ETV Bharat / state

PM Fasal Bima Yojana: প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাই স্পৰ্শ কৰিব পৰা নাই অসমৰ সকলো কৃষকক - প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি

২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত ক্ষতিগ্রস্ত কৃষকে বীমাৰ ক্ষতিপূৰণ হিচাপে দাবী কৰা প্ৰায় ১৪৬ কোটি টকাৰ বিপৰীতে লাভ কৰিছে ১২৭ কোটি টকা । চলিত বৰ্ষৰ দুটাকৈ প্ৰলয়ংকৰী বানত ৰাজ্যখনৰ ৩৩খন জিলাৰ আঢ়ৈ লাখ হেক্টৰ কৃষিভূমিৰ শস্য বুৰ গৈছে । অৱশ্য়ে বানাক্ৰান্ত কৃষকৰ ক্ষতিৰ জোৰা মৰাৰ বাবে কৃষি বিভাগে ৰূপায়ণ কৰি আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি (Pradhan Mantri Fachal Bima Yojana)।

t
r
author img

By

Published : Jul 10, 2022, 6:54 PM IST

Updated : Jul 10, 2022, 7:23 PM IST

গুৱাহাটী,১০ জুলাই: দুৰ্যোগৰ সময়ত বানাক্ৰান্ত কৃষক ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ অসম চৰকাৰৰ কৃষি বিভাগে পদক্ষেপ গ্ৰহণ কৰি আহিছে । চলিত বৰ্ষৰ দুটাকৈ প্ৰলয়ংকৰী বানপানীত ৰাজ্যখনৰ ৩৩খন জিলাৰ আঢ়ৈ লাখ হেক্টৰ কৃষিভূমিৰ শস্য বানত বুৰ গৈছে (Flood devastated paddy field of Assam)। সেইবাবে ৰাজ্য়ৰ লাখ লাখ কৃষকৰ এতিয়া হাহাকাৰ অৱস্থা ।

assam
Pradhan Mantri Fasal Bima Yojana: বীমাৰ সুবিধা লাভ কৰা নাই কৃষকে

বানত ক্ষতিগ্রস্ত কৃষক ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ কৃষি বিভাগে ইতিমধ্যে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে । উল্লেখ্য় যে বানপানী, খৰাং, শস্যৰ ৰোগ আদিকে ধৰি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত কেতবোৰ শস্যৰ ক্ষেত্ৰত হোৱা ক্ষতিৰ বিপৰীতে ফচল বীমা আঁচনিৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা নামৰ কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিখন ৰূপায়ণ কৰি আছে (Pradhan Mantri Fachal Bima Yojana)।

অসমত এই যোজনাখনৰ অধীনত খাৰিফ শস্য হিচাপে মাটিমাহ, শালি ধান আৰু ৰবি বতৰৰ শস্য হিচাপে গ্ৰীষ্মকালীন ধান, আলু, কুঁহিয়াৰ আৰু সৰিয়হ সামৰি লোৱা হৈছে ।

উক্ত আঁচনিৰ অধীনত কৰা শস্যৰ বীমাৰ অধীনত খাৰিফ শস্যৰ ক্ষেত্ৰত কৃষকসকলে বীমাৰ ধনৰাশি বিপৰীতে ২ শতাংশ প্ৰিমিয়াম দিব লাগে । আনহাতে, ৰবি শস্যৰ ক্ষেত্ৰত প্ৰিমিয়ামৰ পৰিমান ১.৫ শতাংশ । বছৰেকীয়া বাণিজ্যিক শস্য আৰু উদ্যান শস্যৰ খেতিৰ বীমাৰ ক্ষেত্ৰত কৃষকে মাত্ৰ ৫ শতাংশ প্ৰিমিয়াম দিব লাগে । এই শস্য বীমাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা আগবঢ়াবলগীয়া ৰাজসাহায্যৰ কোনো উচ্চ সীমা নাথাকে । কৃষকে দিয়া প্ৰিমিয়ামৰ পাছত বাকী থকা প্ৰিমিয়ামৰ পৰিমাণ যদি ১০ শতাংশ হয় সেয়া চৰকাৰে পৰিশোধ কৰে ।

