গুৱাহাটী, 12 ছেপ্টেম্বৰ : ক'ভিড প্ৰতিষেধকৰে ৰাজ্যবাসীক ক'ভিড সুৰক্ষা কবচ প্ৰদানৰ দিশত ৰাজ্য চৰকাৰে অব্যাহত ৰখা অভিযানে এক উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হ'ল । ৰাজ্যবাসীৰ মাজত ২ কোটি পালি ক'ভিড প্ৰতিষেধক প্ৰদানৰ সীমা অতিক্ৰম কৰিলে ৰাজ্যত চলি থকা ক'ভিড প্ৰতিষেধক অভিযানে । ক'ভিড প্ৰতিষেধক অভিযানৰ অধীনত অসমত এতিয়ালৈকে ২,০০,০২,৬৫৯ গৰাকী লোকক ক'ভিড প্ৰতিষেধক দিবলৈ সক্ষম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ।
![helth deparment og assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-20-million-vaccination-assam-7209925_12092021123804_1209f_1631430484_201.jpg)
ইয়াৰে ১,৬৩,৩১,৯৮৭ গৰাকী লোকক প্ৰথম পালি আৰু ৩৬,৭০,৬৬৯ গৰাকী লোকক দ্বিতীয় পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । উল্লেখ্য যে, দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো ১৬ জানুৱাৰীত ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হোৱাৰ পাচত যোৱা ২৭ জুলাইত ১ কোটি পালি প্ৰতিষেধক প্ৰদানৰ সফলতা অৰ্জন কৰিবলৈ হৈছিল ৰাজ্যৰ স্বাস্থ্য বিভাগ । আনহাতে, ২৮ জুলাইৰ পৰা শনিবাৰে সন্ধিয়ালৈকে ৪৬ দিনৰ ভিতৰতে আৰু এক কোটি লোকক ক'ভিড প্ৰতিষেধক প্ৰদানত সফলতাৰে মুঠ ২ কোটি পালি প্ৰতিষেধকৰ সীমাও অতিক্ৰম কৰিলে স্বাস্থ্য বিভাগে ।
![helth deparment og assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-20-million-vaccination-assam-7209925_12092021123804_1209f_1631430484_708.jpg)
এই সফলতাৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনোৱাৰ লগতে এ এন এম তথা স্বাস্থ্যকৰ্মীসকলক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ধন্যবাদ জনাইছে ।
লগতে পঢ়ক: ক'ভিড-১৯ সম্পৰ্কীয় দেশৰ শেহতীয়া তথ্য
স্বাস্থ্যমন্ত্ৰী মহন্তই এক বাৰ্তাত উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দিক-দৰ্শনত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যবাসীক ক'ভিড অতিমাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ চলাই থকা ক'ভিড প্ৰতিষেধক অভিযানে আন এক মহত্বপূৰ্ণ সফলতা লাভ কৰিলে ৷ ৰাজ্যবাসীৰ ব্যাপক সঁহাৰিৰ বাবেই অসমে ২ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । ৰাজ্যবাসীৰ মাজত ক'ভিড প্ৰতিষেধক প্ৰদানত মূল ভূমিকা লোৱা প্ৰতিগৰাকী এ এন এম তথা স্বাস্থ্যকৰ্মী, আশাকৰ্মী, গাঁওবুঢ়া, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকললৈ ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা স্বাস্থ্যমন্ত্ৰীয়ে বিশেষ ভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে ।
![helth deparment og assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-20-million-vaccination-assam-7209925_12092021123804_1209f_1631430484_944.jpg)
জিলাসমূহত এই ক'ভিড প্ৰতিষেধক অভিযান নিয়াৰিকৈ তদাৰক কৰাৰ বাবে জিলা প্ৰশাসনসমূহলৈয়ো ধন্যবাদ জনাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোৰে বাবে বিনামূলীয়া ক'ভিড প্ৰতিষেধক প্ৰদানৰ সুবিধা আগবঢ়োৱাৰ লগতে অসমলৈ বিশেষ উদ্যোগ লৈ ক'ভিড প্ৰতিষেধক প্ৰেৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়াৰ প্ৰতি স্বাস্থ্যমন্ত্ৰী মহন্তই ৰাজ্যবাসীৰ হৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে ।
লগতে পঢ়ক: ত্ৰিপুৰাত ক’ভিড 19 ৰ প্ৰথম পালি টীকাকৰণ সম্পন্ন
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোৰে বাবে বিনামূলীয়া প্ৰতিষেধক মুকলিৰ সিদ্ধান্ত লোৱাৰ পাচতে ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমত ২১ জুনৰ পৰা ক'ভিড প্ৰতিষেধক অভিযান জোৰদাৰ কৰি তোলিছিল ৷ সেই মতে ৰাজ্যত আৰম্ভণিৰ পৰা আজিলৈকে স্বাস্থ্যকৰ্মীসকলৰ মাজত মুঠ ৩,৯৫,৬৩৪ পালি, আৰক্ষীসহ ফ্ৰণ্টলাইন ৱৰ্কাৰৰ মাজত মুঠ ৮,১১,৯২৯ পালি, ১৮ বছৰৰ ঊৰ্দ্ধৰ পৰা ৪৫ বছৰৰ অনুৰ্দ্ধৰ মাজত ১,০৯,১৯,৫৫৩ পালি, ৪৫ বছৰৰ পৰা ৬০ বছৰ অনুৰ্দ্ধৰ লোকৰ মাজত ৫৩,৩১,০০২ পালি আৰু ৬০ বছৰৰ ঊৰ্দ্ধৰ লোকৰ মাজত ২৫,৪৪,৯১৯ পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰিছে স্বাস্থ্য বিভাগে ।
![helth deparment og assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-20-million-vaccination-assam-7209925_12092021123804_1209f_1631430484_815.jpg)
ইফালে ১৩ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত দৈনিক গড়ে ৪ লাখ গৰাকীকৈ লোকক ক'ভিড প্ৰতিষেধক প্ৰদানৰ লগতে কেইবাখনো জিলাত ভ্ৰাম্যমান ক'ভিড প্ৰতিষেধক প্ৰদান বাহনৰ জৰিয়তে চুবুৰীয়ে চুবুৰীয়ে গৈ ৰাইজক প্ৰতিষেধক দিয়াৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে । ৰাজ্যৰ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলো লোককে ১৫ অক্টোবৰৰ পূৰ্বেই প্ৰথম পালি ক'ভিড প্ৰতিষেধক দি সম্পূৰ্ণ কৰিব পৰা যাব বুলিও বিভাগটোৱে আশা কৰিছে ।
![helth deparment og assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-20-million-vaccination-assam-7209925_12092021123804_1209f_1631430484_239.jpg)
উল্লেখ যে, বিগত ২৪ ঘণ্টাত অসমত নতুনকৈ ৪৯৯ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । এই সময়চোৱাত ৰাজ্যৰ ৭১৬৩৮ গৰাকী লোকৰ ক'ভিড টেষ্ট কৰা হৈছিল । আক্ৰান্তৰ হাৰ ০.৭০ শতাংশ । আক্ৰান্তৰ ১৩৩ গৰাকী কামৰূপ মহানগৰ জিলাৰ । ইফালে বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ'ণাত আক্ৰান্ত হৈ ৮ গৰাকী লোকৰ মৃত্যু হয় । অসমত বৰ্তমান আৰোগ্যৰ হাৰ ৯৮.০৪ শতাংশ ।
লগতে পঢ়ক: জনা নজনা: বিশ্বৰ আটাইতকৈ ওখ মন্দিৰটো