ETV Bharat / state

Assam Cabinet: বড়ো অধ্যুষিত ৪১খন গাঁও অন্তৰ্ভুক্ত কৰা হ'ব বিটিআৰত; ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত - Assam Police

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ৰাজ্যৰ এক লাখ যুৱক-যুৱতীক ক্ৰমে দুই লাখ, তিনি লাখ আৰু পাঁচ লাখ টকা দিয়া হ'ব । ইয়াৰে ৫০ শতাংশ গ্ৰান্ট আৰু ৫০ শতাংশ সুদ বিহীন ঋণ । আনহাতে আৰক্ষীৰ লোকৰ ৰেচনৰ টকা পূৰ্বে ২০০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি । ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷

Assam Cabinet
ৰাজ্যিক কেবিনেটৰ বৈঠক
author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 1:10 AM IST

ৰাজ্যিক কেবিনেটৰ বৈঠক

গুৱাহাটী,১২ ছেপ্টেম্বৰ: বি টি আৰ চুক্তি অনুসৰি বড়ো অধ্যুষিত ৪১খন গাঁও বি টি আৰত অন্তৰ্ভুক্ত কৰা হ'ব । জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত মঙলবাৰে এই সিদ্ধান্ত লোৱা হয় ৷ ইয়াৰ উপৰি অসম আৰক্ষীৰ কনিষ্টবলসকলৰ চাকৰি জীৱনত তিনিবাৰ পদোন্নতি কৰাৰ সিদ্ধান্ত লোৱা হয় ৷

উল্লেখ্য যে, মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত মঙলবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসম আৰক্ষী কনিষ্টবলসকলৰ পদোন্নতি আঠ বছৰৰ মূৰে মূৰে হ'ব । চাকৰি জীৱনত তিনিবাৰ হ'ব পদোন্নতি । আনহাতে আৰক্ষীৰ লোকৰ ৰেচনৰ টকা পূৰ্বৰ ২০০০ টকাৰ পৰা ২৫০০ টকালৈ বৃদ্ধি কৰা হৈছে । আৰক্ষীৰ লোকে এতিয়াৰে পৰা মাহৰ ২৫০০ টকাকৈ লাভ কৰিব । আজিৰ কেবিনেটে এইক্ষেত্রত অনুমোদন জনায় ।

সংস্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামেৰে এক আঁচনি আৰম্ভ কৰা হৈছে । ইয়াৰ যোগেদি এক লাখ যুৱক-যুৱতীক ক্ৰমে দুই লাখ, তিনি লাখ আৰু পাঁচ লাখ টকা দিয়া হ'ব । ইয়াৰে ৫০ শতাংশ গ্ৰান্ট আৰু ৫০ শতাংশ সুদ বিহীন ঋণ । কেবিনেটৰ সিদ্ধান্ত অনুসৰি গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰ কাষত এটা ইউনিটি ম'ল নিৰ্মাণ কৰা হ'ব । যাৰ বাবে ব্যয় হ'ব ২২৬ কোটি টকা । আজিৰ কেবিনেটে এই পুঁজিৰ অনুমোদন জনায় ।

এই ইউনিটি ম'লত থাকিব প্ৰতিখন জিলাৰ কাউণ্টাৰ । সেইদৰে বি টি আৰ চুক্তি অনুসৰি বড়ো অধ্যুষিত ৪১খন গাঁও বি টি আৰত অন্তৰ্ভুক্ত কৰা হ'ব । ৬০ খন গাঁও অন্তৰ্ভূক্ত কৰাৰ কথা আছিল । বাকী গাঁওকেইখনৰ অন্তৰ্ভুক্তি কৰা ক্ষেত্ৰতে পিচত আলোচনা কৰা হ'ব । আনহাতে পাঁচখন পলিটেকনিকৰ প্ৰৱক্তাৰ চাকৰি ম্যাদ বৃদ্ধি কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটত লোৱা হয় ।

লগতে পঢ়ক: Assam Assembly: শিলসাঁকোৰ উচ্ছেদ আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীক লৈ উত্তাল বিধানসভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.