ETV Bharat / state

বান বিভীষিকা: ৰাজ্যত বানৰ কবলত পৰি মৃত্য়ু 84 গৰাকীৰ - সাহায্য শিবিৰ

ইতিমধ্যে বানৰ কবলত পৰি কৰুণ মৃত্যুক আঁকোৱালি লৈছে 84 গৰাকী লোকে ৷ তদুপৰি 126 টা ৰাজহ চক্ৰৰ বিপৰীতে বানত বুৰ গৈছে 5,133 খন গাঁও ৷ ৰাজ্যত বানৰ দ্বাৰা প্ৰভাৱিত হৈছে প্ৰায় 54, 42,908 গৰাকী লোক ৷ লগতে 2,50,416.90 হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 564 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 1,45,648 গৰাকী বানাক্ৰান্তই ৷

Assam Flood report update news etv bharat news
বান বিভীষিকা অব্যাহত
author img

By

Published : Jul 20, 2020, 2:13 PM IST

নিউজ ডেস্ক,20 জুলাই: ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ আজিকোপতি বানত বুৰ গৈ আছে ৰাজ্যৰ প্ৰায় 24 খন জিলা ৷ বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত বানে প্ৰভাৱিত কৰিছে প্ৰায় 30 খন জিলাত ৷ বৰ্তমানেও বিপদসীমাৰ ওপৰেৰে বৈ আছে ৰাজ্যৰ মুখ্য নৈ ব্ৰহ্মপুত্ৰ ৷ যোৰহাটৰ নিমাতীঘাট, তেজপুৰ, গোৱালপাৰা, ধুবুৰী আদি এলেকাত বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ ৷ তদুপৰি নুমলীগড়ত ধনশিৰি, জীয়া ভৰলী, কপিলী, মানস, বেকী আদি উপনৈ সমূহৰো জলস্তৰ বৃদ্ধি পাইছে ৷ বিশ্বনাথ, শোণিতপুৰ, চিৰাং, ওদালগুৰি, দৰং, বাক্সা, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ (গ্ৰাম্য), কামৰূপ (মেট্ৰ’) মৰিগাঁও, নগাঁও, হোজাই, গোলাঘাট, যোৰহাট, মাজুলী, চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, কাৰ্বি আংলঙত বানে সৰ্বাধিক ক্ষতি কৰাৰ তথ্য প্ৰকাশ কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৷

বান বিভীষিকা অব্যাহত

ইতিমধ্যে বানৰ কবলত পৰি কৰুণ মৃত্যুক আঁকোৱালি লৈছে 84 গৰাকী লোকে ৷ তদুপৰি 126 টা ৰাজহ চক্ৰৰ বিপৰীতে বানত বুৰ গৈছে 5,133 খন গাঁও ৷ ৰাজ্যত বানৰ দ্বাৰা প্ৰভাৱিত হৈছে প্ৰায় 54, 42,908 গৰাকী লোক ৷ লগতে 2,50,416.90 হেক্টৰ কৃষি ভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 564 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 1,45,648 গৰাকী বানাক্ৰান্তই ৷ তদুপৰি বান বিধ্বস্ত এলেকাসমূহত এনডিআৰএফ, এছডিআৰএফ বাহিনীৰ লগতে প্ৰতিখন জিলা প্ৰশাসন আৰু স্থানীয় লোকসকলে 374 খন নাও ব্যৱহাৰ কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে 76,709 গৰাকী লোকক ৷ বানৰ কবলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে ৰাজ্যৰ 26 খন জিলাৰ 204 টা মথাউৰিৰ উপৰিও 24 খন জিলাৰ 168 খন দলং ৷ বানে প্ৰায় 30 খন জিলাৰ 1637 টা পথ উটুৱাই নিয়াৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ৷

Assam Flood report update news etv bharat news
বানৰ সমান্তৰালকৈ গৰাখহনীয়াৰ তাণ্ডৱ ৰাজ্যত

ইফালে বানৰ সমান্তৰালকৈ অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ ৷ শোণিতপুৰ, ডিব্ৰুগড়, বৰপেটা, মাজুলী, লখিমপুৰ, ওদালগুৰি, নলবাৰী, চিৰাং, বিশ্বনাথ, বাক্সা, দক্ষিণ শালমাৰা, শিৱসাগৰ, তিনিচুকীয়া, গোলাঘাট, চৰাইদেউ,কোকৰাঝাৰ আৰু বঙাইগাঁৱত ব্যাপক হাৰত অব্যাহত থকা গৰাখহনীয়াই ভাবুকি সৃষ্টি কৰিছে জনজীৱনৰ প্ৰতি ৷

লগতে চাওকঃ সোমবাৰৰ পৰা গুৱাহাটীত আনলক্ ১

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.