গুৱাহাটী, 21 নৱেম্বৰ: পঞ্চম বৰ্ষত খোজ দিলে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদে । মঙলবাৰে গুৱাহাটী মহানগৰীৰ আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰা হয় অসম ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস । উক্ত অনুষ্ঠানত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰাৰ লগতে অগপৰ বহু কেইগৰাকী জ্যেষ্ঠ নেতা আৰু ছাত্ৰ সংগঠনটোৰ নেতৃবৃন্দ ।
অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী অতুল বৰাই কয়, ‘‘2019 চনত অসম ছাত্ৰ পৰিষদ জন্ম হোৱাৰ পিছৰে পৰাই সংগঠনটোৱে ছাত্ৰ-ছাত্ৰীৰ মাজত বহু কাম কৰি আহিছে । ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বহু মহাবিদ্যালয়ত সফলতা লাভ কৰিবলৈও সক্ষম হৈছে সংগঠনটোৱে । জন্মলগ্নৰে পৰা অসম ছাত্ৰ পৰিষদে অগপৰ হকেও যথেষ্ট কাম কৰি আহিছে । অসম ছাত্ৰ পৰিষদ গঠনে অগপ দলত নতুন তেজৰ আমদানি কৰিছে ৷’’
লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তৃণমূল পৰ্যায়ত দলটোক শক্তিশালী কৰাৰ লক্ষ্য অসম গণ পৰিষদৰ । লগতে সকলো নিৰ্বাচনতে যুৱ সমাজক প্ৰাধান্য দিয়া হ’ব বুলি মন্তব্য মন্ত্ৰী অতুল বৰাৰ । বিৰোধী ঐক্যমঞ্চক সমালোচনা কৰি অতুল বৰাই কয়,‘‘এইবাৰ কংগ্ৰেছৰ ভালকৈ বিপৰ্যয় হ’ব । এনে বিপৰ্যয় কংগ্ৰেছৰ কোনো কালত চৰকাৰ থাকোতে বা নাথাকোতে হোৱা নাছিল । ভূপেন বৰাৰ কথাৰ গুৰুত্ব নাই, আজি এটা ক’ব কালি এটা ক’ব । কংগ্ৰেছে অসমক মাহী আইৰ দৃষ্টিৰে চাইছিল । এতিয়া সৰ্বেত্ৰে উন্নয়ন হৈছে ৷’’
লোকসভা নিৰ্বাচনত কেইখন আসনত প্ৰতিদ্বন্দিতা কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত অতুল বৰাই কয় যে কেইদিনমান পূৰ্বে ভাৰতীয় জনতা পাৰ্টী, ইউ পি পি এল আৰু অসম গণ পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হৈছিল । কিন্তু তাত আসন সন্দৰ্ভত কোনো আলোচনা হোৱা নাই । মিত্ৰজোঁটৰ লোকসভাৰ নিৰ্বাচনৰ আসন ভাগ-বাটোৱাৰা হোৱা নাই । নতুন বৰ্ষৰ পহিলা মাহতে আলোচনা হ’ব আসনক লৈ ।’’
তেওঁ লগতে কয় যে মিত্ৰজোঁটে 12+ আসন লাভ কৰিব । জনসাধাৰণ মিত্ৰজোঁটৰ লগত আছে । লগতে লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰতিনিধিৰ সন্দৰ্ভত মন্তব্য কৰি বৰাই কয়, ‘‘এইবাৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰতিনিধি জয়ী হ’ব । 2023 চনৰ এপ্ৰিল মাহৰ পৰাই সমষ্টিয়ে সমষ্টিয় প্ৰস্তুতি চলোৱা হৈছে ।’’