গুৱাহাটী, ৮ ছেপ্তেম্বৰ: ‘‘সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা অমিয় পুৰুষ আছিল।" ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত জালুকবাৰীৰ ড৹ভূপেন হাজৰিকা সমাধিক্ষেত্রত সুধাকণ্ঠৰ ৯৬তম জন্ম দিৱস উপলক্ষে বৃহস্পতিবাৰে অনুষ্ঠিত স্মৃতিচাৰণ সভাত অংশ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে ৷ তেওঁ কয়, ' সুধাকণ্ঠ ড৹ভূপেন হাজৰিকা প্ৰতিজন অসমীয়াৰ হৃদয়ৰ কোঁহে কোঁহে সোমাই আছে । সুধাকণ্ঠ এক অবিনাশী সত্তা ৷' অসমৰ সামাজিক-সাংস্কৃতিক প্ৰেক্ষাপটত সকলো সময়তে সুধাকণ্ঠ প্ৰাসংগিক হৈ থাকিব বুলি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই কয়(CM Himanta Biswa Sarma pays tribute to Bhupen Hazarika) ৷
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পুনৰ কয় যে ভূপেন হাজৰিকা অসমীয়াৰ হিয়াৰ আমঠু (96th birth anniversary of Bhupen Hazarika) ৷ সুধাকণ্ঠ অসমী আইৰ অন্যতম শ্ৰেষ্ঠ সন্তান। সুধাকণ্ঠ অসমীয়া জাতিৰ বাবে সদায়েই প্ৰেৰণাৰ উৎস হৈ থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । ইয়াৰ পূৰ্বে সমাধিক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পুষ্পাঞ্জলি অৰ্পণ কৰি সশ্ৰদ্ধ প্ৰণিপাত জনায় ।
উক্ত স্মৃতিচাৰণ অনুষ্ঠানত ভাষন প্ৰদান কৰি সাংস্কৃতিক মন্ত্রী বিমল বড়াই কয়,'ড৹ভূপেন হাজৰিকাৰ গীতেই হৈছে আমাৰ জীৱন যুঁজত আগুৱাই যোৱাৰ অমোঘ বাণী, প্ৰেৰণা ।' ভূপেন দাই প্ৰতিটো দশকতে তেওঁৰ চিন্তা আৰু কৰ্মেৰে প্ৰেৰণা যোগাই যোৱাৰ লগতে সজাগ কৰি থৈ গৈছে বুলিও মন্ত্রী বড়াই উল্লেখ কৰে । সাংস্কৃতিক বিভাগৰ সচিব লয়া মাদুৰীৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা স্মৃতিচাৰণ অনুষ্ঠানটোত পৰ্যটন,জনস্বাস্থ্য কাৰিকৰী মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু হস্ত তাঁত বস্ত্ৰ বিভাগৰ মন্ত্রী ঊৰ্খাও গৌৰা ব্ৰহ্ম,ড০ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা আৰু অভিনেতা যতীন বৰা উপস্থিত থাকে ।
মন্ত্রী জয়ন্ত মল্ল বৰুৱাই অসমীয়াই কেতিয়াও ড০ ভৃপেন হাজৰিকাক পাহৰিব নোৱাৰে বুলি উল্লেখ কৰে । আজিও পদে পদে সুধাকণ্ঠৰ অভাৱ অনুভব কৰা হয় বুলিও তেওঁ কয় । অনুষ্ঠানটোত ভৃপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই সুধাকণ্ঠৰ' জিলিকাব লুইতৰে পাৰ' গীতটি পৰিৱেশন কৰে । গীত আৰু কথাৰে মুখৰিত অনুষ্ঠানটোত ৰূপম ভৃঞা,নিৰ্মালি দাস, গোবিন্দ বৈশ্য আদিয়ে ভূপেন্দ্র সংগীত পৰিৱেশন কৰে ।
ইয়াৰপৃ্ৰ্বে বিশিষ্ট অতিথি কেইগৰাকীয়ে ড০ ভৃপেন হাজৰিকাৰ প্ৰতিমুৰ্তি আৰু সমাধিত পুষ্পাঞ্জলি অৰ্পণেৰে মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে । অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক মানৱ ডেকাও উপস্থিত থাকে ।
লগতে পঢ়ক:Dr Bhupen Hazarika birth anniversary : শিৱসাগৰত সুধাকণ্ঠক স্মৰণ