ETV Bharat / state

বহিঃৰাজ্যত আবদ্ধ লোকৰ বাবে ‘আছাম কেয়াৰ’ আঁচনি মুকলি - অসম অভিযান্ত্ৰিক মহাবিদ্যালয়

ৰাজ্যৰ স্বাস্থ্য বিভাগে সোমবাৰে মুকলি কৰে ‘আছাম কেয়াৰ’ নামৰ আঁচনি। স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মুখ্য কাৰ্যালয়ত অনলাইন বুটাম টিপি আঁচনিখন মুকলি কৰাৰ লগে লগে বহিঃৰাজ্যত থকা ৮৬ হাজাৰ জন লোকৰ প্ৰতিজনৰে বেংক একাউণ্টলৈ প্ৰেৰণ হয় ৰাজ্য চৰকাৰে সাহাৰ্য হিচাপে আগবঢ়োৱা 2000কৈ টকা । প্ৰথম পৰ্যায়ত ৮৬ হাজাৰ লোকলৈ আগবঢ়োৱা হয় ১৭ কোটি ২০ লাখ টকা ।

বহিঃৰাজ্যত আবদ্ধ লোকৰ বাবে ‘আছাম কেয়াৰ’ আঁচনি মুকলি

author img

By

Published : Apr 20, 2020, 8:24 PM IST

গুৱাহাটী, 20 এপ্ৰিল: লক ডাউনৰ সময়ছোৱাত বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলক আৰ্থিকভাৱে সকাহ দিয়াৰ নিমিত্তে সোমবাৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মুখ্য কাৰ্যালয়ত মুকলি কৰে ‘আছাম কেয়াৰ’ নামৰ আঁচনি ৷ অনলাইন বুটাম টিপি মুকলি কৰা আঁচনিখনৰ জৰিয়তে ৰাজ্য চৰকাৰে সাহাৰ্য হিচাপে আগবঢ়োৱা 2000কৈ টকা অসমৰ বাহিৰত থকা ৮৬ হাজাৰ জন লোকৰ প্ৰতিজনৰে বেংক একাউণ্টলৈ প্ৰেৰণ হয় ৷

বহিঃৰাজ্যত আবদ্ধ লোকৰ বাবে ‘আছাম কেয়াৰ’ আঁচনি মুকলি

উল্লেখ্য যে,লক ডাউনৰ সময়ত অসমৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলক বিত্তীয় সাহাৰ্য আগবঢ়াবলৈ ৰাজ্য চৰকাৰে এটা ফোন নম্বৰ মুকলি কৰি দিছিল আৰু সেই ফোন নম্বৰত মিছ কল দিয়াৰ পিছতেই সংশ্লিষ্ট লোকজনলৈ প্ৰেৰণ কৰা হয় লিংকটো । উক্ত লিংকত থকা যাৱতীয় প্ৰ-পত্ৰ সংশ্লিষ্ট ব্যক্তিয়ে পূৰণ কৰি তাক পুনৰ চৰকাৰলৈ প্ৰেৰণ কৰে আৰু তাৰ পিছত চৰকাৰে নথি-পত্ৰসমূহৰ বৈধতা পৰীক্ষা কৰি ধন মুকলিৰ বাবে উপলব্ধ কৰি দিয়ে ।

সমগ্ৰ প্ৰক্ৰিয়াটো স্পষ্ট কৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে,এই ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়,অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ সেচ্ছাসেৱক সকলৰ লগতে ১০৮ সেৱাৰ বিষয়া-কৰ্মচাৰী,জিলাৰ উপায়ুক্তসকলে আৰু আৰক্ষী অধীক্ষকসকলেও সহযোগিতা আগবঢ়ায় ।

স্বাস্থ্য বিভাগে সৰ্বমুঠ ৯ লাখ ২৯ হাজাৰ ৫৬৮ টা মিছ কল লাভ কৰে। একোজন লোকৰ পৰা ২৬৭ বাৰ পৰ্যন্ত মিছড কল লাভ কৰে স্বাস্থ্য বিভাগে । তাৰ মাজৰ পৰা ৪ লাখ ২৯ হাজাৰ ৮৫১ টা কল বাচি উলিয়াই তেওঁলোকলৈ লিংক পঠিওৱা হয়। ইয়াৰে ভিতৰত ২ লাখ ২৮ হাজাৰ ১২৬ খন প্ৰ-পত্ৰ স্বাস্থ্য বিভাগে লাভ কৰে । তাৰ মাজৰ পৰা পৰীক্ষা কৰি মুঠ ৯৯ হাজাৰ ৮৫৬ খন নথি-পত্ৰ বেংক একাউন্টে বৈধ বুলি প্ৰমাণিত কৰে আৰু তাৰ মাজৰ ৮৬ হাজাৰ লোকৰ একাউণ্টলৈ ধনৰাশি প্ৰেৰণ কৰা হয় । বাকী থকা সকলৰ একাউন্টলৈও এই সাহাৰ্যৰ ধন পঠিওৱা হ’ব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সংবাদমেলযোগে জানিবলৈ দিয়ে ।

সংবাদমেলত মন্ত্ৰী শৰ্মাই কয় যে,উত্তৰ প্ৰদেশত ৩,৮০০ জন লোকৰ উপৰিও নাগালেণ্ডত ৩,১০৬ জন,অন্ধ্ৰ প্ৰদেশত ২৮৬৮ জন,কৰ্ণাটকত ৬৮০০০ জন, তামিলনাডুত ৩৬০০০ জন,কেৰালাত ৩৪০০০ জন আৰু মহাৰাষ্ট্ৰত ২১০০০ জন অসমৰ লোক আবদ্ধ হৈ আছে।

লগতে পঢ়ক : গোৱালপাৰাত কৃষি মন্ত্ৰী অতুল বৰাৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.