গুৱাহাটী, ১৭ মে ': দেওবাৰে গুৱাহাটীত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ ক'ৰ কমিটিৰ বৈঠকত সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপট তথা COVID-19 সন্দৰ্ভত দুঘন্টাজোৰা বিশদ আলোচনা কৰা হয় । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে ৰাজ্যিক ক'ৰ কমিটিৰ ভিডিঅ' কনফাৰেন্স যোগে অনুষ্ঠিত এই বৈঠকত বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাস আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা ক'ৰ কমিটিৰ সদস্য সকলে অংশগ্ৰহণ কৰে ।
এই বৈঠকত সমসাময়িক ৰাজনৈতিক পৰিৱেশ তথা পৰিস্থিতিৰ লগতে কৰ'ণা মহামাৰী নিয়ন্ত্ৰণৰ বাবে লোৱা পদক্ষেপ ওপৰত সবিশেষ আলোচনা কৰা হয় । এই বৈঠকত আগন্তুক বিটিএডিৰ নিৰ্বাচন,পৌৰ সভাৰ লগতে সম্ভাৱ্য নিৰ্বাচন সমূহৰ ওপৰত পৰ্যালোচনা কৰা হয় ।
দেওবাৰৰ পৰ্যালোচনা বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে সমষ্টি ভিত্তিক পৰ্যবেক্ষণৰ নিৰ্দেশ দিয়াৰ লগতে বিধায়ক সকলৰ পাৰ্ফৰ্মেন্সৰ মূল্যায়ণ কৰাৰ আহ্বান জনায় ।
আনহাতে, বৈঠকত ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰামমাধৱ,ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকা, উত্তৰ-পূব সংগঠন মন্ত্ৰী অজয় জামৱাল অংশগ্ৰহণ কৰে।