ETV Bharat / state

পাৰিজাত নামেৰে পৰিচিত হ’ব ৰাজ্যিক চিৰিয়াখানাত জন্ম হোৱা জিৰাফৰ পোৱালীটো

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 2:25 PM IST

Updated : Dec 9, 2023, 2:55 PM IST

প্ৰতীক্ষাৰ অন্ত পৰিল ৷ প্ৰায় এমাহৰ অন্তত নামকৰণ হ’ল অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম হোৱা জিৰাফৰ পোৱালীটোৰ ৷ জিৰাফৰ পোৱালীটোক এতিয়া সকলোৱে মাতিব ‘পাৰিজাত’ বুলি ৷

Assam CM Names Baby Giraffe Parijat
নামকৰণ হ’ল অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম হোৱা জিৰাফৰ পোৱালীটোৰ

গুৱাহাটী, ৯ ডিচেম্বৰ : ‘পাৰিজাত’ নামেৰে নামকৰণ হ’ল প্ৰায় এমাহ পূৰ্বে অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম হোৱা জিৰাফৰ পোৱালীটো । শনিবাৰে অসম ৰাজ্যিক চিৰিয়াখানাত উপস্থিত হৈ জিৰাফৰ পোৱালীটোৰ নামকৰণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই শনিবাৰে পুৱাৰ ভাগত অসম ৰাজ্যিক চিৰিয়াখানা পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত এই জিৰাফৰ পোৱালিটোৰ নাম ৰাজহুৱা কৰে ।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘চিৰিয়াখানাত প্ৰথমবাৰৰ বাবে জন্ম হোৱা জিৰাফৰ পোৱালীটো নামকৰণৰ বাবে ৰাইজক আহ্বান জনাইছিলো । এই আহ্বানৰ প্ৰতি সঁহাৰি জনায় ৰাইজৰ পৰা প্ৰায় ৩৫০ টা নাম আহিছিল । তাৰ ভিতৰত লটাৰী কৰি পাৰিজাত নামটো নিৰ্বাচিত কৰা হ’ল’’ ৷

লগতে তেওঁ কয়, ‘‘জিৰাফৰ পোৱালীটো জন্ম হোৱাৰ পিচত মাকে গাখীৰ খুওৱা নাছিল ৷ লগতে জিৰাফৰ পোৱালীটোক মাকে অপৰিচিত হিচাপে ব্যৱহাৰ কৰিছিল । তাৰ ফলত চিন্তিত হৈ পৰিছিল বন বিভাগৰ লোক ৷ পৰৱৰ্তী পৰ্যায়ত বন বিভাগে মুম্বাইৰ পৰা এজন বিশেষজ্ঞক লৈ আহে । চিৰিয়াখানা কৰ্তৃপক্ষ আৰু বিশেষজ্ঞৰ যত্নত ইতিমধ্যে এমাহ সম্পূৰ্ণ কৰিছে পোৱালিটোৱে ৷ দৈনিক পোৱালিটোক ৭.৫ লিটাৰ গাখীৰ খুওৱা হয়’’ ।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আৰু কয়, ‘‘চিৰিয়াখানাত দৰ্শনাৰ্থীৰ বাবে কেংগাৰু, ওৰাং-উটাং মুকলি কৰা হয় । মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় "চিৰিয়াখানাখন দেশৰ ভিতৰতে শ্ৰেষ্ঠ চিৰিয়াখানা কৰাৰ বাবে ৩৫০ কোটি টকা মুকলি কৰা হ’ব । তদুপৰি এখন শিশু উদ্যান মুকলি কৰা হ’ব’’ ।

আজিৰে পৰা পশু বিভাগে অসম ৰাজ্যিক চিৰিয়াখানাত দুজন ডাক্তৰ নিযুক্তি দিব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম হ’ল জিৰাফৰ পোৱালী

Last Updated : Dec 9, 2023, 2:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.