গুৱাহাটী, ১০ ফেব্ৰুৱাৰীঃ বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিবেশন । সংসদীয় পৰম্পৰা অনুসৰিয়েই অধিবেশনৰ পূৰ্বে বুধবাৰে সন্ধিয়া জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হয় মন্ত্ৰী পৰিষদৰ এখন বৈঠক । এই বৈঠকতে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।
সেই অনুসৰি ৰাজ্যৰ পৌৰসভা সমূহত সেৱা আগবঢ়াই অহা ১৬৫৩ গৰাকী কৰ্মচাৰীক ঠিকাভিত্তিক নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰী পৰিষদে । এই কৰ্মচাৰী সকলক নগৰ উন্নয়ন বিভাগৰ কৰ্মচাৰী হিচাপে গণ্য কৰা হ'ব । সেইদৰে গুৱাহাটী প্ৰেছ ক্লাৱলৈ তিনি কঠা মাটি, কৰুণাধাৰালৈ গুৱাহাটীত দুই বিঘা, জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদলৈ গুৱাহাটীত এবিঘা, অসম অনুসূচিত জাতি চাফাই কৰ্মচাৰী পৰিষদলৈ ৰঙিয়াত পাঁচ বিঘা মাটি আৱণ্টন দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।
আনহাতে, ডিব্ৰুগড়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নতুন চৌহদ নিৰ্মাণ আৰু গড়কাপ্তানি বিভাগৰ নতুন নাম "লোকনিৰ্মাণ বিভাগ" ৰখাৰ সিদ্ধান্ত ক্ষেত্ৰতো আজিৰ বৈঠকে অনুমোদন জনায় । ৰাজ্যৰ বাবে এখন নতুন "চাইবাৰ চিকিউৰিটি পলিচি" গ্ৰহণ কৰাৰো সিদ্ধান্ত লোৱা হয় । লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি বুটলিবলৈ সক্ষম হোৱা হিমা দাসক অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি দিবলৈ মন্ত্ৰী পৰিষদৰ বৈঠকে সিদ্ধান্ত লয় । অনুৰূপভাবে অলিম্পিক, এছিয়ান গেমছ, কমনৱেল্থ গেমছ আদিত মেডেলপ্ৰাপক অসমৰ খেলুৱৈয়ে অসম চৰকাৰৰ প্ৰথম শ্ৰেণীৰ আৰু বিশ্ব চেম্পিয়নশ্বিপ (চিনিয়ৰ)ত মেডেল লাভ কৰা অসমৰ খেলুৱৈয়ে চৰকাৰৰ দ্বিতীয় শ্ৰেণীৰ পদবীত নিযুক্তি লাভ কৰিব ।
আজিৰ বৈঠকে বড়োলেণ্ড আৰু ষষ্ঠ অনুসূচী অঞ্চলৰ বাবে প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয় গঠন কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰে । আন এক সিদ্ধান্ত মৰ্মে অসম চৰকাৰৰ পাৰ্বত্য অঞ্চল বিভাগৰ নতুন নাম 'অসম ষষ্ঠ অনুসূচী পৰিষদ বিভাগ' ৰখা হয় । ২০২১ৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈ অসমৰ প্ৰতিটো পৰিয়াললৈ মাহে ৩০ ইউনিটকৈ বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰাৰ সিদ্ধান্ততো মন্ত্ৰী পৰিষদৰ বৈঠকে আজি অনুমোদন জনায় ।
সামন্তৰালভাৱে বৰাক উপত্যকাত স্থাপন কৰা মিনি সচিবালয়ত ছটা বিভাগ ক্ৰমে কৰ্মচাৰী, ৰাজহ আৰু দূৰ্যোগ ব্যৱস্থাপনা, সাধাৰণ প্ৰশাসন, কৃষি, মৎস্যপালন আৰু পশুপালনৰ কামকাজ আৰম্ভ কৰাৰ সিদ্ধান্তত আজিৰ বৈঠকে অনুমোদন জনায় ।
লগতে পঢ়ক : লক্ষ্য নিৰ্বাচন: অমিত শ্বাহ বৈঠকত মিলিত হ’ব কোচ ৰাজবংশৰ উত্তৰাধিকাৰীৰ সৈতে