ETV Bharat / state

Congress react on NRC: এন আৰ চিক লৈ অসমৰ ৰাইজক ৰাম-ঠগন দিলে বিজেপি চৰকাৰে : প্ৰদেশ কংগ্ৰেছ

author img

By

Published : Oct 20, 2022, 3:17 PM IST

এন আৰ চি আৰু নিবনুৱা সমস্যাক লৈ সংবাদমেলত (Congress react on NRC) সৰৱ প্রাক্তন সাংসদ তথা প্রদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মা । অবৈধ ‘হিন্দু বাংলাদেশী’ নাগৰিকক ভাৰতীয়কৰণ কৰাৰ গোপন এজেণ্ডাত আউল লগাৰ বাবেই নসাৎ কৰা হ'ল এন আৰ চি । লগতে ক’লে, অসমৰ নিবনুৱাক লৈ চূড়ান্ত হেতালি খেলিছে বিজেপি চৰকাৰে । আনহাতে, পিছ দুৱাৰেদি পচন্দৰ প্ৰাৰ্থীক চাকৰি দিয়াৰ বাবেই চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ৫ নম্বৰৰ মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে (Assam Congress slams BJP led Assam government) ।

Congress react on NRC
এন আৰ চিক লৈ ৰাইজক ঠগন দিলে চৰকাৰে : কংগ্ৰেছ

গুৱাহাটী,২০ অক্টোবৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিক (NRC) লৈ অসমৰ ৰাইজক ৰাম-ঠগন দিলে বিজেপি চৰকাৰে । ১৬০০ কোটিৰো অধিক ধন ব্যয় কৰি হেজাৰ হেজাৰ চৰকাৰী কৰ্মচাৰীয়ে অশেষ কষ্ট স্বীকাৰ কৰি প্ৰস্তুত কৰি উলিওৱা আৰু এন আৰ চিৰ নামত অসমৰ ৰাইজে অনেক কষ্ট আৰু হাৰাশাস্তি খোৱাৰ অন্তত এতিয়া বিজেপি চৰকাৰে সেই এন আৰ চিক ধোঁৱাচাঙত তুলিলে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত বৃহস্পতিবাৰে আয়োজন (press conference of Congress at Guwahati) কৰা এখন সংবাদমেলত প্রাক্তন সাংসদ তথা প্রদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মাই (Pradesh Congress vice president) এন আৰ চি প্ৰসংগত সৰৱ হৈ পৰে । তেওঁ কয় যে ২০১৯ চনৰ আগষ্টত চূড়ান্ত এন আৰ চি প্রকাশ পোৱাৰ পিছত বিগত তিনি বছৰে এন আৰ চিক লৈ একপ্ৰকাৰ সম্পূৰ্ণ নির্লিপ্ত ভূমিকা গ্ৰহণ কৰি থাকিল বিজেপি নেতৃত্বাধীন চৰকাৰে ।

তেওঁ পুনৰ কয় যে ধৰ্মৰ ভিত্তিত অবৈধ ‘হিন্দু বাংলাদেশী’ নাগৰিকক ভাৰতীয়কৰণ কৰাৰ বিজেপি দলৰ গোপন এজেণ্ডাত আউল লগাৰ বাবেই এন আৰ চিক নস্যাৎ কৰা হ'ল । এই কাৰ্য অসমৰ ৰাইজৰ প্ৰতি চৰম অপমান আৰু চূড়ান্ত পদাঘাত বুলিও প্রদেশ কংগ্ৰেছৰ উপ-সভাপতিগৰাকীয়ে কয় । তেওঁ লগতে কয় যে এখন শুদ্ধ, নিখুঁত আৰু সকলো বৈধ ভাৰতীয় নাগৰিকৰ নাম সন্নিবিষ্ট এন আৰ চি প্ৰস্তুতৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে সম্পূর্ণ ওলোটা খৰ মাৰি অসমৰ ৰাইজক প্ৰতাৰণা কৰিলে ।

