ETV Bharat / state

Opposition Unity Forum: বিৰোধী দলসমূহে দ্বিতীয়টো পিকনিক খাবলৈহে লগ হৈছে : ভবেশ কলিতা

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 8:58 PM IST

ৰাজ্যৰ 12 টা বিৰোধী ৰাজনৈতিক দলৰ বৈঠকক কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ ৷ হোটেল লিলিত বিৰোধী দলসমূহে পিকনিক খাবলৈহে গৈছে বুলি কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতিজনৰ ৷

Bhabesh Kalita Slams Meeting of Opposition
ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা

বিৰোধী দলৰ বৈঠকক কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতিৰ

গুৱাহাটী, 26 অক্টোবৰ : কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ৰাজ্যৰ 12 টা বিৰোধী ৰাজনৈতিক দলৰ বৈঠকক কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ ৷ হোটেল লিলিত বিৰোধী দলসমূহে পিকনিক খাবলৈহে গৈছে বুলি কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতিজনৰ ৷ এই প্ৰসংগত তেওঁ কয় "এতিয়া যিহেতু পিকনিকৰ বতৰ সেয়েহে তেওঁলোক তাত পিকনিক খাবলৈ গৈছে ৷ তেওঁলোকৰ কোনে কি কৈ আছে নাজানো, কিন্তু তেওঁলোক যে পৰাস্ত হ’ব সেইটো এশ শতাংশ নিশ্চিত ৷ কংগ্ৰেছ বিগ জিৰ’, সেইটোও নিশ্চিত ৷ আজি তেওঁলোকে দ্বিতীয়টো পিকনিক খাবলৈ গৈছে ৷ তেওঁলোকে পিকনিক খাই থাকিব ৷ জনতাৰ কি হৈ আছে তেওঁলোকৰ খবৰ নাই ৷"

উল্লেখ্য যে, বৃহস্পতিবাৰে পুনৰ বৈঠকত মিলিত হয় কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা 12 টা বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব ৷ বৃহস্পতিবাৰে দিনৰ ২ বজাৰ পৰা গুৱাহাটীৰ হোটেল লিলিত কংগ্ৰেছে আহ্বান কৰা বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠকত ঐক্য মঞ্চত থকা প্ৰতিটো দলৰে নেতৃত্বই অংশগ্ৰহণ কৰে ৷ বিজেপিক প্ৰতিহত কৰাৰ স্ব‍াৰ্থত অসমত কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা 12 টাকৈ বিৰোধী ৰাজনৈতিক দলৰ বৈঠকক এইদৰে কটাক্ষ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ৷

ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই বৃহস্পতিবাৰে দলৰ মুখ্য কার্যালয়ত সংবাদ মাধ্যমক সম্বোধন কয় ''প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শাসনকালত ভাৰতবৰ্ষৰ জনসাধাৰণে কেৱল উন্নয়ন প্ৰত্যক্ষ কৰিছে ৷ দেশৰ জনসাধাৰণে আজি সগৌৰৱে বিজেপিক আদৰি লোৱাৰ বিপৰীতে বিৰোধীক প্ৰত্যাখান কৰিছে ৷ বহুধাবিভক্ত বিৰোধী দলৰ মিত্ৰতা যে এতিয়া ক্ষমতাকেন্দ্ৰিক যুঁজত লিপ্ত সেয়া জলজল পটপটকৈ ওলাই পৰিছে ৷ এনে পৰিস্থিতিত 2023 ৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ বিজয় নিশ্চিত আৰু নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ'ব ৷”

তেওঁ লগতে কয় যে সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপি সম্পূৰ্ণৰূপে সাজু ৷ দলৰ ৰাষ্ট্ৰীয় সমিতিয়ে প্ৰস্তুত কৰি দিয়া ৰোড মেপ অনুসৰি ৰাজ্যিক বিজেপিয়ে সাংগঠনিক কার্যাৱলী সম্পাদন কৰি গৈছে ৷ দীপাৱলীৰ পূৰ্বে এন ডি এৰ অন্তৰ্গত অগপ, ইউ পি পি এলৰ সৈতে ৰাজ্যিক বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব বুলিও কলিতাই মন্তব্য কৰে ৷ তেওঁ কয় যে, অসমৰ জনসাধাৰণ উন্নয়নৰ পক্ষত আছে আৰু এই উন্নয়ন একমাত্ৰ বিজেপিৰ দিনত সম্ভৱ হৈছে ৷ সেয়ে বিৰোধীৰ কোনো কথাকেই ৰাইজে বিশ্বাসত নলয় বুলি উল্লেখ কৰে কলিতাই ৷ আনহাতে বৰ্তমানৰ 9 গৰাকী সাংসদে টিকট পাবনে নাপায় সেয়া কেন্দ্ৰীয় নেতৃত্বৰ এক্টিয়াৰৰ বিষয়, ৰিপ'ৰ্ট কাৰ্ড ভাল থাকিলে নিশ্চয় টিকট পাব বুলিও উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ৷

লগতে পঢ়ক : Opposition Unity Forum: গুৱাহাটীত কংগ্ৰেছ নেতৃত্বৰ বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.