ETV Bharat / state

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আদালতত গোচৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Mar 2, 2022, 12:14 PM IST

Updated : Mar 2, 2022, 7:39 PM IST

এইবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM files case against the Election Commission)৷ মুখ্যমন্ত্ৰীৰ গোচৰৰ ভিত্তিত দেশৰ মুখ্য নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগক চাৰি সপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ জাননী জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷

Assam CM files case against the Election Commission

গুৱাহাটী, ২ মাৰ্চ : আইনী মেৰপেচৰ মাজত সোমাই পৰিছে ৰাজ্যৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আচৰণবিধি ভংগ কৰা প্ৰসংগটো (Case Against Assam CM)৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে বুধবাৰে মুখ্যমন্ত্ৰী শৰ্মাৰ ওপৰত কামৰূপ মুখ্য ন্যায়াধীশৰ আদালতে দিয়া এক আদেশৰ ওপৰত স্থগিতাদেশ জাৰী কৰি বিষয়টোৰ ওপৰত দেশৰ মুখ্য নিৰ্বাচন আয়োগ (Himanta against Election Commission of India) আৰু ৰাজ্যিক নিৰ্বাচন আয়োগক চাৰি সপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈও বুধবাৰে জাননী জাৰি কৰে ।

অধিবক্তা দেৱজিৎ লন শইকীয়াই কয় যে, যোৱা 25 ফেব্ৰুৱাৰীত কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশে মুখ্যমন্ত্ৰী শৰ্মাক 2019 চন নিৰ্বাচনী আচৰণ-বিধি ভংগৰ (Violation of model code of conduct by Himanta) এটা গোচৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পাচতে ড৹ শৰ্মাই ফৌজদাৰী গোচৰ পুনৰীক্ষণৰ নিৰ্দেশ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপে ৷

অধিবক্তা শইকীয়াই কয় যে, ‘‘ বুধবাৰে আদালতে আমাৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰে আৰু কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশে দিয়া ৰায়ৰ ওপৰত স্থগিতাদেশ জাৰী কৰে ৷ আদালতে ভাৰতীয় নিৰ্বাচন আয়োগ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগলৈ জাননী প্ৰেৰণ কৰি চাৰি সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ নিৰ্দেশ দিছে’’ ৷

উল্লেখযোগ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ৰ এটা পুৰণি গোচৰৰ ভিত্তিত এতিয়াৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই সেই সময়ত নিৰ্বাচনী আচৰণবিধি ভংগ কৰা বিষয়টো আইনী মেৰপাকত সোমাই পৰে । বিগত লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰৰ বাবে নিৰ্বাচন আয়োগে বান্ধি দিয়া সময়সীমা শেষ হৈ যোৱাৰ পিছতো তেতিয়াৰ মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এটা টেলিভিছন চেনেলত নিৰ্বাচনী আচৰণবিধি ভংগ কৰি এটা সাক্ষাৎকাৰ দিছিল বুলি সেই সময়তে কংগ্ৰেছ দলে নিৰ্বাচন আয়োগৰ ওচৰত এক অভিযোগ দাখিল কৰিছিল (Case Against Assam CM)।

সেই অভিযোগৰ ভিত্তিতেই নিৰ্বাচন আয়োগে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এটা গোচৰ তৰিছিল । সেই গোচৰৰ পৰিপ্ৰেক্ষিততে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বিগত ২৫ ফেব্ৰুৱাৰীত ড৹ শৰ্মাক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল । কিন্তু আদালতে ধৰি দিয়া সেই নিৰ্দিষ্ট দিনত মুখ্যমন্ত্ৰী ড৹ শৰ্মা আদালতত হাজিৰ নহ'ল বা তেওঁৰ অধিবক্তাও আদালতত উপস্থিত নহ'ল । যাৰ ফলত আদালতে তাৎক্ষণিকভাৱে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে ।

আদালতৰ এনে কঠোৰ স্থিতি দেখি ততাতৈয়াকৈ ড৹ শৰ্মাৰ অধিবক্তা আদালতত উপস্থিত হয় আৰু আদালতক অৱগত কৰে যে ২৫ ফেব্ৰুৱাৰীৰ দিনটোত যিহেতু দেশৰ ৰাষ্ট্ৰপতি অসমলৈ আহিছিল সেয়েহে মুখ্যমন্ত্ৰী ব্যস্ত হৈ থকাৰ বাবে সেইদিনা আদালতত উপস্থিত হব নোৱাৰিলে ।

গতিকে আদালতে তেওঁৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানা প্ৰত্যাহাৰ কৰিব লাগে বুলিও ডঃ শৰ্মাৰ অধিবক্তাই আদালতত আবেদন জনায় । আদালতে তেতিয়া পূৰ্বে জাৰি কৰা সেই গ্ৰেপ্তাৰী পৰোৱানা প্ৰত্যাহাৰ কৰি ড৹ শৰ্মা আৰু তেওঁৰ উক্ত সাক্ষাৎকাৰ প্ৰচাৰিত হোৱা সংশ্লিষ্ট টেলিভিছন চেনেলটোৰ কৰ্তৃপক্ষ উভয়কে গাইপতি দুহেজাৰ টকাকৈ জৰিমনা আদায় দিবলৈ নিৰ্দেশ দিয়াৰ লগতে আগন্তুক ২১ মাৰ্চত পুনৰ আদালতত হাজিৰ হ’বলৈ ডঃ শৰ্মাক নিৰ্দেশ দিয়ে ।

এইখিনিলৈকে সকলো ঠিকেই আছিল যদিও সমগ্ৰ ঘটনাই নতুন মোৰ লয় ২৮ ফেব্ৰুৱাৰীত । কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ উক্ত নিৰ্দেশক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰে ২৮ ফেব্ৰুৱাৰীত । যিটো গোচৰত মুখ্যমন্ত্ৰীয়ে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত, ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু ২০১৯ ৰ গোচৰটোৰ গোচৰীয়া বিবেকানন্দ ফুকনকো পক্ষ হিচাপে ধৰি লয় ।

মুখ্যমন্ত্ৰীয়ে তৰা সেই গোচৰৰে বুধবাৰে শুনানী গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ আদালতে ।

এই কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ অধিবক্তাৰ পক্ষই জানিবলৈ দিয়ে যে, সেই শুনানীৰ অন্তত ইতিমধ্যে কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে জাৰি কৰা নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে ন্যায়াধীশ ৰুমী কুমাৰী ফুকনৰ আদালতে । লগতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ গোচৰটোত নিৰ্দিষ্ট কৰি দিয়া কেউটা পক্ষকে অহা চাৰি সপ্তাহৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ উচ্চ ন্যায়ালয়ে বুধবাৰে নিৰ্দেশ দিয়ে বুলি মুখ্যমন্ত্ৰীৰ অধিবক্তাৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে ।

লগতে পঢ়ক : বিজেপি-এআইইউডিএফৰ বিৰুদ্ধে সকলো একলগ হৈ যুঁজা উচিত : অখিল গগৈ

Last Updated : Mar 2, 2022, 7:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.