ETV Bharat / state

BJP leaders on Oppositions unity: বিৰোধী ঐক্যক কঠোৰ সমালোচনা তিনি বিজেপি নেতাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 9:14 PM IST

বিৰোধী ঐক্যক লৈ সন্দিহান বিধায়ক দিগন্ত কলিতা ৷ ভৱেশ কলিতাৰ মতে বিৰোধীয়ে নাজানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান জনাব ৷ জয়ন্তমল্ল বৰুৱাই আঢ়ৈখন আসনহে দিব খোজে বিৰোধীক ৷ তিনি বিজেপি নেতাৰ সমালোচনাক বিৰোধী ঐক্যক ৷

BJP leaders on Opposition unity
Opposition unity forum

বিৰোধী ঐক্যক কঠোৰ সমালোচনা তিনি বিজেপি নেতাৰ

গুৱাহাটী, ৩১ অক্টোবৰ: অসমৰ বিৰোধীৰ ঐক্যমঞ্চক পুনৰ এবাৰ সমালোচনাৰে থকা-সৰকা কৰিলে বিজেপিৰ সদামুখৰ ন-বিধায়ক দিগন্ত কলিতাই । সোমবাৰে অসমৰ বিৰোধীৰ ঐক্যমঞ্চৰ মিত্ৰতাৰ দীৰ্ঘ স্থায়িত্ব আৰু অংশীদাৰ দলৰ চৰম ত্যাগ প্ৰসংগত সন্দেহ প্ৰকাশ বিধায়ক কলিতাৰ ৷

অসমত বিৰোধীক যিকোনো বিষয়তে সোঁৱে-বাঁৱে সমালোচনা কৰা বিজেপি বিধায়কসকলৰ অন্যতম এজন হ’ল দিগন্ত কলিতা ৷ সোমবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়ক কলিতাই মন্তব্য কৰে, “বিৰোধীয়ে সংবাদমেলত ‘Super Sacrifice’ শব্দটো ব্যৱহাৰ কৰিলে ৷ আসন বিভাজনক লৈ তেওঁলোকৰ কোনো অসুবিধা নাই বুলিও মন্তব্য কৰিছিল ৷ এই এলায়েন্স কেৱল ’২৪ তে নহয় ’৩১ তো থাকিব বুলি মন্তব্য কৰিছিল । সেইটোৰ আজি এখন বিপৰীত দৃশ্য দেখা গৈছে । আম আদমীয়ে ৫ খন আসন বিচৰা চিঠি আমি দেখিছোঁ । ১৫ টা বিৰোধী দল লগ লাগি কাম কৰাৰ যি ইচ্ছা, তাৰ প্ৰতি অভিনন্দন থাকিল ।"

লগতে দিগন্ত কলিতাই কয় যে অসমৰ বিৰোধীৰ মিত্ৰ দল সমূহে এটা দললৈ নিজৰ ভোট পৰিৱৰ্তন কৰিব পাৰিব যে তাত তেওঁৰ সন্দেহ আছে ৷ বিধায়ক দিগন্ত কলিতাৰ মতে যি মিত্ৰতাত ১৫ দলৰ মুখ্য নেতৃত্বৰ মাজতে বুজাপৰা নাথাকে সেই দলে ভোট কেনেকৈ এটা দললৈ কনভাৰ্ট কৰিব ?

“বিৰোধীৰ মিত্ৰতা কেৱল দেখুওৱা মিত্ৰতা । নিৰ্বাচনৰ শেষ মুহূৰ্তলৈ যে এই মিত্ৰতা থাকিব মোৰ সন্দেহ আছে । কংগ্ৰেছে AIUDF ক কেতিয়াও এৰিব নোৱাৰে । ’২৪ ত পুনৰ নৰেন্দ্ৰ মোদীয়েই প্ৰধানমন্ত্ৰী হ'ব । ৰাজনীতিত অংক কেতিয়াও নচলে । বিৰোধীৰ মিত্ৰতা এটা সময়ত শূন্য হৈ যাব ।” লগতে এইদৰে লোকসভা নিৰ্বাচনৰ পিচত বিৰোধী শূন্য হৈ পৰিব বুলিও তেওঁ মন্তব্য কৰে ৷

ইফালে অসমত বিৰোধী মিত্ৰজোঁটে দুটা টিভি চেনেলক বৰ্জন কৰা সন্দৰ্ভত মন্তব্য কৰিছে অসম বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৷ ভৱেশ কলিতাই কয় যে বিৰোধী যিহেতু ৰাইজৰ লগত নাই সেয়ে তেওঁলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান কৰিব নাজানে ৷ একেদৰে জয়ন্তমল্ল বৰুৱাই কয় যে হতাশাত পৰি বিৰোধীয়ে এতিয়া যিকোনো কাম কৰিবলৈ ধৰিছে ৷ পূৰ্বে কোৱাৰ দৰেই তেওঁ পুনৰ দোহাৰে যে আঢ়ৈখন আসন লাভ কৰিব বিৰোধী শিবিৰে ৷

লগতে পঢ়ক: Assamese Movie Raghav: ৰাঘৱক লৈ কৰা মন্তব্য সন্দৰ্ভত ভূপেন বৰাক পাঠ পঢ়ালে তিনি বিজেপি নেতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.