ETV Bharat / state

ৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ বতাহঃ কোনে কাক টিকট দিব?

author img

By

Published : Sep 26, 2019, 2:57 PM IST

ঢাল তৰোৱাল লৈ সাজু হৈছে ৰাজনৈতিক দল সমূহ ৷ কোন দলে কাক প্ৰাৰ্থীত্ব দিব ? উপ নিৰ্বাচনত জয় নিশ্চিত কৰাৰ বাবে কংগ্ৰেছ আৰু বিজেপিৰ কি ৰণ নীতি হ'ব তাক লৈ চলিছে জল্পনা কল্পনা ৷

ৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ বতাহঃ কোনে কাক টিকট দিব?

গুৱাহাটী, 26 ছেপ্টেম্বৰঃৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ বতাহ, বিজেপি,কংগ্ৰেছ,অগপকে ধৰি প্ৰতিটো দলেই ব্যস্ত উপ নিৰ্বাচনক লৈ । ইতিমধ্যে বিজেপি দলে ঘোষণা কৰিছে তেওঁলোকৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তিনিজনীয়া পেনেল। কাৰ দখললৈ যাব উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া চাৰিটা বিধানসভা সমষ্টিক লৈ চলিছে ব্যাপক জল্পনা কল্পনা ৷ ইতিমধ্যে বিজেপি দলে এটা সমষ্টিক বাদ দি প্ৰস্তুত কৰি উলিয়াইছে তিনিটা সমষ্টিৰ প্ৰাৰ্থী তালিকাৰ পেনেল ৷ এই তিনিটা সমষ্টিৰ ভিতৰত সোণাৰী সমষ্টিত নৱনীতা সন্দিকৈ,স্বাক্ষৰ গগৈ,অনুপ সিং ৰাজপুৰোহিত ৷ ৰাতাবাৰীত বিজয় মালাকাৰ,জয়দেৱ দাস, সুনীল বিন আৰু ৰঙাপৰা সমষ্টিত ৰাজেন বৰঠাকুৰ,বাটাছ ওৰাং,কেশৱ উপাধ্যায়ৰ, জনীয়া সমষ্টিত এতিয়ালৈকে চূড়ান্ত হোৱা নাই প্ৰাৰ্থীৰ পেনেল ৷ জনীয়া সমষ্টিৰ কৰ্তৃত্ব ৰঞ্জিত দাসক অৰ্পণ কৰিছে নিৰ্বাচনী সমিতিয়ে ৷

একেদৰে ঢাল তৰোৱাল লৈ সাজু হৈছে ৰাজনৈতিক দল সমূহো ৷ কোন দলে কাক প্ৰাৰ্থীত্ব দিব ? উপ নিৰ্বাচনত জয় নিশ্চিত কৰাৰ বাবে

কংগ্ৰেছ আৰু বিজেপিৰ কি ৰণ নীতি হ'ব তাক লৈ চলিছে জল্পনা কল্পনা ৷ বিৰোধী দল কংগ্ৰেছও সাজু হৈছে উপ নিৰ্বাচনৰ বাবে। ইতিমধ্যে উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছে যদিও কোনটো সমষ্টিত কোনজন প্ৰাৰ্থীক টিকট দিব তাৰে অংক চলিছে ৰাজীৱ ভৱনত। এতিয়াও প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱা নাই যদিও সম্ভাৱ্য নাম উচ্চাৰিত হৈছে কংগ্ৰেছৰ ভিতৰ মহলত ৷ আমালৈ অহা তথ্য অনুসৰি ৰঙাপৰাৰ সমষ্টিত নাম উচ্চাৰিত হৈছে প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীৰ কিন্তু , আন এগৰাকী কংগ্ৰেছ কৰ্মী চুনীল টুটিয়েও টিকট পোৱাৰ সম্ভাৱনা নথকা নহয় ৷ একেদৰে সোনাৰি সমষ্টিৰ পৰা উৎপল গগৈ,সুশীল চুৰি,অনুজ বৰকাকতিৰ নাম উচ্চাৰিত হৈছে ৷ জনীয়া সমষ্টিৰ পৰা প্ৰাক্তন বিধায়ক এ আৰ খান,প্ৰাক্তন বিধায়ক আব্দুল ৰাফে প্ৰাৰ্থীত্ব বিচাৰিছে যদিও আমিনুল ইছলামৰ নাম অধিক চৰ্চিত হৈ আছে । ইফালে ৰাতাবাৰী সমষ্টিত চাহ জনগোষ্টীৰ ফালৰ পৰা এই পৰ্যন্ত ৩ খন, বেংগলী সম্প্ৰদায়ৰ ফালৰ পৰা ৪ খন আবেদন দিছে টিকট বিচাৰি ৷

