ETV Bharat / state

অসমত কৰ‘ণা ভাইৰাছৰ শেহতীয়া তথ্য

author img

By

Published : Jul 20, 2020, 4:02 AM IST

দেওবাৰৰ দিনটোত অসমত নতুনকৈ চিনাক্ত হয় 1018 গৰাকী ক’ভিড 19 আক্ৰান্ত লোক ৷ বিগত 24 ঘ’ণ্টাত মৃত্যু হয় 4 গৰাকী লোকৰ ৷ বৰ্তমানলৈ অসমত এই মহামাৰীত মৃত্যু হোৱা লোকৰ সংখ্যা 57 ৷

Assam Corona Update
অসমত কৰ‘ণা ভাইৰাছৰ শেহতীয়া তথ্য

নিউজ ডেস্ক, 20 জুলাইঃ 19 জুলাইৰ দিনটোত অসমত মৃত্যু হয় মুঠ চাৰিজনকৈ কৰ’ণা আক্ৰান্ত লোকৰ ৷ ইয়াৰ ফলত অসমত ক’ভিড 19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 57 গৰাকীলৈ বৃদ্ধি পালে ৷

ইপিনে প্ৰতিদিনে অসমত নতুনকৈ এহেজাৰৰো অধিক ৰোগী চিনাক্ত হোৱাৰ ধাৰা দেওবাৰৰ দিনটোতো অক্ষুণ্ণ থাকে ৷ দেওবাৰে অসমত নতুনকৈ 1018 গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিড 19 ৷ অৱশ্যে এই সংখ্যা কালি অৰ্থাৎ 18 জুলাইৰ আক্ৰান্তৰ সংখ্যাতকৈ 99 কম ৷ 19 জুলাইৰ দিনটোত অসমত মুঠ আক্ৰান্তৰ সংখ্যা 23,999 গৰাকীলৈ বৃদ্ধি পালে ৷ উল্লেখ্য যে, দেওবাৰে চিনাক্ত হোৱা আক্ৰান্ত লোকসকলৰ ভিতৰত গুৱাহাটী মহানগৰীত 577 গৰাকী লোক চিনাক্ত হৈছে , যাৰ সংখ্যা কালিৰ দিনটোতকৈ অধিক ৷

  • 📌Alert ~ 1018 new #COVID19 ve+ patients reported in Assam today, with 577 cases from Guwahati City alone.

    Important to follow containment measures.

    ↗️Total cases 23999
    ↗️Recovered 16023
    ↗️Active cases 7916
    ↗️Deaths 57

    11:55 PM/July 19/Day's total 1018#AssamCovidCount pic.twitter.com/XaqhzxEhAF

    — Himanta Biswa Sarma (@himantabiswa) July 19, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইপিনে দেওবাৰৰ দিনটোত সুস্থ হৈ উঠিছে 858 গৰাকী লোক ৷ বৰ্তমনলৈ অসমত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা 16,023 গৰাকীলৈ বৃদ্ধি পাইছে ৷ অৱশ্য বৰ্তমানেও 7916 গৰাকী লোক চিকিৎসাধীন হৈ আছে ৷

ইতিমধ্যে অসম চৰকাৰে মহামাৰীত আক্ৰান্ত হোৱা জটিল অৱস্থাৰ ৰোগী সকলক চিকিৎসাৰ বাবে প্লাজমা থেৰাপী দিয়াৰ ব্যৱস্থা কৰিছে ৷ সেয়ে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে আৰোগ্য হৈ উঠা যোগ্য ৰোগী সকলক প্লাজমা প্ৰদানৰ বাবে কৰযোৰে অনুৰোধ জনাইছে ৷

  • The upsurge of COVID in #Assam is fairly new and as such we don't have many eligible plasma donors. Therefore, I appeal to all eligible donors from all over India to come to Assam and donate plasma. You'll be our esteemed state guest and your travel & stay will be taken care of. pic.twitter.com/sJ165oT4wU

কৰ’ণা ভাইৰাছত আক্ৰান্তৰ ক্ষেত্ৰত জিলা সমূহৰ ভিতৰত প্ৰথম স্থানত আছে কামৰূপ মহানগৰ জিলা আৰু দ্বিতীয় স্থানত আছে গোলাঘাট জিলা ৷ গুৱাহাটীত আক্ৰান্তৰ সীমাই সাতহাজাৰৰ সীমা অতিক্ৰম কৰিছে ৷ উল্লেখ্য যে, গুৱাহাটী মহানগৰীত গণ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা লক ডাউন আজিৰ পৰা সামৰণি পৰিব ৷

লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত সোণাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.