ETV Bharat / state

Assam SCERT Scam: ১০৫ কোটি টকীয়া SCERT কেলেংকাৰীৰ অভিযোগনামা দাখিল মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ - মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষ

অৱশেষত ৮৭ দিনৰ অন্তত দাখিল কৰিলে SCERT কেলেংকাৰীৰ অভিযোগ নামা ৷ এই কেলেংকাৰীত মুঠ ২১ লোকক অভিযুক্ত কৰিছে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে ৷ ইয়াৰ ভিতৰত নাম আছে সাংবাদিক, RTI কৰ্মীৰো ৷

SCERT Scam
SCERT Scam
author img

By

Published : Jul 28, 2023, 4:34 PM IST

Updated : Jul 28, 2023, 5:03 PM IST

গুৱাহাটী, ২৮ জুলাই: ১০৫ কোটি টকীয়া SCERT কেলেংকাৰীৰ অভিযোগনামা দাখিল মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ । মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে ৮৭ দিনত ১৪৩৩ পৃষ্ঠা জোৰা অভিযোগনামা দাখিল কৰে ৷ মুঠ ২১ জনক অভিযুক্ত কৰি অভিযোগনামা দাখিল কৰে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে ।

অভিযোগ নামত নিলম্বিত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাকে ধৰি ৬ গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী এল এন সোণোৱাল , জয় চন্দ্ৰ লহকৰ , সোণমণি নাথ, ৰুবুল আলী, ৰমিজুদ্দিন আহমেদক দোষী সাব্যস্ত কৰাৰ লগতে ৫ জন ঠিকাদাৰ অজিত পাল সিং, বিজয়েতা শৰ্মা , ৰাজেশ যোশী, সৰং ম'ৰে, ৰাহুল আমিনক অভিযুক্ত কৰাৰ লগতে ১০ গৰাকী আৰ টি আই কৰ্মী আৰু সাংবাদিক ক্ৰমে ভাস্কৰজ্যোতি হাজৰিকা, পূজামণি দাস, ৰবিজিত গগৈ , মনোজ দাস, কেশৱ গগৈ, বেনিন দলে, বিদ্যুৎ কলিতা, ডেভিড অধিকাৰী, ৰাজীৱ কাকতি, অনুপ শইকীয়াক দোষী সাব্যস্ত কৰি অভিযোগ নামা দাখিল কৰে ।

উল্লেখ্য যে ইতিমধ্যে ডি এল এড (D El Ed) পাঠ্যক্ৰমৰ নামত অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত (এছ চি ই আৰ টি) সংঘটিত হোৱা ১০৫ কোটিটকীয়া কেলেংকাৰীত ২১ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে এছ চি ই আৰ টিৰ প্ৰাক্তন সঞ্চালক তথা আই এ এছ বিষয়া শোৱালি দেৱী শৰ্মা, এছ চি ই আৰ টিৰ মুক্ত দূৰ শিক্ষাৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক তথা নডেল বিষয়া ড৹ এল এন সোণোৱাল, গাণনিক জয়চন্দ্ৰ লহকৰ, ষ্টেন’গ্ৰাফাৰ ৰুবুল আলী, কনিষ্ঠ সহায়ক ৰমিজুদ্দিন, সোণমণি নাথৰ লগতে কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড শেৱালি দেৱী শৰ্মাৰ জোঁৱাই তথা ঠিকাদাৰ ৰাজেশ কুমাৰ যোশী, আন এজন জোঁৱায়েক অজিত পাল সিং সহ ৫ ঠিকাদাৰ, সাংবাদিকসহ ১০ আৰটি আই কৰ্মীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ৷

তদুপৰি ডি এল এড (D El Ed) পাঠ্যক্ৰমৰ দূৰৱৰ্তী মুক্ত শিক্ষাৰ জৰিয়তে প্ৰশিক্ষণৰ নামত এছ চি ই আৰ টিত বৃহৎ জালিয়াতি সংঘটিত কৰিছিল তদানীন্তন সঞ্চালক শেৱালি দেৱী শৰ্মাই ৷ ঠিকাদাৰ ৰূপী দুই জোঁৱাই ৰাজেশ কুমাৰ যোশী, অজিত পাল সিঙক সাৰথি কৰি এছ চি ই আৰ টিৰ এফালৰ পৰা ধনৰ লুণ্ঠন চলাই যায় শৰ্মাই ৷

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্তত পোহৰলৈ আহে যে ২৭,৮৯৭ গৰাকী শিক্ষকৰ পৰিবৰ্তে ১,০৬,৮২৮ গৰাকী শিক্ষকক ভুৱাকৈ প্ৰশিক্ষণ দিয়া দেখুৱাই ধন হৰলুকী কৰা হৈছিল ৷ কাগজে-কলমে শিক্ষকক প্ৰশিক্ষণ দিয়া দেখুৱাই শেৱালি দেৱী শৰ্মাই ২০১৭ চনৰ পৰা ২০২২ চনলৈ সংগ্ৰহ কৰা ১০৫ কোটি টকা ব্যয় কৰাৰ হিচাপ দেখুৱায় ৷

কেৱল সেয়াই নহয়, এছ চি ই আৰ টিৰ কার্যালয়ত শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ, টয়লেট নির্মাণ, কাৰ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰা দেখুৱাই ভুৱা বিলো দাখিল কৰে । তদুপৰি শেৱালি দেৱী শৰ্মাই দুই জোঁৱায়েকক নিবিদা অবিহনেই গতাই দিছিল কোটি কোটি টকাৰ ঠিকা ৷ এনেবোৰ তথ্য পোহৰলৈ অহাৰ পিচতে তদাৰকী কোষে ৩/২০২৩ নম্বৰত গোচৰ ৰুজু কৰি ২১ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ৷

লগতে পঢ়ক: SCERT Scam: দীঘলীয়া হৈছে তালিকা; পুনৰ চাৰি আৰটিআই কৰ্মীক গ্ৰেপ্তাৰ

Last Updated : Jul 28, 2023, 5:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.