হোৱা পৰিলক্ষিত হৈছে ৷ অসম দুৰ্যোগ ব্যৱস্থা বিভাগৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত ৰাজ্যৰ সকলো নদ-নদী বিপদ সীমাৰে তলেৰে বৈ আছে ৷ অৱশ্যে বৰ্তমান ৰাজ্যৰ 13খন জিলা বানৰ কৱলত আছে ৷

বানৰ কৱলত পৰা জিলা কেইখন হৈছে বিশ্বনাথ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, গীতপুৰ, শোণিতপুৰ আৰু তামুলপুৰ ৷ এই 13 খন জিলাৰ 28 টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালায়ৰ অধীনৰ অঞ্চল বানত প্লাৱিত হৈছে ৷ এই 28 টা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মুঠ 371 খন গাঁও বান ফলত প্ৰভাৱিত হৈছে ৷

আনহাতে মুঠ 98,840গৰাকী লোক বানত প্ৰভাৱিত হৈছে ৷ ইয়াৰ ভিতৰত আছে 44,838 গৰাকী পুৰুষ, 35,722 গৰাকী মহিলা আৰু 18,280 টি শিশু ৷

আনহাতে বান পানীৰ কৱলত পৰা জিলা কেইখনত সক্ৰিয় হৈ থকা মুঠ 66 টা আশ্ৰয় শিবিৰত 2941 গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰি আছে ৷ ইয়াৰ ভিতৰত 1125 গৰাকী পুৰুষ, 1130 গৰাকী মহিলা আৰু 656 টি শিশু ৷ ইয়াৰ সমান্তৰালভাৱে বানত প্ৰভাৱিত হৈছে 59,531 টা পশুধন ৷ লগতে ক্ষতিগ্ৰস্ত হৈছে 3618.35 হেক্টৰ কৃষি ভূমি ৷

উল্লেখ্য যে, ভূটানে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত প্লাৱিত হৈছে নামনি অসমৰ বহু অঞ্চল ৷ ইফালে অৰুণাচলৰ পানীয়ে উজনি অসমত চলাইছে তাণ্ডৱ ৷ আনহাতে অসমত হোৱা নেৰানেপেৰা বৰষুণৰ ফলতো বানপানীৰ মাত্ৰা বৃদ্ধি পাইছে ৷ অসম বতৰ বিজ্ঞান কেন্দ্ৰ তথ্য অনুসৰি 18 জুলাইলৈকে ৰাজ্যত অব্যাহত থাকিব বৰষুণ আৰু বিজুলি-ঢেৰেকনি ৷

লগতে পঢ়ক: Flood in Dhemaji: ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাগৰিছে জীয়াঢলৰ বাঢ়নী পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.