ETV Bharat / state

Assam Budget 2022-23: যোগাযোগ ব্যৱস্থা উন্নীতকৰণৰ বাবে চাৰে আঠ হাজাৰ কোটি - অসম বিধানসভা বাজেট

বুধবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা 2022-23 বিত্তীয় বৰ্ষৰ বাজেট(Assam Budget 2022-23)ত কেইবাখনো নতুন দলং নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হয় ৷ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটত লোকনিৰ্মাণ বিভাগৰ বাবে ধাৰ্য কৰা হৈছে ৮,৫৭৬.২৫ কোটি টকা । SOPD ৰ অধীনত ২৬১ কিলোমিটাৰ দৈৰ্ঘৰ ১৪ টা পথৰ কাম হাতত লোৱা হৈছে ।

Assam Budget 2022-23: যোগাযোগ ব্যৱস্থা উন্নীতকৰণৰ বাবে চাৰে আঠ হাজাৰ কোটি

author img

By

Published : Mar 16, 2022, 6:09 PM IST

গুৱাহাটী, ১৬ মাৰ্চ: ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থা আৰু অধিক উন্নত কৰি তোলা তথা কেইবাখনো নতুন দলং আদি নিৰ্মাণ কৰাৰ বাবে ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট(Assam Budget 2022-23)ত লোকনিৰ্মাণ বিভাগৰ বাবে ধাৰ্য কৰা হৈছে ৮,৫৭৬.২৫ কোটি টকা । বুধবাৰে বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ২০২২-২৩ ৰ বাজেটত উল্লেখ কৰা হয় যে, SOPD ৰ অধীনত ২৬১ কিলোমিটাৰ দৈৰ্ঘৰ ১৪ টা পথৰ কাম হাতত লোৱা হৈছে । ইয়াৰে ২৮.৯ কিলোমিটাৰৰ এটা পেকেজৰ কাম সম্পূৰ্ণ হৈছে আৰু ১১.৪ কিলোমিটাৰ দৈৰ্ঘৰ শিঙিমাৰী-শুৱালকুছি পথক চাৰিলেনযুক্ত কৰাৰ আন এক পেকেজৰ কাম সম্পূৰ্ণ হোৱাৰ পথত ।

আছাম ছেকেণ্ডেৰী ৰোড নেটৱৰ্ক ইমপ্ৰুভমেন্ট প্ৰজেক্টৰ অধীনত প্ৰায় ২৫০ কিলোমিটাৰ দৈৰ্ঘৰ ৬ টা পথ নিৰ্মাণৰ কাম হাতত লোৱা হ’ব । লখিমপুৰৰ পৰা মাজুলীলৈ সংযোগ স্থাপনৰ বাবে ধূনাগুৰিত সোৱনশিৰিৰ লগতে লুইতৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া দুখন প্ৰধান দলং নিৰ্মাণৰ কাম এই প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছে (Assam budget on transportation)।

আনহাতে, আছাম ৰোড নেটৱৰ্ক ইমপ্ৰুভমেন্ট প্ৰজেক্টৰ অধীনত ৩১২ কিলোমিটাৰ দৈৰ্ঘৰ আন ৬ টা পথৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে । ডিমা হাচাও, কাৰ্বি আংলং আৰু বি টি আৰৰ প্ৰত্যেকতে এটাকৈ সংযোগী পথ নিৰ্মাণৰ কামো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে । ঘূণাসুঁতিত সোৱণশিৰিৰ ওপৰত এখন দলঙৰ লগতে দুখন প্ৰধান দলঙক সামৰি ২৩৭ কিলোমিটাৰ দৈৰ্ঘৰ ৭ টা পথ আৰু লখিমপুৰ আৰু বেবেজীয়াক সংযোগ কৰাৰ বাবে দুখন ক্ষুদ্ৰ দলং সামৰি পথ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে । বাজেটত আৰু উল্লেখ কৰা হয় যে অসম মালা আঁচনিৰ অধীনত ২০২২-২৩ বিত্তীয় বৰ্ষত শালমাৰা-আন্ধেৰীঘাট-খৈৰাবাৰী-টংলা-পানেৰীৰ ৫২ কিলোমিটাৰ, কানাইবাজাৰ-অনিপুৰ-দূৰ্লভচেৰাৰ ৩২ কিলোমিটাৰ, ঠেকেৰাগুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ৩২ কিলোমিটাৰ আৰু ৩৭ৰ পৰা বৰদোৱালৈ কালিস্থান দিপোতাৰ ২৭ কিলোমিটাৰ পথ সামৰি লোৱা হৈছে ।

মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনিৰ অধীনত পি এম জি এছ ৱাইৰ অধীনত নিৰ্মিত ২০০০ কিলোমিটাৰ দৈৰ্ঘৰ পথ ২০২২-২৩ বৰ্ষত ৩২০ কোটি টকাৰে উন্নীত কৰিবলৈ এইবাৰৰ বাজেটত প্ৰস্তাৱ লোৱা হৈছে । আনহাতে, মুখ্যমন্ত্ৰীৰ মথাউৰি পকীকৰণ আচনিৰ অধীনত অহা দুবছৰত গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুজিৰ জড়িয়তে ১১০৭.৭৮ কোটি টকা ব্যয়ৰে নদীৰ মথাউৰিৰ ওপৰত ৫০০ কিলোমিটাৰ দৈৰ্ঘৰ সকলো বতৰৰ উপযোগী পথ নিৰ্মাণৰ প্ৰস্তাৱ লোৱা হয় এই নতুন বাজেটত ।

মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আচনিৰ অধীনত ২,৫৫০ কোটি টকাৰে ৩,০০০ কিলোমিটাৰ বুনিয়াদী পথ নিৰ্মাণ কৰাৰ কথাও বাজেটত ঘোষণা কৰা হয় । আনহাতে, মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত ১৩৫০ কিলোমিটাৰ পথ ১৪৮৫ কোটি টকাৰে নিৰ্মাণ কৰা হব বুলিও বাজেটত ঘোষণা কৰা হয় ।

লগতে পঢ়ক: Assam Budget 2022-23: কেইবাখনো শিক্ষানুষ্ঠানৰ বাবে বাজেটত বিশেষ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.