ETV Bharat / state

এটা গোচৰত জামিন পালে দুৰ্নীতিগ্ৰস্ত ACS চাইবুৰ ৰহমানে

মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে(CM SPECIAL VIGILANCE CELL) চাৰ্জশ্বিট দাখিল কৰাৰ দিনাই উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে চাইবুৰ ৰহমানৰ । দ্বিতীয়টো গোচৰৰ ক্ষেত্রত ন্যায়ালয়ে জামিন আবেদন খাৰিজ কৰে । মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই জামিন সন্দৰ্ভত মুখ খুলিব বিচৰা নাই যদিও চাৰ্জশ্বিট(Chargesheet) সময়মতে দিয়া বুলি সদৰি কৰে ।

author img

By

Published : Nov 23, 2021, 10:46 PM IST

Assam Civil Service officers Saibur Rahman Granted Bail
এটা গোচৰত জামিন পালে দুৰ্নীতিগ্ৰস্ত ACS চাইবুৰ ৰহমানে

গুৱাহাটী, ২৩ নৱেম্বৰ : নিৰ্ধাৰিত ৯০ দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল নকৰাৰ বাবে জামিন পালে দুৰ্নীতিগ্ৰস্থ এচিএছ বিষয়া চাইবুৰ ৰহমানে । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে(CM SPECIAL VIGILANCE CELL) চাৰ্জশ্বিট দাখিল কৰাৰ দিনাই উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে চাইবুৰ ৰহমান(ACS SAIBUR RAHMAN)ৰ । আয়তকৈ অধিক সম্পত্তিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ হোৱা এচিএছ বিষয়া চাইবুৰ ৰহমানে এটা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিলে ৷

ন্যায়ালয়ে নিৰ্ধাৰিত ৯০ দিনৰ ভিতৰত চাইবুৰ ৰহমানৰ সন্দৰ্ভত আদালতত চাৰ্জশ্বিট দাখিল কৰিব লাগিছিল যদিও মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে(CM SPECIAL VIGILANCE CELL) দাখিল কৰাত ব্যৰ্থ হয় ৷ মন কৰিবলগীয়া যে, পলমকৈ হ'লেও জামিন আবেদনৰ শুনানি দিনাই চাইবুৰ ৰহমানৰ বিৰুদ্ধে ৯২ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰে চি এম ভিজিলেঞ্চে(CM Vigilance) ।

চাৰ্জশ্বিটত চাইবুৰ ৰহমানৰ সম্পত্তিৰ তথ্য উল্লেখ কৰে আৰক্ষীয়ে । তদন্তত আৰক্ষীয়ে ১০৪ টা স্থানত চাইবুৰ ৰহমানৰ নামে-বেনামে মাটি-সম্পত্তিৰ তথ্য লাভ কৰিছে । মুখ্যমন্ত্রীৰ তদাৰকী কোষে চাইবুৰ ৰহমানৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু কৰিছিল । প্ৰথমটো গোচৰ আছিল আয়তকৈ অধিক সম্পত্তিৰ গোচৰ আৰু দ্বিতীয়টো গোচৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী ।

লগতে পঢ়ক: ACS বিষয়া চাইবুৰ ৰহমানৰ কয়াকুছিৰ বাসগৃহত তদাৰকী কোষৰ অভিযান

প্ৰথম গোচৰটোত ন্যায়ালয়ে চাইবুৰ ৰহমানৰ জামিন মঞ্জুৰ কৰে যদিও দ্বিতীয়টো গোচৰৰ ক্ষেত্রত ন্যায়ালয়ে জামিন আবেদন খাৰিজ কৰে । আনহাতে মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই জামিন সন্দৰ্ভত মুখ খুলিব বিচৰা নাই যদিও চাৰ্জশ্বিট সময়মতে দিয়া বুলি সদৰি কৰিছে । ৰ’জী কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, চাৰ্জশ্বীট দিয়াত পলম হোৱা নাই । ৯০ দিন এতিয়াও অতিক্ৰম কৰা নাই ।

"২৪ আগষ্টতহে গ্ৰেপ্তাৰ কৰিছিল চাইবুৰ ৰহমানক । মুখ্যমন্ত্রীৰ তদাৰকী কোষত ৰুজু হোৱা গোচৰ নম্বৰ ৩/২১ আৰু ৫/২১ৰ ভিতৰত ৩/২১ নম্বৰৰ গোচৰটো হৈছে মাটি-সম্পত্তিৰ গোচৰ । আনহাতে ৫/২১ নম্বৰৰ গোচৰটো হৈছে গাঁও বুঢ়া নিযুক্তি কেলেংকাৰী । ইয়াৰে ৩/২১ নম্বৰ গোচৰটোত আশ্বৰ্যজনকভাৱে জামিন পালে চাইবুৰ ৰহমানে । অৱশ্যে আনটো গোচৰত চাইবুৰ ৰহমানে জামিন লাভ কৰা নাই ।"

লগতে আৰক্ষী অধীক্ষক ৰ'জী কলিতাই কয় যে, তদন্ত প্ৰক্ৰিয়া চলি থকা সময়তে মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ বিষয়া ক'ভিডত আক্ৰান্ত হৈছিল । আনকি গোচৰটোৰ তদন্তকাৰী বিষয়াগৰাকী নিজেই আক্ৰান্ত হৈছিল । তাৰ পিছত তেওঁলোকৰ কাৰ্য্যালয় কন্টেইমেণ্ট জ'ন ঘোষণা কৰিছিল প্ৰশাসনে । ইয়াৰ পাছতো তেওঁলোকে সময়মতে চাৰ্জশ্বীট দিয়া বুলি বিষয়াগৰাকীয়ে সদৰি কৰে ৷

লগতে পঢ়ক: ACS বিষয়া চাইবুৰ ৰহমানৰ ভাতৃৰ নামতো আছে অগাধ সম্পত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.