ETV Bharat / state

Lok Sabha Election 2024: প্ৰবল আত্মবিশ্বাসী বিজেপি; লোকসভা নিৰ্বাচনত লাভ কৰিব 12 খন আসন

author img

By

Published : Feb 21, 2023, 7:12 PM IST

2024 ৰ লোকসভা নিৰ্বাচনত 12 খন আসন দখলৰ চেষ্টা বিজেপিৰ (Lok Sabha election 2024) ৷ বিজেপিয়ে 12 খন আসন লাভ কৰিবই বুলি দাবী সাংসদ দিলীপ শইকীয়াৰ ৷ নগাঁও লোকসভা সমষ্টিটো এইবাৰ বিজেপিৰ দখললৈ যাব বুলি মন্তব্য সাংসদগৰাকীৰ ৷

Lok Sabha Election 2024
কনফিডেণ্ট বিজেপি; লোকসভা নিৰ্বাচনত লাভ কৰিব 12 খন আসন

Lok Sabha Election 2024

গুৱাহাটী, 21 ফেব্ৰুৱাৰী: আমাৰ মুখ্যমন্ত্ৰীয়ে সন্ধিৰ বাঁহ কেনেকৈ কাটিব লাগে সেয়া ভালকৈ জানে । লোকসভা নিৰ্বাচনত আমি 12 খন আসন পাম । আগন্তুক দিনত আমি সৰু সৰু দলসমূহৰ লগত মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ম । এই মন্তব্য মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ (MP Dilip Saikia) ।

মঙলবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত বুথসমূহ শক্তিশালীকৰণ সন্দৰ্ভত আয়োজন কৰা হয় এখন বিশেষ সভা ৷ এই সভাতে আগন্তুক লোকসভা নিৰ্বাচনক লৈ মন্তব্য সাংসদ দিলীপ শইকীয়াৰ ৷ তেওঁ কয়, ‘‘এইবাৰ 12 খন আসনত জয়লাভ কৰিব বেজেপিয়ে ৷ নগাঁৱত পূৰ্বে আমি অলপ ভোটত হাৰিছো ৷ নগাঁৱৰ লগতে এইবাৰ আৰু 2-3 খন আসনত জয়লাভ কৰিম (Lok Sabha election 2024) ৷’’

ইফালে, লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা প্ৰসংগত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে (Hagrama Mohilary) প্ৰদান কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ দিলীপ শইকীয়াই ৷ সাংসদগৰাকীয়ে কয়, ‘‘আমি BPF ৰ লগত পূৰ্বে মিত্ৰতাত আছিলো আৰু এতিয়া UPPL ৰ লগত মিত্ৰতাত আছোঁ । বৰ্তমান BPF দল আমাৰ লগত মিত্ৰতাত নাই । আগন্তুক দিনত আমি সৰু সৰু দলসমূহৰ লগত মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ম । নিৰ্বাচনলৈ মাজত এটা বছৰ সময় আছে । এবছৰৰ ভিতৰত ৰাজনৈতিক প্ৰেক্ষাপটত কোন ফালে গতি কৰে কোনোৱে নাজানে ।’’

ৰাজনীতিত যিটো চকুৰে দেখা পাই সেয়া আচল ছবি নহয় । যিটো ভিতৰুৱাকৈ চলি থাকে সেইটোহে আছল কথা বুলিও এক অতি কৌশলী মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই ৷ উল্লেখ্য যে, বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় বুথৰ গ্ৰেডেছন পদ্ধতি (MP Dilip Saikia on Lok Sabha election) ৷

গ্ৰেডেছন পদ্ধতি মুকলি কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়, ‘‘বুথসমূহক A,B,C গ্ৰেড দিয়া হ’ব । গুণগত দিশ চাই গ্ৰেডৰ ব্যৱস্থা কৰা হ’ব । নিৰ্বাচনত প্ৰতিটো বুথে যাতে 51% ভোট আনিব পাৰে তাৰ বাবে আমি সাজু কৰিম বুথসমূহক । C গ্ৰেড পোৱা বুথসমূহ বিলুপ্তি ঘটাই নতুনকৈ গঠন কৰিম । কেন্দ্ৰীয় আৰু ৰাজ্য‌ চৰকাৰৰ আঁচনিসমূহ সফল ৰূপায়ণ কৰাই হ’ব বুথসমূহৰ অন্যতম কাম । দলৰ নেতা সকলে মাৰ্চৰ পৰা দলক 10 ঘণ্টাকৈ সময় দিয়াটো বাঞ্চনীয় হ’ব ৷

উল্লেখ্য যে, আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়া এইদৰেই বুথসমূহ শক্তিশালী কৰাত নামি পৰিছে অসম বিজেপি (Assam Panchayat election) ৷ মঙলবাৰৰ সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু সাংসদ দিলীপ শইকীয়াৰ লগতে উপস্থিত থাকে সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু সকলো জিলা সভাপতি আৰু প্ৰভাৰীসকল ।

লগতে পঢ়ক: Lok Sabha Election 2024: 2024 ৰ লোকসভা নিৰ্বাচনত কাৰ কাৰ হ’ব মিত্ৰতা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.