ETV Bharat / state

Assam Bhawan in Vellore: ভেলোৰত উদ্বোধন কৰা হ’ল 23 কোটি ব্যয়েৰে নিৰ্মাণ কৰা অত্যাধুনিক অসম ভৱন - মিলনাডুৰ ভেলোৰ

অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ সংযোজন হিচাবে তামিলনাডুৰ ভেলোৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে অত্যাধুনিক অসম ভৱন ৷ মুঠ 22.83 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে অসম ভৱনটো ৷

Assam Bhawan in Vellore
Assam Bhawan in Vellore
author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 10:42 PM IST

ভেলোৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে অত্যাধুনিক অসম ভৱন

নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ: তামিলনাডুৰ ভেলোৰত মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে নৱ-নিৰ্মিত অসম ভৱন ৷ ভেলোৰ পৌৰ নিগমৰ জ’ন-11ত অৱস্থিত এই অসম ভৱনটো ৷ বিভিন্ন কাৰণত তামিলনাডু ভ্ৰমণৰ বাবে যোৱা লোকসকল সকাহ প্ৰদানৰ অংশ হিচাবে এই অসম ভৱন সংযোজন এক গুৰুত্বপূৰ্ণ সংযোজন ৷

2011 চনত, অসম চৰকাৰে তামিলনাডু চৰকাৰৰ পৰা 1755.20 বৰ্গ মিটাৰ ভূমি অধিগ্ৰহণ কৰিছিল ৷ খ্ৰীষ্টান মেডিকেল কলেজ (চিএমচি) আৰু ভেলোৰ ইনষ্টিটিউট অফ টেকন'লজী (ভিআইটি)ৰ দৰে প্ৰতিষ্ঠানৰ বাবে বিখ্যাত ভেলোৰৰ এই মুখ্য অৱস্থানটো উচ্চ শিক্ষা আৰু উন্নত স্বাস্থ্যসেৱা সুবিধাৰ ওচৰত থকাৰ বাবে বাছনি কৰা হৈছিল ৷

অসম ভৱন নিৰ্মাণৰ আঁৰৰ প্ৰাথমিক লক্ষ্য হ’ল ভেলোৰৰ খ্ৰীষ্টান চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্ৰহণৰ বাবে অহা অসমৰ লোকসকলক আৰামদায়ক বাসস্থান প্ৰদান কৰা । ইয়াৰ উপৰিও, ভেলোৰ ইনষ্টিটিউট অৱ টেকন'লজীত অধ্যয়ন কৰিবলৈ অহা অসমৰ শিক্ষাৰ্থীসকলৰ বাবে এক সহায়ক পৰিৱেশ স্থাপন কৰাও ইয়াৰ অন্যতম লক্ষ্য ৷

অসম ভৱন প্ৰকল্পটো চাৰিটা পৰ্যায়ত 22.83 কোটি টকাৰ অনুমোদিত বাজেটৰ সাপেক্ষে সম্পূৰ্ণ কৰি তোলা হৈছে ৷ 8 মহলীয়া এই অসম ভৱনত আছে বহু অত্যাধুনিক সা-সুবিধা ৷ ইয়াৰ ভিতৰত আছে VVIP আৰু VIP চুইট, 40 টা দুই বিচনাযুক্ত কোঠা ৷ লগতে আছে পুৰুষ আৰু মহিলা বাবে পৃথক কোঠা ৷

উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে ইতিমধ্যে সমগ্ৰ দেশৰ গুৰুত্বপূৰ্ণ চহৰসমূহত অসম ভৱন নিৰ্মাণৰ পৰিকল্পনা চলি আছে ৷ ইয়াৰ ভিতৰত পুনে আৰু আহমেদাবাদক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে ৷ এই পদক্ষেপৰ উদ্দেশ্যে হৈছে অসমৰ লোকসকলক বাসস্থানৰ বাবে সুলভ আৰু ঘৰুৱা অভিজ্ঞতা প্ৰদান কৰা ৷

দিল্লীৰ উপ-ৰাজ্যপালৰ সৈতে এক সংহত প্ৰকল্প নিৰ্মাণৰ আন এক পৰিকল্পনা তথা আলোচনা চলি থকা বুলিও সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সেই স্থান নামঘৰ নিৰ্মাণৰ কৰাৰ সম্ভাৱনা ৷ অসম ভৱনৰ এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ দাস, মন্ত্ৰী অশোক সিংহলৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: Assam Bhawan in Tamilnadu: তামিলনাডুৰ ভেলোৰত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.