ETV Bharat / state

Budget 2023 : অমৃতৰ নামত দেশবাসীক বিষপান কৰোৱাৰ পৰিকল্পনা: প্ৰদেশ কংগ্ৰেছ - APCC president Bhupen Borah

বুধবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজটৰ (Budget 2023) পাছতে ভিন্ন মহলসত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছে এই বাজেটক নিৰ্বাচনমুখী আখ্যা দিছে ৷ অসম প্ৰদেশ কংগ্ৰেছে কয় যে অমৃত কালৰ নামত দেশবাসীক বিষপান কৰোৱাৰ পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে ৷

Budget 2023
২০২৩-২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট
author img

By

Published : Feb 1, 2023, 8:11 PM IST

গুৱাহাটী, 1 ফেব্ৰুৱাৰীঃ ‘অমৃত কাল’ৰ (Amrit kaal) নামত দেশবাসীক বিষপান কৰোৱাৰ পৰিকল্পনা কৰিছে বিজেপি চৰকাৰে । কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত আজি দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট (Budget 2023) সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে ৷

প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই (Manjit Mahanta APCC) বাজেট সন্দৰ্ভত দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এইখন এখন নিৰ্বাচনকেন্দ্ৰিক বাজেট ৷ দেশবাসীক এফালে মন ভাললগা কথা কৈ পিছফালৰ পৰা লুট-পাতৰ পৰিকল্পনা কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰৰ এই বাজেটে ৷

কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণাংগ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছে কয় যে ইউ পি এ চৰকাৰৰ দিনত নিবনুৱাৰ হাৰ আছিল ২.২ শতাংশ ৷ আজি সেই হাৰ ৮ শতাংশৰ ওপৰলৈ গ’ল ৷ অৰ্থাৎ দেশৰ ৩৫ কোটিৰো অধিক যুৱক-যুৱতীয়ে কৰ্ম-সংস্থাপনৰ অভাৱত ভূগিছে ৷

মোডী চৰকাৰে বিগত ৯ টা বছৰত ১৮ কোটি যুৱক-যুৱতীক কর্ম-সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । ইয়াৰ বিপৰীতে মোদী চৰকাৰে ১ কোটি চাকৰিয়ালক কর্ম-সংস্থাপনহীন কৰিলে । চৰকাৰী বিভাগ আৰু বিভিন্ন মন্ত্ৰণালয়ত ৩০ লাখ পদ আজিও খালী হৈ আছে । মোদী চৰকাৰে ইয়াৰ বিপৰীতে কেইখনমান নিযুক্তিপত্ৰ বিতৰণ কৰি বাহ বাহ লোৱাৰ ধৃষ্টতা কৰিছে বুলি প্ৰদেশ কংগ্ৰেছে অভিযোগ কৰে ৷

পূৰ্বৰ বাজেটত দিয়া প্ৰতিশ্ৰুতি মোডী চৰকাৰে পাহৰি পেলালে বুলি অভিযোগ কৰি প্ৰদেশ কংগ্ৰেছে বাজেটখনক কেৱল মিথ্যাচাৰ, ভুৱা প্ৰতিশ্ৰুতিৰে পূৰ্ণ বাজেট আখ্যা দিয়ে ৷ বাজেটত অসমৰ বাবে সুকীয়া কোনো আঁচনিৰ উল্লেখ নাই । নিৰ্বাচনৰ সময়ত দিয়া ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতিয়ে কোনো স্থান নাপালে মোদী চৰকাৰৰ বাজেটত (Congress reaction over Budget) ৷

'‘নৰ্থ-ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি’ (North East Industrial Policy) ২০২২ৰ মাৰ্চতে শেষ হ’ল ৷ আজিৰ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক উন্নয়ণৰ বাবে কোনো উল্লেখেই নহ'ল । বিগত ৯ বছৰৰ বাজেট প্ৰস্তাৱত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ঘোষিত পুঁজিৰ ৫০ হেজাৰ কোটি টকা আজিও মোকলাই দিয়া নহ'ল । বিগত বছৰবোৰৰ বাজেটত কৃষকৰ আয় দুগুণ হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি আজি ক’লৈ গ'ল বুলি প্ৰদেশ কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰে ৷

বিজেপিৰ ‘অমৃত কাল’ৰ প্ৰথমখন বাজেটত ২০৪৭ চনলৈ অর্থাৎ আগন্তুক ২৫ বছৰত দেশত ‘সোণালী যুগ’ প্ৰতিষ্ঠা কৰি দেশৰ দৰিদ্ৰতা নিৰ্মূলৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে এই কালছোৱাতে মধ্যবিত্ত শ্ৰেণীটো ধনৱান পুঁজিপতি হৈ পৰিব বুলি স্বপ্ন দেখুওৱা হৈছে ৷ কোৱা হৈছে বিজেপিয়ে এনে এখন দেশ গঢ়িব য’ত যুৱশক্তি, মহিলা শক্তি সমাজৰ আগশাৰীত থাকি দেশক নেতৃত্ব দিব ৷ ২৫ বছৰৰ ভিতৰত দেশৰ বৈচিত্ৰতা আৰু অধিক উজ্জ্বল হৈ উঠিব যাৰ ফলত একতা অধিক মজবুত হ’ব । কিন্তু সামগ্ৰিকভাৱে নিবনুৱা যুৱক-যুৱতীসকলৰ সমস্যা সমাধানৰ কোনো বিশেষ আঁচনিয়েই বাজেটত নাই ৷

আজি দেশৰ যুৱক-যুৱতীৰ হাতত চাকৰি নাই, কৰ্ম-সংস্থাপনৰ কোনো পথ নাই ৷ চি এম আই ইৰ তথ্য মতে বর্তমান নিবনুৱাৰ বৃদ্ধিৰ হাৰ ডিচেম্বৰ পর্যন্ত বিগত ১৬ মাহত সৰ্বাধিক ৮.৩০ হৈছিল । এই হাৰ ২০২২ৰ নৱেম্বৰত ৮ শতাংশ আছিল । এই বাজেটে দুখীয়াক আৰু দুখীয়া কৰিব আৰু মোডীৰ ঘনিষ্ঠ ব্যৱসায়ী বণিয়াক ধনী কৰি নি থাকিব বুলি প্ৰদেশ কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC president Bhupen Borah) বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আজিৰ এই বাজেট বিজেপি চৰকাৰৰ প্ৰতি জনতাৰ বিশ্বাসভংগৰ এক প্ৰমাণ মাত্ৰ । এই বাজেট সম্পূর্ণ নিৰ্বাচনমুখী চমক আৰু ভুৱা প্ৰতিশ্ৰুতিৰে পূৰ্ণ । ই দেশবাসীৰ বিকাশৰ বাজেট নহয় । এই বাজেট দুখীয়াৰ অহিতকাৰী বাজেট ৷ অসমক এই বাজেটত সম্পূর্ণ উপেক্ষা কৰা হ'ল ৷

নিৰ্বাচনৰ সময়ত দিয়া ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰতিশ্ৰুতিৰ কি হ’ল বুলি প্ৰশ্ন কৰি তেওঁ কয় যে অসমৰ বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাবে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি ক’লৈ গ'ল ?

লগতে পঢ়ক: Union Budget reaction: কেন্দ্ৰীয় বাজেটক ৰাহু, শনি আৰু কেতুকালৰ বাজেট আখ্যা ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.