উল্লেখ্য় যে, প্রধানমন্ত্রী ফচল বীমা যোজনাৰ অধীনত ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত ক্ষতিগ্রস্ত কৃষকে ক্ষতিপূৰণ হিচাপে দাবী কৰা প্ৰায় ১৪৬ কোটি টকাৰ বিপৰীতে মুঠ ১২৭ কোটি টকা কৃষকৰ বেংক একাউণ্টত জমা হৈছে । ইয়াৰ জৰিয়তে ৰাজ্যখনৰ ২,২৬,৩৭৭ গৰাকী কৃষক উপকৃত হৈছে । অৱশ্যে এই আঁচনিখন অসমত এতিয়াও বিশেষভাৱে সফল হোৱা নাই ।

প্ৰত্যেক বছৰে প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যৰ বিশাল শস্যভূমি ক্ষতিগ্ৰস্ত হয় যদিও সেই অনুপাতে বীমাৰ সুবিধা লাভ কৰা নাই কৃষকে । এতিয়াও বিভিন্ন কাৰণত আঁচনিখনৰ সুবিধা লাভৰ বাবে আগবাঢ়ি অহা নাই কৃষক ৰাইজ । এক কথাত ক'বলৈ গ'লে প্রধানমন্ত্রী ফচল বীমা যোজনাই স্পৰ্শ কৰিব পৰা নাই অসমৰ কৃষকক ।

ইফালে,ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু দুর্যোগ ব্যৱস্থাপনা আঁচনিৰ অধীনত ৰাজ্যখনৰ ৩৩ খন জিলাত স্থাপন কৰা সমূহীয়া কঠীয়াতলীৰ জৰিয়তে ২২,৩৩৮ হেক্টৰ কৃষিভূমিত শালি ধান খেতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Rashtriya Krishi Vikas Yojana)। এই আঁচনি দুখনৰ জৰিয়তে ৫৪,৩৮০ টা কৃষকৰ পৰিয়াল উপকৃত হ'ব ।

আনহাতে, অধিক উৎপাদনক্ষম জাতৰ ধানৰ বীজ বিতৰণৰ ব্যৱস্থা কৰা হৈছে । ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, দুর্যোগ ব্যৱস্থাপনা আঁচনি আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ জৰিয়তে মুঠ ৭২,০১৬ হেক্টৰ কৃষিভূমিত শালি ধানৰ খেতি কৰিব পৰাকৈ ২৮,৮০৬ কুইণ্টল অধিক উৎপাদনক্ষম জাতৰ ধানৰ বীজ বিতৰণৰ কাম ৰাজ্যত অব্য়াহত আছে (National Food Security Mission)।

ইয়াৰ জৰিয়তে ৰাজ্যখনৰ ১,৪৬,৬১৫টা কৃষক পৰিয়াল উপকৃত হ'ব । সেইদৰে বানাক্ৰান্ত কৃষকৰ ক্ষতিৰ জোৰা মৰাৰ উদ্দেশ্যে অহা ৰবি বতৰৰ গ্ৰীষ্মকালীন ধান, মাকৈ, মাহজাতীয় শস্য, তেলজাতীয় শস্য, বিভিন্ন মছলাজাতীয় শস্য, আলু, শাক-পাচলি আদি বিভিন্ন শস্যৰ বীজ যোগান ধৰিবলৈ বিস্তৃত আঁচনি যুগুট কৰিছে কৃষি বিভাগে ।

লগতে পঢ়ক:etv comment image Thumbnail image অসম-অৰুণাচলৰ সীমা বিবাদ : শীঘ্ৰেই অনুষ্ঠিত হ'ব মুখ্যমন্ত্রী পৰ্যায়ৰ দ্বিতীয়খন বৈঠক

Last Updated : Jul 10, 2022, 7:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.