ETV Bharat / state

২০ এপ্ৰিলৰ ভিতৰত নিৰ্বাচন সম্পূৰ্ণ কৰাৰ পোষকতা ৰাজ্যপাল-মুখ্যমন্ত্ৰীৰ

তিনিটা পৰ্যায়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ভোটগ্ৰহণৰ প্ৰক্ৰিয়া ২০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পোষকতা অসমৰ ৰাজ্যপাল জগদীশ মুখীৰো ।

২০ এপ্ৰিলৰ ভিতৰত নিৰ্বাচন সম্পূৰ্ণ কৰাৰ পোষকতা ৰাজ্যপাল-মুখ্যমন্ত্ৰীৰ
২০ এপ্ৰিলৰ ভিতৰত নিৰ্বাচন সম্পূৰ্ণ কৰাৰ পোষকতা ৰাজ্যপাল-মুখ্যমন্ত্ৰীৰ
author img

By

Published : Jan 6, 2021, 7:17 PM IST

গুৱাহাটী, ৬ জানুৱাৰী : অসমৰ বিধানসভা নিৰ্বাচনকলৈ বিভিন্ন মহলত জল্পনা কল্পনা চলি আছে । তাৰ মাজতে ইটিভি ভাৰতৰ হাতত পৰিছে এক গুৰুত্বপূৰ্ণ তথ্য় । সকলো যদি ঠিকে থাকে তেন্তে আগন্তুক ৰঙালী বিহুৰ আগতেই অনুষ্ঠিত হ'ব অসমৰ বিধানসভা নিৰ্বাচন । ইতিমধ্যে এইক্ষেত্ৰত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰাও নিৰ্বাচন আয়োগক নিজৰ স্থিতি সন্দৰ্ভত অৱগত কৰা হৈছে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক শীৰ্ষ সুত্ৰই ইটিভি ভাৰতক জানিবলৈ দিয়া মতে ৰাজ্যত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । একেসময়তে ইটিভি ভাৰতে লাভ কৰা তথ্য অনুসৰি এইক্ষেত্ৰত সহমত আগবঢ়াইছে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে । বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস, মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াইও এই ক্ষেত্ৰত সহমত আগবঢ়াইছে ।

নিৰ্বাচনৰ দুটা পৰ্যায়ৰ ভোটগ্ৰহণ ৰঙালী বিহুৰ পূৰ্বে আৰু এটা পৰ্যায়ৰ ভোটগ্ৰহণ বিহুৰ পিছত অনুষ্ঠিত হোৱাটো বিচাৰিছে মুখ্যমন্ত্ৰী সমন্বিতে শাসকীয় বিজেপি দলে । কিন্তু ভোটগ্ৰহণৰ সমস্ত পৰ্বটো ২০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । কিয়নো ১১ মে'ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ১২ মে'ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছে ৰাজ্য় চৰকাৰে । সেয়ে পৰীক্ষাৰ পূৰ্বেই নিৰ্বাচন সম্পূৰ্ণ কৰিব খুজিছে বিজেপি দল তথা চৰকাৰে ।

যদি সেয়াই হয় তেন্তে ২০ ফেব্ৰুৱাৰীত অসমৰ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

লগতে পঢ়ক : নগাঁৱত অসম জাতীয় মহিলা শক্তিৰ যোগদান সমাৰোহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.