গুৱাহাটী,৩০ জুনঃ অতি শীঘ্ৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিব নতুন চলচ্চিত্ৰ নীতি ৷ ইতিমধ্যে নতুন চলচ্চিত্ৰ নীতিৰ বাবে চৰকাৰে প্ৰায় সম্পূৰ্ণ কৰি তুলিছে যাৱতীয় প্ৰক্ৰিয়া ৷ সম্প্ৰতি বিষয়টো বিবেচনাধীন হৈ আছে ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ ৷ দেওবাৰে বিয়লি ব্ৰহ্মপুত্ৰ অতিথিশালাত ৰাজ্যৰ চলচ্চিত্ৰ জগতখনৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ লগত হোৱা এক আলোচনাত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বৈঠকত ভাগ লৈ অসম চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ তথা জনপ্ৰিয় অভিনেতা যতীন বৰাই কয় যে,শেহতীয়াকৈ ৰাজ্যত নতুন চলচ্চিত্ৰ গৃহ নিৰ্মাণৰ বাবে নিগমে লাভ কৰিছে ২৫ টাকৈ প্ৰস্তাৱ ৷ আগন্তক অক্টোবৰ মাহৰ ভিতৰত ৰাজ্যত ৫ টা নতুন ছবিগৃহ মুকলি কৰাৰ লগতে আন ৫ টা পুৰণি ছবিগৃহ পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথাও প্ৰকাশ কৰে নিগমৰ অধ্যক্ষ গৰাকীয়ে ৷ বৈঠকত মুখ্যমন্ত্ৰী সোনোৱালে প্ৰকাশ কৰে যে,ছবিগৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰী বাচনিৰ বাবে গঠন কৰি দিয়া হ'ব এখন ৭ জনীয়া কমিটি ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ১৫০ ৰ পৰা ৩০০ আসনৰ ব্যৱস্থা থকা ছবিগৃহ নিৰ্মাণৰ বাবে চৰকাৰে ৭৫ লাখ টকা পৰ্যন্ত অনুমোদন জনাব ৷
অতি শীঘ্ৰে ঘোষণা হ'ব ৰাজ্যৰ নতুন চলচ্চিত্ৰ নীতি - গুৱাহাটী
আগন্তক অক্টোবৰ মাহৰ ভিতৰত ৰাজ্যত ৫ টা নতুন ছবিগৃহ মুকলি কৰাৰ লগতে আন ৫ টা পুৰণি ছবিগৃহ পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰে নিগমৰ অধ্যক্ষ গৰাকীয়ে ৷ বৈঠকত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে, ছবিগৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰী বাচনিৰ বাবে গঠন কৰি দিয়া হ'ব এখন ৭ জনীয়া কমিটি ৷