ETV Bharat / state

Assam Book Fair 2022: 12 দিনীয়াকৈ আৰম্ভ হ’ল অসম গ্ৰন্থমেলা 2022

author img

By

Published : Dec 29, 2022, 8:17 PM IST

গ্ৰন্থৰ সুবাসত মতলীয়া হৈছে গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰ ৷ কাৰণ, অপেক্ষাৰ অন্তত বৃহস্পতিবাৰৰ পৰা 12 দিনীয়াকৈ অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা 2022 ৷ 2 জানুৱাৰীত গ্ৰন্থমেলাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

Assam Book Fair 2022
12 দিনীয়াকৈ আৰম্ভ হ’ল অসম গ্ৰন্থমেলা 2022

গুৱাহাটী, 28 ডিচেম্বৰ: বৃহস্পতিবাৰৰ পৰা ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত(Assam engineering Institute playground) আৰম্ভ হৈছে অসম গ্ৰন্থমেলা(Assam Book Fair 2022) ৷ অসম প্ৰকাশন পৰিষদ(Publication Board Assam) আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ(All Assam Publishers and Booksellers Association) যৌথ উদ্যোগত আয়োজন কৰা হৈছে এই গ্ৰন্থমেলা ৷ বৃহস্পতিবাৰে সন্ধিয়া গ্ৰন্থমেলাখন উদ্বোধন কৰে আন্তৰ্জাতিক খ্যাতি সম্পন্ন ইণ্ডোনেছিয়াৰ পৰিৱেশ্য কাব্য শিল্পী তাৰা নোইচন্তাৰাই(Tara Nusantara from Indonesia) ।

উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই(Pramod Kalita) ৷ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননী গোপাল মহন্তই(Nani Gopal Mahanta)আৰু বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট লেখক, সাহিত্য সমালোচক ড৹ গোৱিন্দ প্ৰসাদ শৰ্মা(Gobinda Prasad Sarma), অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাকে(Sumanta Chaliha) ধৰি কেইবাগৰাকীও ব্যক্তি । উল্লেখ্য যে, এইবাৰ বিশিষ্ট কথাশিল্পী ড৹ প্ৰণৱজ্যোতি ডেকালৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২২ আগবঢ়োৱা হয় । বান্ধৱ প্ৰকাশনে প্ৰকাশ কৰা “প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প” শীৰ্ষক গ্ৰন্থখনৰ বাবে এই বঁটাৰ বাবে ড৹ ডেকাক নিৰ্বাচন কৰা হৈছে ৷ এই বঁটাত আছে লেখকৰ বাবে নগদ ৫ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰ টোপোলা ৷ লগতে প্ৰকাশকৰ বাবে ৩ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰ টোপোলা ।

অনুষ্ঠানত প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ৩৮ খন নতুন গ্ৰন্থৰ ১৫ খন গ্ৰন্থ উন্মোচন কৰা হয় । অনুষ্ঠানত উদ্বোধনী ভাষণ দি ইণ্ডোনেছিয়াৰ পৰিৱেশ্য কাব্য শিল্পী তাৰা নোইচন্তাৰাই কয় যে অসমলৈ আহি তেওঁ অভিভূত হৈছে । অসমৰ সংস্কৃতি বৰ্ণময় বুলি তেওঁ উল্লেখ কৰি কয়- ‘‘অসমৰ মানুহ অতিথি প্ৰিয় ।’’

অনুষ্ঠানত অংশ লৈ ড৹ ননী গোপাল মহন্তই অসমীয়া ভাষা সাহিত্যৰ বৰ্ণিল ইতিহাস আৰু প্ৰত্যাহ্বানমূলক যাত্ৰাৰ বিষয়ে চমু ভাষণ দিয়ে । বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে গ্ৰন্থৰ যাত্ৰা অব্যাহত থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে । অনুষ্ঠানত ভাষণ দি বিশিষ্ট সাহিত্যিক গোবিন্দ প্ৰসাদ শৰ্মাই কয়, ‘‘অসমীয়া‌ মানুহে কিতাপ পঢ়ে । ভাল কথা যে অসমৰ বিভিন্ন ঠাইত গ্ৰন্থমেলা অনুষ্ঠিত হয় ।’’ ইফালে, সচিব প্ৰমোদ কলিতাই জনায় যে গ্ৰন্থমেলাত ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ ১৫০টাৰো অধিক প্ৰকাশন গোষ্ঠীয়ে যোগদান কৰিছে ৷ ইয়াৰ ভিতৰত আছে দিল্লী-হাৰিয়ানাৰ ১০টা, কলকাতাৰ ১৭টা, মুম্বাইৰ ১টা, ঝাৰখণ্ডৰ ১টা আৰু ঢাকাৰ ১১টা প্ৰকাশন গোষ্ঠী ।

