ETV Bharat / state

নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ সৈতে কি আলোচনা হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ? - expansion of ministry

সোমবাৰে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Union home minister Amit Shah) আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(PM Narendra Modi)ৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা ৷ কেইবাটাও দিশৰ পৰা এই বৈঠক অসমৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

assam cm meets pm modi and union home minister Amit shah
নৰেন্দ্ৰ মোদী অমিত শ্বাহক সাক্ষাৎ কৰি কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই ?
author img

By

Published : Aug 9, 2021, 3:27 PM IST

গুৱাহাটী, ৯ আগষ্ট : বিগত দুদিন ধৰি দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই সোমবাৰে পুৱাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ(Union home minister Amit Shah)ৰ সৈতে এক বৈঠকত মিলিত হয় । গৃহমন্ত্ৰী গৰাকীৰ বাসগৃহত অনুষ্ঠিত হয় এই বৈঠক । মূলতঃ অসমৰ চাৰিসীমাত চুবুৰীয়া ৰাজ্যসমূহে ধাৰাবাহিকভাৱে চলাই অহা বেদখল আৰু আন্তঃৰাজ্যিক সীমা সমস্যাৰ বিষয়টো কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে ।

ইয়াৰ পিছতেই, সোমবাৰে দুপৰীয়া সংসদ ভৱন(Sansad Bhavan)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(PM Narendra Modi)ৰ সৈতে আন এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী । এই বৈঠকত প্ৰধানমন্ত্ৰীৰ উপৰিও আন দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং(uninon minister Rajnath Singh) আৰু দি কিষাণ ৰেড্ডীও উপস্থিত থাকে । মূলতঃ সীমা সমস্যাৰ বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰা হয় এই বৈঠকত ।

ইপিনে মুখ্যমন্ত্ৰীৰে ঘনিষ্ঠ আন এক সূত্ৰই দাবী কৰা মতে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী মোদী উভয়ৰে সৈতে হোৱা আজিৰ দুয়োখন বৈঠকতে ৰাজ্যৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ(expansion of ministry)ৰ বিষয়টোও আলোচনা কৰা হয় ।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ডঃ‌ শৰ্মাৰ মন্ত্ৰীসভাত এতিয়াও খালি হৈ আছে আঠখন আসন । মিত্ৰদল বা বিজেপিৰ বিধায়কৰে এই আসন কেইখন শীঘ্ৰে পূৰণ কৰা হব । সূত্ৰটোৱে প্ৰকাশ কৰা মতে, চলিত মাহতে মন্ত্ৰীসভা সম্প্ৰসাৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

লগতে পঢ়ক : অসম-মেঘালয় সীমা বিবাদক লৈ মুখ্য সচিব জীষ্ণু বৰুৱাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.