ETV Bharat / state

১৪ দিনীয়া হ’ল ৰাজ্যিক চিৰিয়াখানাত জন্মলাভ কৰা নতুন জিৰাফৰ পোৱালিটোৰ, শীঘ্ৰেই হ’ব নামকৰণ - নতুন জিৰাফৰ পোৱালিটোৰ

অসম ৰাজ্যিক চিৰিয়াখানাত জন্মলাভ কৰা নতুন জিৰাফৰ পোৱালিটোৰ শীঘ্ৰেই হ’ব নামকৰণ । বৰ্তমান সময়লৈকে প্ৰায় ৪০০০ নাম বিভিন্নজনে পঠিয়াইছে বুলি অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

Assam CM announce First giraffe calf
অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহী
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 6:59 PM IST

গুৱাহাটী, ৩০ নৱেম্বৰ : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহী । পোন প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত জন্ম হৈছে এটা জিৰাফৰ পোৱালী । কেইদিনমান পূৰ্বে কণমানি জিৰাফ পোৱালিটোৰ নাম বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত পোষ্ট কৰিছিল । আজি (বৃহস্পতিবাৰ) এক ফেচবুক পোষ্টযোগে বৰ্তমান সময়লৈকে প্ৰায় ৪০০০ নাম বিভিন্নজনে পঠিয়াইছে বুলি অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

  • Sharing an update

    Little Giraffe taking a morning walk in the mild Guwahati winters!

    All hale and hearty, she is now 14 days old 🦒 and we will soon do her naamkaran from amongst the 4,000 suggestions we received. pic.twitter.com/wk0wVHVTkS

    — Himanta Biswa Sarma (@himantabiswa) November 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সমাজিক মাধ্যমত পোষ্ট কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কণমানি জিৰাফৰ পোৱালিটো খোজকাঢ়ি থকা এটা ভিডিঅ’ আপলোড কৰি উল্লেখ কৰে, ‘‘জিৰাফৰ পোৱালিজনী ১৪ দিনীয়া হ’ল । অতি সোনকালে তাইৰ নামকৰণ হ'ব । বৰ্তমান প্ৰায় ৪০০০ নাম লাভ কৰা হৈছে’’ ।

১৬ নৱেম্বৰত জন্ম হৈছে এই মাইকী জিৰাফৰ পোৱালীটো । ৰাজ্যিক চিৰিয়াখানালৈ এটা বছৰ পূৰ্বে পাটনাৰ পৰা অহা বিজয়া নামৰ জিৰাফটোৱে জন্ম দিছিল এই পোৱালীটো । পশু বিনিময় কাৰ্যসূচীৰ অধীনত বিজয়াক বিগত বছৰ পাটনাৰ পৰা অনা হৈছিল ।

উল্লেখযোগ্য যে, ২০২০ চনত অসম ৰাজ্যিক চিৰিয়াখানালৈ মহীশূৰৰ পৰা অনা হৈছিল দুটা জিৰাফ । মহীশূৰৰ পৰা অনা জিৰাফ দুটাৰ মাইকী জিৰাফজনী ২০২১ ত গড়ালতে নিশা দানা খোৱা স্থানত ফাঁচ লাগি মৃত্যু হৈছিল । পৰৱৰ্তী সময়ত পাটনাৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ অনা হৈছিল বিজয়াক ।

প্ৰায় ৮ বছৰ বিৰতিৰ অন্তত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ মহীশূৰৰ পৰা অনা হৈছিল জিৰাফ ৷ পৰৱৰ্তী পৰ্যায়ত জিৰাফজনীৰ মৃত্যু হোৱাত পশুপ্ৰেমীসকল আবেগিক হৈ পৰিছিল ৷ কিন্তু পোন প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানত জন্ম হোৱা জিৰাফৰ পোৱালীটোৱে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম হ’ল জিৰাফৰ পোৱালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.