নিউজ ডেস্ক,27 জুলাই: ক্ৰমাৎ নিয়ন্ত্ৰণৰ দিশে ৰাজ্যৰ বান পৰিস্থিতি ৷ সোমবাৰৰ দিনটোলৈকে ৰাজ্যৰ 22 খন জিলাত অপৰিৱৰ্তিত হৈ আছে বান ৷ বিগত বৰ্ষৰ তুলনাত এই বৰ্ষত বানে প্ৰভাৱিত কৰে ৰাজ্যৰ প্ৰায় 30 খন জিলা ৷ পৰিস্থিতি কিছু উন্নত হ’লেও বিপদসীমাৰ ওপৰেৰে বৈ আছে মুখ্য নৈ ব্ৰহ্মপুত্ৰ ৷ যোৰহাটৰ নিমাতীঘাট, তেজপুৰ, গোৱালপাৰা, ধুবুৰী আদি এলেকাত বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰ ৷ তদুপৰি নুমলীগড়ত ধনশিৰি, শোণিতপুৰত জীয়া ভৰলী, নগাঁৱত কপিলী,বৰপেটাত বেকী,কৰিমগঞ্জত কুঁশিয়াৰা আদি উপনৈ সমূহৰো জলস্তৰ অপৰিৱৰ্তিত হৈ আছে ৷ ধেমাজি, বিশ্বনাথ, শোণিতপুৰ, চিৰাং, দৰং, বাক্সা, নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ (গ্ৰাম্য), কামৰূপ (মেট্ৰ’), মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ আৰু ডিব্ৰুগড়ত বানে সৰ্বাধিক ক্ষতি কৰাৰ তথ্য প্ৰকাশ কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৷
তদুপৰি 64 টা ৰাজহ চক্ৰত বানত বুৰ গৈছে 2,265 খন গাঁও ৷ ৰাজ্যত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা বৃদ্ধি হৈছে 24,76,431 গৰাকীলৈ ৷ লগতে 1,12,667.06 হেক্টৰ কৃষি ভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 269 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 45,912 গৰাকী বানাক্ৰান্তই ৷ বান বিধ্বস্ত এলেকাসমূহত এনডিআৰএফ, এছডিআৰএফ বাহিনীৰ লগতে স্থানীয় প্ৰশাসনে অবিৰতভাৱে চলাই গৈছে উদ্ধাৰ অভিযান ৷ ইতিমধ্যে বানত প্ৰাণ হেৰুৱাইছে 102 গৰাকী লোকে ৷
ইফালে বানৰ সমান্তৰালকৈ অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ ৷ শোণিতপুৰ, ডিব্ৰুগড়, বৰপেটা, মাজুলী, লখিমপুৰ, ওদালগুৰি, নলবাৰী, চিৰাং, বিশ্বনাথ, বাক্সা, দক্ষিণ শালমাৰা, শিৱসাগৰ, তিনিচুকীয়া, গোলাঘাট কোকৰাঝাৰ, নগাঁও আৰু বঙাইগাঁৱত ব্যাপক হাৰত অব্যাহত আছে গৰাখহনীয়া ৷
লগতে চাওকঃ মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ঐতিহাসিক চতিয়া থানাত