ETV Bharat / state

অসম বাজেট 2020ৰ পৰা কি আশা ব্যৱসায়ীসকলৰ! - Assam Budget 2020 businessman reaction assam etv bharat news

৬ মাৰ্চত অসম বিধানসভাত দাখিল কৰা হ'ব অসম বাজেট ২০২০ । এই বাজেটক লৈ ব‍্যৱসায়ীসকলে কি কয় সেই সন্দৰ্ভত ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷

Assam Budget 2020 businessman reaction assam etv bharat news
অসম বাজেট 2020
author img

By

Published : Feb 29, 2020, 11:06 PM IST

গুৱাহাটী,29 ফেব্ৰুৱাৰীঃ ৬ মাৰ্চত অসম বিধানসভাত দাখিল কৰা হ'ব অসম বাজেট ২০২০ । এই বাজেটক লৈ ব‍্যৱসায়ীসকলে কি কয় সেই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন-

অসম বাজেট 2020

ফাইনাৰৰ অধ‍্যক্ষ বিনোদ লোহিয়াৰ মতে,'চৰকাৰৰ পৰা আমি সদায় ব‍্যৱসায়ৰ বাবে ভাল পৰিৱেশ এটা বিচাৰো ৷ যিহেতু অৰ্থ নহলে সকলো অনৰ্থ হয় সেয়েহে উদ‍্যোগিক ক্ষেত্ৰত বাজেট বৃদ্ধি কৰাটো বিচাৰো । লগতে জি এছ টি-ৰ ক্ষমতা যিহেতু কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে সেয়ে ইয়াৰ পৰা আমি বৰ বেছি আশা নকৰো । কিন্তু আমাৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিহেতু নেডাৰ অধ্যক্ষ হোৱাৰ লগতে কেন্দ্ৰৰ লগত তেখেতৰ ভাল সম্পৰ্ক আছে সেয়েহে আমি এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কাম কৰিব বুলি আমি আশাবাদী’। ইয়াৰোপৰি,বৰ্তমান সময়ত বহু অভিভাৱকে তেওঁলোকৰ ল’ৰা-ছোৱালীক ব‍্যৱসায় কৰিব নিদিয়াতো বৰ বেয়া লক্ষণ হৈছে । নতুন প্ৰজন্ম ব‍্যৱসায়ত নামিবই লাগিব নহ’লে উদ‍্যোগিক বিকাশ নহ’ব । লগতে আমাক থলুৱা ব‍্যৱসায় লাগিব,থলুৱা যুৱক-যুৱতীৰে যিটো "ইষ্ট অ'ফ ডুয়িং" ব‍্যৱসায় হ’ব ।

আনহাতে,পাট-মুগাৰ ব‍্যৱসায়ী দীপ দাসে কয়,‘আমি এখন জনমুখী, কল‍্যাণকামী বাজেট বিচাৰো ৷ লগতে ক্ষুদ্ৰ ব‍্যৱসায়ীসকলক চৰকাৰে বিশেষ গুৰুত্ব দিব বুলি আমি আশাবাদী’।

লগতে চাওকঃমেঘালয়ত অব্যাহত সান্ধ্য আইন,বন্ধ ইণ্টাৰনেট সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.