ETV Bharat / state

Guwahati Road accident: গুৱাহাটীৰ প্ৰিয়া কুমাৰীৰ দুৰ্ঘটনা সন্দৰ্ভত দুটা ভুল আঙুলিয়ালে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Jun 9, 2023, 7:08 AM IST

‘‘পথৰ কাষত গাঁত থকাটো স্পষ্ট হৈছে ৷ কিন্তু স্কুটীখনৰো ভুল আছে ৷ স্কুল বাছখনক অভাৰটেক কৰিব বিচাৰিছিল স্কুটীখনে ৷ যাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হ’ল ৷’’ গুৱাহাটীৰ প্ৰিয়া কুমাৰীৰ দুৰ্ঘটনাটোৰ প্ৰসংগত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM reacts on Guwahati priya Kumari's road accident)।

Priya Kumari Guwahati accident
প্ৰিয়া কুমাৰীৰ দুৰ্ঘটনাটোৰ প্ৰসংগত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 9 জুন : মহানগৰীৰ গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত বৃহস্পতিবাৰে পুৱাই সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাটোৰ প্ৰসংগত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Guwahati priya Kumari's road accident) ।

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ এক অনুষ্ঠানত সাংবাদিকৰে হোৱা প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘CCTV ফুটেজ চাই দুটা ভুল অনুমান হয় । প্ৰথমতে ভুল দিশত স্কুটীখনে অভাৰটেক কৰিব বিচাৰিছিল, দ্বিতীয়তে গাঁত থকাটো স্পষ্ট হৈছে’’ ।

‘‘ৰাজপথত গাঁতসমূহ কিয় আছে তাক লৈ জিলা উপায়ুক্তক ব্যৱস্থা ইতিমধ্যে ল’বলৈ নিৰ্দেশ দিয়া হৈছে । লগতে যান-বাহন আৰক্ষীকো ভুল দিশেৰে যান-বাহন চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ কোৱা হৈছে’’ ৷ সংবাদ মাধ্যমৰ আগত এইদে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা প্ৰায় 7.30 মিনিটত প্ৰিয়া কুমাৰী নামৰ ছাত্ৰীগৰাকীয়ে নিজৰ বায়েকৰ লগত গণেশগুৰিৰ ফালৰ পৰা হাটীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুলৈ বুলি গৈ আছিল ৷ স্কুটীৰে বায়েকৰ সৈতে বিদ্যালয়লৈ গৈ থকা অৱস্থাতে AS 01 PC 7411 নম্বৰৰ স্কুল বাছ এখনৰ পিচ চকাৰ তলত সোমাই পৰে প্ৰিয়া (Student being hit by a school bus in Guwahati) । ফলত থিতাতে নিহত হয় লিটল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰী ৷

ইয়াৰ পিচতে এতিয়া পোহৰলৈ আহিছে দুৰ্ঘটনাটোৰ সময়ৰ CCTV ফুটেজ ৷ CCTV ৰ এই ফুটেজটোত স্পষ্টকৈ দেখা গৈছে যে পথৰ কাষতে জাইকাই খান্দি থোৱা গাঁতটোৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই স্কুটীখন বাগৰি পৰাত বাছখনৰ তলত সোমাই পৰে প্ৰিয়া (Priya Kumari Guwahati accident) ৷

ইফালে ঘটনাস্থলীত উপস্থিত হয় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা ৷ উপায়ুক্তগৰাকীৰ নিৰ্দেশ মৰ্মে GMDA য়ে তাৎক্ষণিকভাৱে গাঁতটো পুতি পেলায় ৷ জানিব পৰা মতে, পানীৰ পাইপ বহুৱাই থকা A K Construction নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ইতিমধ্যে থানাত ৰুজু কৰা হৈছে এক গোচৰ ৷

লগতে পঢ়ক : Priya Kumari accident : পথৰ কাষৰ গাঁতৰ বাবেই প্ৰাণ হেৰুৱালে প্ৰিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.