ETV Bharat / state

৮৫২.৬২ কোটি টকা ব্যয়ৰে দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ আধাৰশিলা স্থাপন - উৰণ সেতুৰ আধাৰশিলা স্থাপন

Noonmati to Dighalipukhuri flyover : ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত গুৱাহাটীবাসীৰ বাবে এটা ভাল খবৰ ৷ ৮৫২.৬২ কোটি টকা ব্যয় সাপেক্ষে দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ ৷

Noonmati to Dighalipukhuri flyover
দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ আধাৰশিলা স্থাপন
author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 7:10 PM IST

দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ আধাৰশিলা স্থাপন

গুৱাহাটী, ১ জানুৱাৰী : গুৱাহাটীৰ দীঘলীপুখুৰীৰ পৰা নুনমাটি এফ চি আইলৈ নিৰ্মাণ কৰিবলগীয়া উৰণ সেতুখনৰ নিৰ্মাণৰ আধাৰশিলা সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰে । লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিবলগীয়া এই উৰণ সেতুখনৰ দৈঘ্য ৫০৫৩.২০ মিটাৰ নিৰ্দ্ধাৰণ কৰা হৈছে । সেতুখনৰ বাজেট ৮৫২.৬২ কোটি টকা নিৰ্দ্ধাৰণ কৰা হৈছে ।

গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ ওচৰত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সেতুখন দুই বছৰ আঠ মাহৰ ভিতৰত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে । এই সময়ছোৱাত ৰাইজৰ কিছু কষ্ট হ'ব । কিন্তু ভৱিষ্যতে গুৱাহাটী সুচল যাতায়তৰ বাবে ৰাইজে এইখিনি কষ্ট সহিব লাগিব ।

তেওঁ কয় যে এই সেতুখনৰ বাবে চানমাৰিত এটা ৰটাৰী নিৰ্মাণ কৰা হ'ব । আকৌ গুৱাহাটী ক্লাৱত আন এটা ৰটাৰী নিৰ্মাণ কৰা হ'ব । চানমাৰি আৰু বি বৰুৱা উৰণ সেতুখন কিছু অংশ পুনৰ্নিমাণ কৰা‌ হ'ব । তেওঁ আৰু কয় যে এই উৰণ সেতুখন নিৰ্মাণ সম্পূৰ্ণ হ'লে অহা ২৫ বছৰলৈ এই সমগ্ৰ পথছোৱাত যানজট নহ'ব ।

মুখ্যমন্ত্ৰীয়ে কয় যে অহা ২৮ ফেব্ৰুৱাৰীত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলংৰ এটা অংশ‌ অৰ্থাৎ ভূতনাথৰ পৰা মাছখোৱালৈ নদীৰ পাৰেৰে নিৰ্মাণ কৰি থকা অংশখিনি বাহন চলাচলৰ বাবে মুকলি কৰা‌ হ'ব । আকৌ অহা ফেব্ৰুৱাৰীত চাইকেল ফেক্টৰীৰ পৰা বষাপাৰালৈ আন এখন উৰণসেতু নিৰ্মাণৰ কাম আৰম্ভ কৰা‌ হ'ব ।

আনহাতে, জানুৱাৰীৰ মাজ ভাগত ফাঁচী বজাৰৰ ব্ৰহ্মপুত্ৰ পাৰৰ উন্নয়নৰ প্ৰকল্প মুকলি কৰা হ'ব । উল্লেখ্য যে, সোমবাৰে আয়োজিত এই অনুষ্ঠানত মন্ত্ৰী অশোক সিংহাল, সাংসদ কুইন ওজা, বিধায়ক অতুল‌ বৰা, সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰমেন্দ্ৰ নৰায়ণ কলিতাসহ বহু লোক উপস্থিত আছিল ।

লগতে পঢ়ক : পৰেশ বৰুৱাৰ ৰাস্তা ভুল হ’ব পাৰে, কিন্তু অসমক ভাল পাইহে গৈছিল : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.