ETV Bharat / state

শনিবাৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব চৰকাৰে

author img

By

Published : Aug 20, 2021, 7:44 PM IST

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ঋণ মাফৰ বাবে শনিবাৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমূহৰ লগত স্বাক্ষৰ কৰা হ’ব বুজাবুজি চুক্তি ৷ বৰ্তমান ৰাজ্যত প্ৰায় 26 লাখ ঋণগ্ৰস্ত লোক থকাৰ বিপৰীতে অনাদায় হৈ আছে প্ৰায় 12,500 কোটি টকাৰ ঋণ ৷

assam cabinet
মাইক্ৰ’ফাইনেঞ্চ কোম্পানী

নিউজ ডেস্ক, 20 আগষ্ট : মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰিবৰ বাবে শনিবাৰে কোম্পানীসমূহৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হ’ব ৷ ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো শাসন কালৰ এশ দিন পূৰ্ণ হোৱাৰ উপলক্ষে অনুষ্ঠিত হয় কেবিনেট বৈঠক ৷ এই বৈঠকতে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ৷

ইতিমধ্যে, সংসদত বাজেট উত্থাপন কৰোঁতেই মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ ক্ষেত্ৰত পুঁজি ধাৰ্য কৰিছিল চৰকাৰে ৷ ঋণ মাফৰ ক্ষেত্ৰত বান্ধি দিয়া হৈছিল কেতবোৰ স্বৰ্তাৱলী ৷ সেই সমূহ স্বৰ্ত অনুসৰিহে ঋণগ্ৰস্তই লাভ কৰিব ঋণ মাফৰ সুবিধা ৷ মাইক্ৰ’ফাইনেঞ্চ ঋণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বাজেটত ধাৰ্য কৰা হৈছিল 12000 কোটি টকা ৷

লগতে পঢ়ক : Micro Finance : প্ৰতিশ্ৰুতিৰ মতে বাজেটত পুঁজি ধাৰ্য চৰকাৰৰ

মাইক্ৰ’ফাইনেঞ্চৰ ঋণ গ্ৰহণকাৰী সকলক সকাহ দিয়াৰ বাবে Assam Micro Finance Incentive and Relief Scheme (AMFIRS), 2021 নামৰ আঁচনিখনত চৰকাৰে অনুমোদন জনাইছে ৷ এই আঁচনিখনৰ অধীনত ঋণ গ্ৰহণকাৰী লোকসকলক তিনিটা ভাগত ভাগ কৰা হৈছে ৷ প্ৰথমটো শ্ৰেণীৰ অধীনত নিয়মিতভাৱে ঋণ পৰিশোধ কৰা গ্ৰাহকক অন্তৰ্ভুক্ত কৰা হৈছে ৷ প্ৰথম শ্ৰেণীৰ অন্তৰ্গত ঋণ গ্ৰহণকাৰীক 25,000 টকাৰ সাহায্য প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ৷

আনহাতে, দ্বিতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে 1 ৰ পৰা 89 দিনৰ ভিতৰত ঋণ পৰিশোধ নকৰা সকলক ৷ তেওঁলোকক পৰিশোধ কৰিবলৈ থকা ধনৰাশি প্ৰদান কৰা হ’ব ৷ তাৰ পাচত তেওঁলোকৰ একাউন্টসমূহ পৰ্যবেক্ষণ কৰা হ’ব ৷ নিয়মীয়াকৈ পৰৱৰ্তী ঋণৰ কিষ্টি পৰিশোধ কৰিলে 25000 টকাৰ উদগনিৰ বাবে তেওঁলোকো যোগ্য হৈ পৰিব ৷

লগতে পঢ়ক : চৰকাৰৰ ১০০ দিন : কেবিনেটে ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

একেদৰে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লৈ সৰ্বস্বান্ত হৈ পৰা ঋণগ্ৰস্ত সকলক যাৰ একাউন্ট NPA হিচাপে পৰিগণিত হৈছে, তেওঁলোকক তৃতীয় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই আঁচনিৰ দ্বাৰা বিবেচিত হ’বলৈ তেওঁলোকে প্ৰ-পত্ৰত আবেদন কৰিব লাগিব ৷ এনেধৰণৰ ঋণদাতাসকল এতিয়া সম্পূৰ্ণ ৰূপে নিকা আচৰণ বিধিৰ নীতি-নিৰ্দেশনাৰ দ্বাৰা পৰিচালিত হ’ব ৷ ইয়াৰ ফলত 4000 কোটিতকৈও অধিক ধন ঋণ দাতাৰ পৰা ধন পোনে পোনে ঋণগ্ৰহণকাৰীৰ হাতলৈ যাব ৷

চলিত বৰ্ষত এই ঋণ ৰেহায়ৰ বাবে প্ৰয়োজন হ’ব 12000 কোটি টকা ৷ অৱশ্যে ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানে ঋণ গ্ৰহণকাৰীক লাভালাভ আগবঢ়োৱাৰ ওপৰত ভিত্তি কৰি এই পৰিমাণ 7,500 কোটি লৈ হ্ৰাস হ’ব ৷ বৰ্তমান ৰাজ্যত প্ৰায় 26 লাখ ঋণগ্ৰস্ত লোক থকাৰ বিপৰীতে অনাদায় হৈ আছে প্ৰায় 12,500 কোটি টকাৰ ঋণ ৷

লগতে পঢ়ক : মহানগৰীত বন্ধ হ'ব পেট্ৰ'ল-ডিজেল চালিত বাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.