ETV Bharat / state

Bhabesh Kalita on Manipur Incident: মণিপুৰৰ ঘটনা সমগ্ৰ মানৱ জাতিৰ বাবে লজ্জাজনক; ভৱেশ কলিতা

author img

By

Published : Jul 22, 2023, 7:23 AM IST

মণিপুৰৰ ঘটনা সমগ্ৰ মানৱ জাতিৰ বাবে লজ্জাজনক বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ এই ঘটনা সংঘটিত কৰাসকলক চৰম শাস্তি প্ৰদান কৰিব লাগে; যাতে এই ঘটনাৰ পুনৰাবৃত্তি নহয় বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷

Assam BJP President Bhabesh Kalita
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা
মণিপুৰৰ ঘটনা সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 22 জুলাই : দেশৰ লগতে সমগ্ৰ বিশ্বতে চৰ্চিত হৈছে মণিপুৰৰ লজ্জাজনক ঘটনা ৷ এই জঘন্য ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে, এই ঘটনা সমগ্ৰ মানৱ জাতিৰ বাবে লজ্জাজনক ৷ এই কাৰ্য যিয়ে সংঘটিত কৰিছে তেওঁ পশুতকৈয়ো অধম ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনা অনুধাৱন কৰি কৈছে যে এনে ঘটনা কেতিয়াও নঘটক ৷ ইয়াত বিজেপি, কংগ্ৰেছ, চিপিএম দল বুলি কথা নাই ৷ এই ঘটনা সংঘটিত কৰা সকলক চৰম শাস্তি প্ৰদান কৰিব লাগে; যাতে এই ঘটনাৰ পুনৰাবৃত্তি নহয় বুলি আশা ব্যক্ত কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷

আনহাতে মণিপুৰ কাণ্ডক অখিল গগৈয়ে বিজেপি তথা RSS ৰ চক্ৰান্ত বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয় যে, এনেবোৰ কাম বিজেপি আৰু RSS নকৰে ৷ অখিল গগৈয়ে পূৰ্বতে হত্যাৰ দৰে কাম কৰিছে ৷ তেওঁ মানুহ মৰাৰ ফালে আগবঢ়াই দিছিল ৷ প্ৰণৱ বড়ো ডাঙৰীয়াক অখিল গগৈয়ে ৰাজনৈতিক স্বাৰ্থত পৰোক্ষভাৱে হত্যা কৰিছিল ৷ তেওঁ লগতে কয় যে, নগ্নতাৰে আন্দোলন কৰাৰ ইতিহাস বিজেপিৰ নাই ৷ কিন্তু অখিল গগৈৰ ইতিহাসত আছে বুলি কয় তেওঁ৷

ইফালে বিৰোধীৰ মহাজোঁট INDIA সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে সভাপতি গৰাকীয়ে ৷ তেওঁ কয় যে, বিৰোধীয়ে যি কৰে কৰি থাকক ৷ তেওঁলোকে বিৰোধী ঐক্যক INDIA নাম দিছে ৷ আমি কিয় INDIA বুলি ক’ম ৷ কিন্তু ভাৰতৰ জনসাধাৰণ বিজেপিৰ লগত আছে ৷ নিৰ্বাচনত কোন ক’ত উৰি যায়, মহাজোঁট ক’ত উৰি যায় সকলোৱে দেখিব বুলি কয় নেতাজনে ৷

উল্লেখযোগ্য যে শুকুৰবাৰৰ দিনটোত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টী, অনুসূচীত জাতি মৰ্চা অসম প্ৰদেশৰ উদ্যোগত অনুষ্ঠিত হয় যুৱ সন্মিলনৰ কৰ্যসূচী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মৰ্চাৰ যুৱক-যুৱতী সকলে অংশগ্ৰহণ কৰে এই সন্মিলনত ৷ যুৱক-যুৱতী সকলক আত্মনির্ভৰশীল কৰিবৰ বাবে আয়োজন কৰা হয় এই সন্মিলনৰ ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷

লগতে পঢ়ক : Assam CM on Manipur: মণিপুৰৰ ধৰ্ষণকাণ্ডক লৈ ৰাজনীতি নকৰিব; হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.