ETV Bharat / state

Assam CM wife land scam: প্ৰসংগ-১০ কোটি টকাৰ ৰাজসাহায্য; মুখ্যমন্ত্রী আৰু গৌৰৱ গগৈৰ টুইট যুদ্ধ - Gaurav Gogoi

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰীৰ প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰিছে ৷ ইয়াকে লৈ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত সামাজিক মাধ্যমত চলিছে তৰ্কযুদ্ধ ৷ উত্থাপিত অভিযোগক নস্যাৎ হিমন্ত বিশ্ব শৰ্মাৰ ৷

Assam CM wife land scam
Assam CM wife land scam
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 6:52 PM IST

গুৱাহাটী,১৩ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে লাভ কৰা দহ কোটি টকাৰ ৰাজসাহাৰ্যক লৈ সামাজিক মাধ্যমত সৰৱ হৈ পৰিছে সাংসদ গৌৰৱ গগৈ । সমান্তৰালকৈ ইয়াৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এক কথাত টুইটাৰত যুঁজত লিপ্ত হৈছে সাংসদ গৌৰৱ গগৈ আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ।

উল্লেখ্য যে অভিযোগ অনুসৰি নগাওঁ জিলাৰ কলিয়াবৰ বৰভগীয়া মৌজাৰ দাৰিগজি গাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ক্ৰয় কৰিছে ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি । যি কৃষিভূমি একে দিনতে, একেখন পথাৰত, একেটা প্লটতে, একেটা কোম্পানীয়ে ক্ৰয় কৰিছে । মাত্ৰ ১০ মাহৰ ভিতৰতে এই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই লাভ কৰিছে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহায্য ।

সংবাদ মাধ্যমত এই অভিযোগ সন্দৰ্ভত বাতৰি প্ৰকাশ হোৱাৰ উপৰি সামাজিক মাধ্যমত বিষয়টো বিশেষভাৱে চৰ্চিত হৈ আছে । বিভিন্ন দল-সংগঠনেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

এনে প্ৰতিক্ৰিয়াৰ মাজতে মঙলবাৰে সাংসদ গৌৰৱ গগৈয়ে নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ এখন ধুনীয়া আলোকচিত্ৰ । যিখন আলোকচিত্ৰত দুয়োৰে মাজত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

এই ফটোখন শ্বেয়াৰ কৰি সাংসদ গৌৰৱ গগৈয়ে লিখিছে, ‘‘আদৰণীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, আপোনাৰ চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ দ্বাৰা পৰিচালিত ব্যক্তিগত কোম্পানী এটাক ১০ কোটি টকাৰ ৰাজসাহায্য দিছে । এইয়া ৰেবড়ী নে ৰাবৰি ? এই কাৰণেই নেকি মানুহে কৰ দি আছে ?’’

  • Adarnya Pradhan Mantri Modi, your government has given Rs 10 crore subsidy to a private company run by the wife of Chief Minister Himanta Biswa’s wife. Is this revdi or rabri ? Is this why people are paying tax ? https://t.co/BzfgTXtn5N

    — Gaurav Gogoi (@GauravGogoiAsm) September 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পিছত আজি টুইট কৰি সাংসদ গৌৰৱ গগৈয়ে লিখিছে,‘‘প্ৰধানমন্ত্রী মোদীয়ে দেশৰ কৃষকৰ আয় দুগুণ কৰাৰ বাবে কিষাণ সম্পদ যোজনা মুকলি কৰিছিল । কিন্তু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰভাৱ খটুৱাই নিজৰ পত্নীৰ ফাৰ্মৰ নামত ১০ কোটি টকাৰ ৰাজসাহায্য লাভ কৰাত সহায় কৰিছে । বিজেপিক সমৃদ্ধ কৰাটো কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অৰ্থ নেকি ?’’

  • PM Modi launched the Kisan Sampada scheme to double the income of farmers of India. But in Assam Chief Minister Himanta Biswa Sarma used his influence to help his wife’s firm get Rs 10 crore as part of credit linked subsidy. Are Central government schemes meant to enrich BJP ? pic.twitter.com/ITqzrBCe4c

    — Gaurav Gogoi (@GauravGogoiAsm) September 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগত সাংসদ গৌৰৱ গগৈয়ে ৰাজসাহায্য লাভ কৰাৰ তালিকাখনো সংলগ্ন কৰিছে । সাংসদ গৌৰৱ গগৈৰ টুইটৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত কয়,‘‘মই এই কথা স্পষ্ট কৰি দিব বিচাৰো যে মোৰ পত্নী নাইবা পত্নী জড়িত থকা কোনো কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় ৰাজসাহায্য লাভ কৰা নাই ।’’

  • I would like to clarify that neither my wife nor the company she is associated with has ever received any financial subsidies from the Government of India https://t.co/oqGG21nEp6

    — Himanta Biswa Sarma (@himantabiswa) September 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্রীৰ এই টুইটৰ উত্তৰ দি সাংসদ গৌৰৱ গগৈয়ে টুইটাৰযোগে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ ৱেবচাইট সংলগ্ন কৰি দি কয় যে য'ত কোম্পানী আৰু প্ৰম'টাৰৰ নাম স্পষ্টভাৱে উল্লেখ আছে । সাংসদগৰাকীয়ে মুখ্যমন্ত্রীক ক্ৰমিক নং ১০ চোৱাৰ বাবে আহ্বান জনায় ।

  • For the convenience of the Hon’ble Chief Minister I am attaching the link to the website of the Ministry of Food Processing. It shows the list of companies and promoters who have received the Rs 10 crore government subsidy. Please see serial 10.https://t.co/rR2m9PH8DX https://t.co/O9krRaDSRW

প্ৰত্যুত্তৰত মুখ্যমন্ত্রীয়ে পুনৰ টুইটযোগে কয়, ‘‘মই পুনৰ সম্পূৰ্ণ দায়িত্ব সহকাৰে ক'ব বিচাৰিছো যে মোৰ পত্নী আৰু পত্নী জড়িত কোনো
কোম্পানীয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো ধৰণৰ ৰাজসাহায্য লোৱা নাই বা লাভ কৰা নাই ।’’

  • I would like to reiterate again with full responsibility that my wife and the company she is associated with have not taken or received any subsidies from the Government of India. https://t.co/PeDhTfrlZq

মুখ্যমন্ত্রী এনে স্পষ্ট স্থিতিৰ বিপৰীতে টুইটযোগে সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘খাদ্য সংসাধন মন্ত্ৰালয়ৰ ৱেবচাইটত ব্যক্তিগৰাকীৰ আৰু তেওঁ জড়িত থকা কোম্পানীৰ নাম স্পষ্টভাৱে দেখুৱাইছে । ১০ কোটি টকাৰ চৰকাৰী অনুদানো অনুমোদন জনোৱা হৈছে । যদি তেওঁলোকৰ ৱেবচাইট হেক হৈছে তেন্তে অনুগ্ৰহ কৰি কেন্দ্ৰীয় মন্ত্রীক অৱগত কৰক ।’’

  • The Ministry of Food Processing website clearly shows the name of the person and the company she is associated with. The Rs 10 crore government grant has also been approved. Please report to the Union Minister if their website has been hacked. https://t.co/INLdu603Kh

এনেদৰে এতিয়া টুইটযোগে মুখ্যমন্ত্রী আৰু সাংসদ গৌৰৱ গগৈৰ মাজত তৰ্কযুদ্ধ চলিছে ।

লগতে পঢ়ক: Riniki Bhuyan Sarma land scam: হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে চিবিআই-ইডিৰ তদন্তৰ দাবী আপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.