আনহাতে অগপ দলে উপ নিৰ্বাচনত কোনোধৰণৰ প্ৰতিদ্বন্দিতা নকৰে । চাৰিটা সমষ্টিতে বিজেপিক সহায় কৰাৰ কথা ইতিমধ্যে অগপৰ সভাপতিয়ে ঘোষণা কৰিছে। বিপৰীতে এ আই ইউ ডি এফৰ এই উপ নিৰ্বাচনত গুৰুত্ব পূৰণ ভূমিকা থাকিব ৷ জনীয়া সমষ্টিত ৰফিকুল ইছলামক টিকট প্ৰদান কৰাৰ সম্ভাৱনা আছে এ আই ইউ ডি এফ দলে । কিন্তু সোনাৰী,ৰাতাবাৰী আৰু ৰঙিয়া এই তিনিটা সমষ্টিত এ আই ইউ ডি এফ দলে কাক প্ৰাৰ্থীত্ব দিব সেয়া এতিয়ালৈকে স্পষ্ট কৰা নাই ৷

Intro:Gfx - ৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ বতাহ
Gfx - ঢাল তৰোৱাল লৈ সাজো হৈছে ৰাজনৈতিক দল সমূহো
Gfx - কোন দলে কাক প্ৰাৰ্থীত্ব দিব
Voice- উপ নিৰ্বাচনৰ জয় নিশ্চিত কৰাৰ বাবে
Gfx কংগ্ৰেছ আৰু বিজেপিৰ কি ৰণ নীতি হব
Gfx- কি ভূমিকা হব অগপ আইউডফৰ
Voice- তাকে লৈ চর্চা চলিছে ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ মাজত ।
Body:Voice- বিৰোধী দল কংগ্ৰেছও সাজো উপ নিৰ্বাচনৰ বাবে । ইতিমধ্যে উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছে। তাৰিখ ঘোষণাৰ লগে কোনটো সমষ্টিত কোনজন পাৰ্থিক টিকট দিব তাৰে অংক চলিছে ৰাজীৱ ভৱনত ।
• ৰঙাপৰাৰ পৰা প্ৰাৰ্থীত্ব পোৱা সম্ভাৱনা প্ৰাক্তন বিধায়ক ভিমানন্দ তাঁতী কিন্তু প্ৰাৰ্থীত্বৰ দাবীদাৰ চুনীল টুটিও টিকট পোৱাৰ সম্ভাবনা আছে ।
• শুনাৰী সমষ্টিতৰ পৰা উৎপল গগৈ , সুশীল চুৰি , অনুয বৰকাকটি অন্যতম দাবীদাৰ
• জনীয়া সমষ্টিৰ পৰা প্ৰাক্তন বিধায়ক এ আৰ খান , প্ৰাক্তন বিধায়ক আব্দুল ৰাফও প্ৰাৰ্থীত্ব বিচাৰিছে যদিও আমিনুল ইছলামৰ নাৰ অধিক চৰ্চিত হৈ আছে ।
• ৰাতাবাড়ি সমষ্টিত - চাহ জনগোষ্টীৰ পাৰ্টিৰ ৩ খন আবেদন , আৰু বেংগলী সম্পদয়ৰ ৪ খন আবেদন আহিছে কিন্তু টিকট কাক দিয়া হব সেয়া অতিলৈকে নিশ্চিত হোৱা নাই ।
Byt- সাধাৰণ সম্পাদক ৰঞ্জন বৰা
Voice- আনহাতে অগপই উপ নিৰ্বাচনত কোনোধৰণ প্ৰতিদ্বন্দিতা নকৰে । চাৰিটা সমষ্টিতে বিজেপিক সহায় কৰিম বুলি ইতিমধ্যে অগপৰ সভাপতিয়ে ঘোষণা কৰিছে ।

Conclusion:Voice- এইউডফৰ এই উপ নিৰ্বাচনত গুৰুত্ব পূৰণ ভূমিকা থাকিব
• জনীয়া সমষ্টিত ৰফিকুল ইছলামিক টিকট প্ৰদান কৰিব আইউদফে । কিন্তু শুনাৰী , ৰাতাবাৰী আৰু ৰঙিয়া এই তিনিটা সমষ্টিত আইউডফ আৰু কংগ্ৰেছৰ মাজত গোপন মিতিৰালী কৰাৰ সম্ভাৱনা ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.