ETV Bharat / state

HBS meets PM Modi: প্ৰধানমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ; ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণকলৈয়ো প্ৰতিক্ৰিয়া - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণকলৈয়ো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীৰ ৷

HBS meets PM Modi
HBS meets PM Modi
author img

By

Published : Jun 29, 2023, 10:04 PM IST

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নতুন দিল্লী, ২৯ জুন: দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত বৃহস্পতিবাৰে বিয়লি সাক্ষাৎ কৰে ড৹ শৰ্মাই ৷

সাক্ষাতকালত মুখ্যমন্ত্ৰী ড৹ শর্মাই প্ৰধানমন্ত্ৰীক অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে আৰু ৰাজ্য চৰকাৰে বানপীড়িত লোকসকলক সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ বিষয়ে অৱগত কৰে ৷ মুখ্যমন্ত্ৰী কাৰ্যালয়ে সদৰী কৰিছে এই তথ্য ৷

ইফালে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় ৷ লগতে, ৰাজ্য চৰকাৰক বান পৰিস্থিতি নিযন্ত্ৰণৰ বাবে সম্ভৱপৰ সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷ বান পৰিস্থিতিৰ লগতে মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ উন্নয়নমূলক পদক্ষেপৰ বিষয়েও অৱগত কৰে প্ৰধানমন্ত্ৰী মোদীক ।

টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘দিল্লীত সন্মানীয় প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ বিচৰাৰ সৌভাগ্য হৈছিল ৷ মাননীয় প্ৰধানমন্ত্ৰীৰ বাবে অসমৰ মংগল সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈয়েই আছে ৷ আমাৰ উন্নয়নমূলক যাত্ৰাৰ বিষয়ে তেওঁক অৱগত কৰিলোঁ আৰু অনাগত যাত্ৰা পথত তেওঁৰ বিনীত পথ প্ৰদৰ্শন লাভ কৰিলোঁ ৷’’

  • I had the privilege of seeking blessings of respected Prime Minister Shri @narendramodi ji in Delhi.

    Assam's well-being remains the top priority for Hon’ble PM. I apprised him on our developmental journey and received his kind guidance on the way forward. pic.twitter.com/CLnRpSsjxe

    — Himanta Biswa Sarma (@himantabiswa) June 29, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মন কৰিবলগীয়া যে বান পৰিস্থিতি আৰু উন্নয়নৰ খতিয়ান সন্দৰ্ভত প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে জনালেও সাক্ষাৎকালত ২০২৪ৰ লোকসভা নিৰ্বাচন আৰু অগ্নিগৰ্ভ মণিপুৰ প্ৰসংগয়ো স্থান লাভ কৰা বুলি ধাৰণা কৰা হৈছে ৷

প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ পাচত সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব কোনো ৰাজনৈতিক নেতাৰ নহয়, বৰঞ্চ সেই দায়িত্ব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ৷ ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ ফলত একো সলনি নহয় ৷ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ বাহিৰে কোনো ফলাফল নোলায় ৷ সেয়েহে এখন ৰাজ্যৰ দুৰ্দশাৰ পৰা কেতিয়াও ৰাজনৈতিক সুবিধা আদায় কৰাটো উচিতো নহয় ৷’’

লগতে পঢ়ক: Manipur Violence: ৰাহুল গান্ধীৰ ভ্ৰমণৰ দিনাই মণিপুৰত সেনা-দুৰ্বৃত্তৰ মাজত গুলীয়াগুলী; কেইবাজনো আহত হোৱাৰ আশংকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.