ETV Bharat / state

Sukapha Divas Celebration: নতুন দিল্লীত সৰ্বানন্দ সোণোৱালৰ চৰকাৰী আৱাসত অসম দিৱস উদযাপন - Union Minister Sarbananda Sonowal

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী আৱাসত অসম দিৱস উদযাপন(Assam Day celebration in Delhi) । মহান স্বৰ্গদেউ চাওলুং চ্যু-কা-ফাই বৰ অসমৰ ভেটি গঢ়ি যোৱাৰ বাবেই বৃহত্তৰ অসমীয়া জাতিয়ে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বুকুত শক্তিশালী ৰূপত পৰিচয় দিব পাৰিছোঁ বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ।

Assam Day celebration in Delhi
কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী আৱাসত অসম দিৱস উদযাপন
author img

By

Published : Dec 3, 2022, 8:03 AM IST

গুৱাহাটী,২ ডিচেম্বৰ: অসম দিৱস উপলক্ষে শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নতুন দিল্লীস্থিত চৰকাৰী বাসভৱনত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়(Assam Day celebration in Delhi) । আহোম স্বৰ্গদেউ চাওলুং চ্যু-কা-ফাৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জনাই কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয় যে চাওলুং চ্যু-কা-ফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ পাতনি মেলিছিল(Sarbananda Sonowal attends Assam Day in Delhi) ।

পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে 'অসম দিৱস' উদযাপন কৰি অহা হৈছে । বৰ অসমৰ ভেটি গঢ়ি মহান স্বৰ্গদেউ চাওলুং চ্যু-কা-ফাই বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াক সবল ৰূপ প্রদানেৰে মহৎ কাৰ্য সিদ্ধি কৰিছিল বুলি তেওঁ সদৰি কৰে । ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউজনাই সাতৰাজ সামৰি একৰাজ কৰি শান্তি-সম্প্ৰীতিপূৰ্ণ আৰু ঐক্যবদ্ধ সমাজ গঢ়াৰ নিদৰ্শন দেখুৱাই থৈ গৈছে(Union Minister Sonowal comments on Sukapha) ।

কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী আৱাসত অসম দিৱস উদযাপন

স্বৰ্গদেউ চাওলুং চ্যু-কা-ফা প্রকৃতার্থতে সমন্বয়, সুশাসন, সাহস আৰু সৌম্যতাৰ প্রতীক বুলি তেওঁ ভাষণত উল্লেখ কৰে । তেওঁ লগতে কয় যে স্বৰ্গদেৱে বৰ অসমৰ ভেটি সুদৃঢ় কৰাৰ বাবেই বৰ্তমান বৃহত্তৰ অসমীয়া জাতিয়ে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বুকুত শক্তিশালী ৰূপত পৰিচয় দিব পাৰিছে । দেশৰ আগন্তুক অমৃতকালৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাৰ দিশত চাওলুং চ্যু-কা-ফাৰ আত্মনিৰ্ভৰশীল সমাজ গঢ়াৰ সেই নিদর্শনে সকলোকে নিশ্চয়কৈ অনুপ্রাণিত কৰি যাব বুলি তেওঁ উল্লেখ কৰে(Union Minister Sarbananda Sonowal) ।

তেওঁ লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্রয়াস' নীতিৰে যিদৰে সৰ্বস্তৰৰ লোকৰে কল্যাণ সাধন কৰি আৰু সকলোকে লগত লৈ আগবাঢ়িছে, সেই মহৎ যাত্ৰাত স্বৰ্গদেউ চাওলুং ছ্যুকাফা প্ৰেৰণাৰ প্ৰতীক হৈ থাকিব, কিয়নো স্বৰ্গদেউজনায়ো সকলো জাতি-জনগোষ্ঠী, সৰ্বস্তৰৰ লোকক লগত লৈ বৰ অসমৰ ভেটি সুদৃঢ় কৰিছিল ।

তেওঁ কয় যে ২০১৪ চনৰ পৰা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মার্গ দর্শন মর্মে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে । অনুষ্ঠানত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচার্য শান্তিশ্রী ধূলিপুড়ি পণ্ডিতে ভাৰতৰ গৌৰৱোজ্জ্বল ৰাজবংশসমূহৰ সন্দৰ্ভত আলোকপাত কৰে । তেওঁ আহোম, চোল, মৌৰ্য আৰু অন্যান্য ৰাজবংশৰ ৰাজত্বৰ বিষয়ে উল্লেখ কৰি কয় যে ভাৰতৰ অন্যতম আগশাৰীৰ বিশ্ববিদ্যালয় হিচাপে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাসক আলোকপাত কৰাত অৰিহণা যোগাব ।

প্রখ্যাত ইতিহাসবিদ হিন্দোল সেনগুপ্তই ভাৰতীয় ইতিহাসৰ বিকৃতকৰণৰ সন্দৰ্ভত আলোকপাত কৰি কয় যে বহিৰাগত, ভাৰত বিৰোধী আৰু কিছু অপশক্তিয়ে ষড়যন্ত্র কৰি ভাৰতৰ বহু সাহসী ৰজা তথা যোদ্ধাৰ নাম আৰু ৰাজত্বৰ বৰ্ণিল ইতিহাস অৱদমন কৰি ৰাখিছিল । তেওঁ সেই গৌৰৱোজ্জ্বল ইতিহাসক জগাই তোলাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতীয়সকলে তেওঁলোকৰ বিজয়ৰ বিষয়ে পঢ়িব পাৰিব লাগিব ।

অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ অধ্যাপক কপিল কাপুৰ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(Jawaharlal Nehru University)ৰ অধ্যাপক বিনয় কুমাৰ ৰাও আদিয়ে স্বৰ্গদেউ চাওলুং চ্যু-কা-ফা আৰু আহোম ৰাজত্বৰ শৌর্য-বীৰ্য, পৰাক্ৰম আৰু গুণ-গৰিমা সন্দৰ্ভত আলোকপাত কৰে । অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিশিষ্ট শিক্ষাবিদ অধ্যাপক কপিল কাপুৰ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক বিনয় কুমাৰ ৰাও, দিল্লী বিশ্ববিদ্যালয়ৰ কেইবাগৰাকী অধ্যাপকৰ উপৰি অসম এছ'চিয়েচনৰ নয়দা, গুৰগাঁও, দিল্লীৰ প্ৰতিনিধিসকলৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক: Lurinjyoti Gogoi reacts on Sukapha Maidam: চ্যুকাফাৰ সমাধিস্থল সংৰক্ষণ কৰিব নোৱাৰাত চৰকাৰক সমালোচনা লুৰীণৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.