ETV Bharat / state

Assam Book Fair Guwahati : ২৯ ডিচেম্বৰৰ পৰা চানমাৰিত দ্বিতীয় অসম গ্ৰন্থমেলা

author img

By

Published : Dec 14, 2022, 8:43 PM IST

গ্ৰন্থপ্ৰেমীসকলৰ বাবে গ্ৰন্থৰ সুবাস লৈ এইবাৰ গুৱাহাটীত অসম গ্ৰন্থমেলা (Assam Book Fair Guwahati 2022) । বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰ্যায়ক্ৰমে চলি আছে অসম গ্ৰন্থমেলা । অহা ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব দ্বিতীয় অসম গ্ৰন্থমেলা গুৱাহাটী । এইবাৰ ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে চানমাৰিত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা ।

Book fair
Book fair
২৯ ডিচেম্বৰৰ পৰা চানমাৰিত দ্বিতীয় অসম গ্ৰন্থমেলা

গুৱাহাটী, ১৪ ডিচেম্বৰ : গ্ৰন্থপ্ৰেমীসকলৰ বাবে গ্ৰন্থৰ সুবাস লৈ এইবাৰ গুৱাহাটীত অসম গ্ৰন্থমেলা (Assam Book Fair Guwahati 2022) । বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰ্যায়ক্ৰমে চলি আছে অসম গ্ৰন্থমেলা । গ্ৰন্থৰ সুবাস লোৱাৰ বতৰত উচ্ছসিত গ্ৰন্থপ্ৰেমী । কিন্তু গ্ৰন্থমেলা বুলিলেই সকলোৰে মনলৈ আহে চানমাৰিত অনুষ্ঠিত গ্ৰন্থমেলাৰ কথা ।

এইবাৰ চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে অসম গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদ (Assam Prakashan Parishad) আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্ৰেতা সংস্থাৰ (All Assam Book Publishers and salers Association) উদ্যোগত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ'ব এই অসম গ্ৰন্থমেলা । অহা ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব দ্বিতীয় অসম গ্ৰন্থমেলা গুৱাহাটী (Guwahati Book Fair 2022) ।

এইবাৰ ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে চানমাৰিত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা । অসম গ্ৰন্থমেলা গুৱাহাটী সন্দৰ্ভত তথ্য প্ৰকাশ কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই (Assam Prakashan Parishad Secretary Pramod Kalita) কয়, "অসম গ্ৰন্থমেলা গুৱাহাটীৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে । বৃহস্পতিবাৰে গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰা হ'ব ।

গুৱাহাটী গ্ৰন্থমেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লী, কলকাতা, পঞ্জাব তথা বাংলাদেশৰ ১১ টা প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব । গ্ৰন্থমেলাৰ ষ্টল অনুপাতে অধিক প্ৰকাশন গোষ্ঠীয়ে যোগাযোগ কৰিছে । ইতিমধ্যে বিপণীৰ বুকিং বন্ধ কৰি দিবলগা হৈছে । বিপণীৰ বাবে কিছুসংখ্যক প্ৰকাশন গোষ্ঠী অপেক্ষাত থাকিবলগীয়া হৈছে ।" উল্লেখ্য, অসম গ্ৰন্থমেলা গুৱাহাটীৰ উদ্বোধনী অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ (Education Minister Ranoj Pegu) লগতে ইণ্ডোনেছিয়াৰ বিশ্ব প্ৰসিদ্ধ পৰিবেশ্য কবি তাৰা নৌচানত্ৰা উপস্থিত থাকিব ।

তদুপৰি, গুৱাহাটী গ্ৰন্থমেলালৈ জনপ্ৰিয় লেখক দুৰ্জয় দত্তকে ধৰি অসম আৰু ভাৰতবৰ্ষৰ কেইবাগৰাকীও বিশিষ্ট লেখক-সাহিত্যিকে অংশগ্ৰহণ কৰিব । আনহাতে, প্ৰকাশন গোষ্ঠীসমূহেও পাঠকক নতুন নতুন গ্ৰন্থৰ সোৱাদ দিবলৈ নতুন গ্ৰন্থ প্ৰকাশৰ যো-জা চলাইছে । অসম প্ৰকাশন পৰিষদে কুৰিখনতকৈও অধিক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে ।

উল্লেখ্য, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ইতিমধ্যে ধেমাজি, যোৰহাট, নলবাৰীত আয়োজন কৰা গ্ৰন্থমেলাত পাঠক সমাজৰ যথেষ্ট সমাদৰ লাভ কৰিছে । এই গ্ৰন্থমেলাই অসমত গ্ৰন্থ আন্দোলনৰ পৰিৱেশ গঢ়ি তুলিব পাৰিব বুলি আশাবাদী প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা ।

লগতে পঢ়ক :Brush Stoke Short Film: নীলপৱন বৰুৱাৰ জীৱনভিত্তিক চুটি ছবিয়ে অৰ্জন কৰিলে খিতাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.