ETV Bharat / state

ৰাজ্যৰ বহুকেইখন জিলা এতিয়াও বাঢ়নী পানীৰ তলত - MORIGAON FLOOD SITUATION

ৰাজ্যৰ ৩৩ খন জিলাৰ ভিতৰত ধেমাজি,বাক্সা,চিৰাং,কোকৰাঝাৰ,কামৰূপ (মহানগৰ) আৰু মৰিগাঁৱৰ বহু অঞ্চল এতিয়া আছে বাঢ়নী পানীৰ তলত। ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও বিভিন্ন নৈপৰীয়া অঞ্চলত তাণ্ডৱ অব্যাহত আছে গৰাখহনীয়াৰ ৷

ৰাজ্যৰ বহুকেইখন জিলা এতিয়াও বাঢ়নী পানীৰ তলত

author img

By

Published : Aug 8, 2020, 1:05 PM IST

গুৱাহাটী, 8 আগষ্টঃ দুমাহতকৈও অধিক সময় ৰাজ্যৰ ২৭ খনকৈ জিলাত বানপানীৰ তাণ্ডৱ চলাৰ পিছত বৰ্তমান ৰাজ্যৰ বান পৰিস্থিতি বহু উন্নত হৈছে । বৰ্তমান ৰাজ্যৰ ৬ খনকৈ জিলাৰ কিছু অঞ্চল বানপানীৰ ফলত প্ৰভাৱিত হৈ আছে । ৰাজ্যৰ শেহতীয়া বান প্ৰভাৱিত জিলা সমূহ হৈছে ধেমাজি,বাক্সা,চিৰাং, কোকৰাঝাৰ,কামৰূপ (মহানগৰ) আৰু মৰিগাঁও জিলা। বান প্ৰভাৱিত ৬ খন জিলাৰ ৬ টাকৈ ৰাজহ চক্ৰৰ ১১২ খন গাঁৱৰ কিছু অঞ্চল বৰ্তমানেও বাঢ়নী পানীত ডুব গৈ আছে। বানৰ ফলত প্ৰভাৱিত হৈ আছে ১০ হাজাৰতকৈও অধিক লোক। বৰ্তমান ৰাজ্যৰ নৈ-উপনৈ সমূহ শান্ত হৈছে আৰু নদীৰ জলস্তৰ হ্ৰাস পাইছে যদিও ব্ৰহ্মপুত্ৰ নদী যোৰহাট জিলাৰ নিমাটিঘাটত বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

ৰাজ্যৰ বহুকেইখন জিলা এতিয়াও বাঢ়নী পানীৰ তলত
ৰাজ্যৰ বানৰ প্ৰকোপ ক্ৰমাৎ নাইকিয়া হৈছে যদিও গৰাখহনীয়া তাণ্ডৱ পূৰ্বৰ দৰে অব্যাহত আছে। বিভিন্ন অঞ্চলত মানুহৰ ঘৰ-দুৱাৰৰ লগতে কৃষিভূমি নদীয়ে বুকুত জাহ যোৱা দেখিবলৈ পোৱা গৈছে। কিছুদিন পূৰ্বে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এখন ইদগাহৰ কিছু অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পিছত শুকুৰবাৰৰ পৰা কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত সোনতলিত মাথাউৰি এটাত খহনীয়া আৰম্ভ হোৱাত অঞ্চলবাসী আতংকিত হৈ পৰিছে।

লগতে চাওকঃ এয়াৰ ইণ্ডিয়াৰ পূৰ্বে MiG-21 ৰ পাইলট আছিল দুৰ্ভগীয়া কেপ্টেইন দীপক ভি. চাথে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.