১২ দিনীয়া অসম গ্ৰন্থমেলাৰ কাৰ্যসূচীত সমাজ জীৱনৰ বিভিন্ন প্ৰাসংগিক বিষয়ক কেন্দ্ৰ কৰি গ্ৰন্থমেলাত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব ৷ ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হৈছে ৩০ ডিচেম্বৰৰ বিয়লি ইণ্ডোনেছিয়াৰ পৰিৱেশ্য কাব্য শিল্পী তাৰা নোইচন্তাৰাৰ সৈতে অন্তৰংগ আলাপ(Interaction with Tara Nusantara) ৷ ৰাহুল জৈনে পৰিচালনা কৰিবলগীয়া এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব ইণ্ডোনেছিয়াস্থিত ভাৰতীয় দূতাবাসৰ প্ৰাক্তন কাউন্সেলৰ তথা বিশিষ্ট লেখক অৰূপ দত্তই ৷

১ জানুৱাৰীৰ বিয়লি ১ বজাত আয়োজিত হ’ব “মই কিয় লিখোঁঃ স্ব-পৰিক্ৰমা” শীৰ্ষক অনুষ্ঠান য’ত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে(Phanindra Kumar Chaudhury) আৰু সঞ্চালনা কৰিব বিশিষ্ট সাহিত্যিক ড৹ অপূৰ্ব কুমাৰ শইকীয়াই(Apurba Kumar Saikia) ৷ ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিক ক্ৰমে লীনা শৰ্মা, শিৱানন্দ কাকতি, জয়ন্ত মধৱ বৰা, মনালিছা শইকীয়াই ৷ একেদিনাই বিয়লি ৩ বজাত লেখক-পাঠকৰ সমাৰোহ “সাহিত্য-আলচ” উদ্বোধন কৰিব সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৷

২ জানুৱাৰীত আলোচনা সত্ৰ “অসমীয়া সমালোচনা সাহিত্যঃ অৱলোকন” সঞ্চালনা কৰিব বিশিষ্ট সাহিত্যিক ড৹ আনন্দ বৰমুদৈয়ে ৷ ইয়াত অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক-সমালোচক ক্ৰমে অৰিন্দম বৰকটকী, ড৹ অৰিন্দম শৰ্মা, ড৹ প্ৰাণজিৎ বৰা, ড৹ প্ৰাঞ্জল শৰ্মা বশিষ্ঠই ৷ ইয়াৰ পাছত বিয়লি ৩ বজাত বিশিষ্ট কথা শিল্পী ড৹ মৌচুমী কন্দলীৰ সঞ্চালনাত “প্ৰকাশ”ৰ উদ্যোগত গল্পৰ আবেলি উদ্বোধন কৰিব বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাই(Singer Tarali Sarma) ৷ উল্লেখযোগ্য যে, 2জানুৱাৰীৰ সন্ধিয়া ৬ বজাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) উন্মোচন কৰিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননী গোপাল মহন্তই প্ৰণয়ন কৰা “আধুনিক অসমৰ ৰাজনৈতিক ইতিহাস” (মুছলিম লীগৰ পৰা নাগৰিকত্ব আইনলৈকে) শীৰ্ষক গ্ৰন্থখনৰ ৷

৪ জানুৱাৰীৰ বিয়লি ১ বজাত ভাষাত্ববিদ ড৹ ৰমেশ চন্দ্ৰ পাঠকৰ সোঁৱৰণত অনুষ্ঠিতব্য “ অসমীয়া ভাষাৰ সংকট আৰু প্ৰতিষ্ঠা ” শীৰ্ষক আলোচনা সত্ৰ উদ্বোধন কৰিব বিশিষ্ট লেখক দিগন্ত বিশ্ব শৰ্মাই ৷ একেদিনাই বিয়লি ৩ বজাত “অনুবাদ আৰু সাহিত্যৰ সমৃদ্ধি” শীৰ্ষক আলোচনা সত্ৰ উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক কুল শইকীয়াই ৷ ৮ জানুৱাৰীত “মুকুতা” আলোচনীৰ উদ্যোগত অনুষ্ঠিত হ’ব শিশুৰ দিন ৷

৯ জানুৱাৰীত সামৰণি পৰিব অসম গ্ৰন্থমেলা, গুৱাহাটীৰ ৷ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে(Minister Ranuj Pegu) ৷ সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব গুৱাহাটীস্থিত বাংলাদেশ চৰকাৰৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে ৷ বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিৎ শেখৰ মুছহাৰী আৰু বিশিষ্ট বিজ্ঞানী, লেখক ড৹ দীনেশ চন্দ্ৰ গোস্বামী ৷

লগতে পঢ়ক: MS Prabhakar Passed Away: অসমভূমিত সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা এম এছ প্ৰভাকৰৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.