আনহাতে এন আৰ চিৰ পৰা নাম বাদ পৰা ১৯ লাখ মানুহক নিজৰ নাগৰিকত্ব প্ৰমাণৰ সুবিধা দি ন্যায়াধিকৰণত আপীল কৰাৰ সুযোগ পাবলৈ প্ৰয়োজনীয় ‘ৰিজেকচন শ্লিপ’ (Rejection Slip of NRC) আজিলৈকে এজনকো দিয়া নহ'ল বুলিও তেওঁ মন্তব্য় কৰি কয় যে ইয়াৰ উত্তৰ অসমৰ ৰাইজক বিজেপি চৰকাৰে দিব লাগিব । এন আৰ চিৰ নামত এতিয়া এটা কেৱল উদং কাৰ্যালয় ভৱন থিয় হৈ আছে, যিটোৱে বিজেপি চৰকাৰৰ প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ স্বাক্ষৰ বহন কৰিছে বুলি তেওঁ কয়।
ইপিনে,নিবনুৱা সমস্যাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে অসমৰ নিবনুৱা সকলক লৈ চূড়ান্ত হেতালি খেলিছে বিজেপি চৰকাৰে । প্ৰতি বছৰে হতাশগ্রস্ত অসমৰ হেজাৰ হেজাৰ নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপনৰ আশাত বহিঃৰাজ্যলৈ ঢাপলি মেলিব লগা গৈছে । আনকি বিগত দুটা বছৰত শ শ যুৱকে সংস্থাপনহীনতাত ভুগি বিদ্রোহী সংগঠনত যোগদান কৰাৰ কথাও প্রকাশ পাই আহিছে ।

তেওং কয় যে কোটি কোটি টকা ৰাজহুৱা ধন ব্যয় কৰি ধুমধামেৰে 'এডভান্টেজ আছাম’ (Advantage Assam) অনুষ্ঠিত কৰি বিদেশী বিনিয়োগকাৰী অসমলৈ আহি উদ্যোগ স্থাপন কৰিব আৰু অসমৰ যুৱক-যুৱতীৰ সংস্থাপনৰ বাট মুকলি হ'ব বুলি অসমবাসীক অলীক সপোন দেখুওৱা চৰকাৰৰ সেই সকলো ঘোষণা অন্তঃসাৰশূন্য বুলি ইতিমধ্যে প্রমাণ হ'ল । এটা উদ্যোগো বিজেপিৰ ছবছৰীয়া শাসনকালত অসমত স্থাপন নহ'ল । নিজা সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱত আজি ৰাজ্যৰ উদ্যোগ খণ্ড এক পঁয়ালগা অৱস্থালৈ পর্যবসিত হ'ল ।

চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ তেওঁ কয় যে প্ৰতিবছৰে ১ লাখকৈ নিবনুৱাক সংস্থাপিত কৰা হ'ব বুলি বৰ্তমানৰ মুখ্যমন্ত্রীজনে ৰাজহুৱা ঘোষণা কৰা আজি প্ৰায় ডেৰ বছৰ পাৰ হ'ল । এতিয়ালৈ ৫০ হাজাৰো নিযুক্তি দিব নোৱাৰিলে । প্রদেশ কংগ্ৰেছে অসম চৰকাৰক অসমৰ জ্বলন্ত সমস্যা সমূহক লৈ ল’ৰা ধেমালি নকৰিবলৈ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ ৰাজনীতি নকৰিবলৈ সতৰ্ক কৰি দিয়া বুলিও তেওঁ কয় ।

আনহাতে, চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰসংগত তেওঁ কয় যে ইয়াৰ অন্তৰালত নিশ্চয় কিবা ৰহস্য আছে। পিছ দুৱাৰেদি পচন্দৰ প্ৰাৰ্থীক চাকৰি দিয়াৰ বাবেই এনেদৰে ৫ নম্বৰৰ মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কৌশল কৰা হৈছে বুলি তেওঁ অভিযোগ কৰে । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:Pijush slams Cong and AIUDF: মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু AIUDF চৰিত্ৰহীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.