নিউজ ডেস্ক , 20 আগষ্ট : এতিয়াৰে পৰা দশম শ্ৰেণীলৈ বাধ্যতামূলক হ'ব ভূগোল আৰু বুৰঞ্জী বিষয় ৷ শুকুৰবাৰে অনুষ্ঠিত চৰকাৰৰ চতুৰ্দশ কেবিনেটত ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাই ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জানিবলৈ দিয়া অনুসৰি এতিয়াৰে পৰা ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত দশম শ্ৰেণীলৈকে ভূগোল আৰু বুৰঞ্জী বিষয় বাধ্যতামূলক হ'ব ৷
-
Coinciding with our Govt's completion of 100 days, the weekly Cabinet today made some significant decisions aimed at taking governance to grassroots, providing more relief to poor, reforming education sector as per #NEP and joining global campaign against carbon emission, etc. pic.twitter.com/EZKU9OzkP6
— Himanta Biswa Sarma (@himantabiswa) August 20, 2021 " class="align-text-top noRightClick twitterSection" data="
">Coinciding with our Govt's completion of 100 days, the weekly Cabinet today made some significant decisions aimed at taking governance to grassroots, providing more relief to poor, reforming education sector as per #NEP and joining global campaign against carbon emission, etc. pic.twitter.com/EZKU9OzkP6
— Himanta Biswa Sarma (@himantabiswa) August 20, 2021Coinciding with our Govt's completion of 100 days, the weekly Cabinet today made some significant decisions aimed at taking governance to grassroots, providing more relief to poor, reforming education sector as per #NEP and joining global campaign against carbon emission, etc. pic.twitter.com/EZKU9OzkP6
— Himanta Biswa Sarma (@himantabiswa) August 20, 2021
মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, আগন্তুক বৰ্ষৰ পৰা ৰাজ্যৰ প্ৰতিখন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হ’ব ৷ ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি প্ৰতিখন জুনিয়ৰ কলেজত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান হ'ব ৷ এই ব্যৱস্থাৰ বাবে বিদ্যালয় একত্ৰীকৰণ আৰু অন্যান্য প্ৰয়োজনীয় পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব বুলি ড৹ শৰ্মাই সদৰী কৰে ৷
লগতে পঢ়ক : মহানগৰীত বন্ধ হ'ব পেট্ৰ'ল-ডিজেল চালিত বাছ
অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰীকৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷
বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে ১০০ দিন সম্পূৰ্ণ কৰে ৷ মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ এশ দিন সম্পূৰ্ণ হোৱাৰ উপলক্ষ্যে অনুষ্ঠিত হোৱা চতুৰ্দশ কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটে গ্ৰহণ কৰা কোইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে ৷ গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ বিষয়ে উল্লেখ কৰে ৷
লগতে পঢ়ক : চৰকাৰৰ ১০০ দিন : কেবিনেটে ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত