ETV Bharat / state

উপায়ুক্তক কৰ্মচাৰী বদলিৰ কৰ্তৃত্ব প্ৰদান : নিৰ্দেশনা জাৰি - transfer employees

ৰাজ্যৰ কৰ্মচাৰী(Employee) ৰদ-বদল বা বদলিৰ কৰ্তৃত্ব উপায়ুক্তসকলক অৰ্পণ ৰাজ্যিক কেবিনেটৰ ৷ অৱশ্যে এই বদলি একেখন জিলাৰ ভিতৰতে হ’ব লাগিব বুলি কৰ্মচাৰী বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাই জানিবলৈ দিয়ে ৷

authority for transfer employees to all dcs
উপায়ুক্তক কৰ্মচাৰী বদলিৰ কৰ্তৃত্ব প্ৰদান
author img

By

Published : Sep 10, 2021, 2:05 PM IST

Updated : Sep 10, 2021, 3:26 PM IST

গুৱাহাটী, 10 ছেপ্তেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰে সপ্তাহে সপ্তাহে অনুষ্ঠিত কৰি অহা কেবিনেট বৈঠকসমূহৰ প্ৰায় প্ৰতিখনতে ৰাজ্যৰ প্ৰশাসনীয় সংস্কাৰ সম্পৰ্কীয় কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে । ইয়াৰে এক অংশস্বৰূপে এতিয়াৰে পৰা কৰ্মচাৰী(Employee) ৰদ-বদল বা বদলিৰ কৰ্তৃত্ব অৰ্পণ কৰা হৈছে উপায়ুক্তসকলক ।

authority for transfer employees to all dcs
উপায়ুক্তক কৰ্মচাৰী বদলিৰ কৰ্তৃত্ব প্ৰদান

শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাই জাৰি কৰিছে এই সম্পৰ্কীয় নিৰ্দেশনা । নতুনকৈ জাৰি কৰা এই নিৰ্দেশ অনুসৰি এতিয়াৰে পৰা নিজ নিজ জিলাৰ ভিতৰত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ বদলিৰ নিৰ্দেশ দিব পাৰিব সকলো উপায়ুক্তই ।

ইয়াৰ বাবে সংশ্লিষ্ট বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ অনুমতি লোৱাৰ কোনো প্ৰয়োজন নাই । অৱশ্যে এই বদলি এখন জিলাৰ পৰা আন এখন জিলালৈ হ’ব নোৱাৰিব । এই বদলি হ’ব লাগিব একেখন জিলাৰ ভিতৰতে । আনহাতে, কনিষ্ঠ অভিযন্তা, নাৰ্চ, চিকিৎসা কৰ্মী আদিৰ বদলিৰ ক্ষেত্ৰতো সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছে জিলা উপায়ুক্তসকলক ।

লগতে পঢ়ক: লোকসেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত চিৰাং জিলা প্ৰশাসনৰ বৈঠক

Last Updated : Sep 10, 2021, 3:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.