ETV Bharat / state

Assam Assembly Budget Session 2023 : শুকুৰবাৰৰ পৰা বিধানসভাৰ বাজেট অধিবেশন - FM Ajanta Neog budget speech 2023

১০ মাৰ্চৰ পৰা বিধানসভাৰ বাজেট অধিবেশন (Assam Assembly Budget session from 10th March 2023) । ৫ এপ্ৰিললৈকে চলিবলগা বাজেট অধিবেশন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ ভাষণেৰে আৰম্ভ হ'ব । আনহাতে, ১৬ মাৰ্চত বিত্ত মন্ত্ৰী অজন্তা নেওগে বাজেট ভাষণ আগবঢ়াব ।

Budget
Budget
author img

By

Published : Mar 9, 2023, 12:42 PM IST

গুৱাহাটী, ৯ মাৰ্চ : অহা ১০ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিবেশন (Assam Assembly Budget session from 10th March 2023) । এই বাজেট অধিবেশন অহা পাঁচ এপ্ৰিললৈ অনুষ্ঠিত হ’ব । বিধানসভাৰ ঘোষিত কাৰ্যসূচী অনুসৰি, বিধানসভাৰ অধিবেশন ১৪ দিন ধৰি চলিব । উল্লেখ্য, বছৰটোৰ প্ৰথমখন অধিবেশন হোৱা বাবেই সংবিধানৰ ১৭৬ (১) নং অনুচ্ছেদ অনুসৰি প্ৰথমদিনাই ৰাজ্যপালে সদনত ভাষণ দিব ।

উল্লেখ্য যে নৱ-নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ অসম বিধানসভাত এয়াই হ'ব প্রথম ভাষণ (Governor Gulab Chand Kataria assembly speech) । সেইদিনাই ৰাজ্যপালৰ ভাষণক লৈ ধন্যবাদসূচক প্রস্তাব উত্থাপন হ'ব । লগতে চৰকাৰে উত্থাপন কৰিব বিচৰা বিধেয়কসমূহ, চলিত ২০২২-২৩ বৰ্ষৰ বাকী থকা সময়খিনিৰ বাবে পৰিপূৰক মঞ্জুৰিৰ দাবী আদি উত্থাপন কৰা হ'ব । অহা ১৩ আৰু ১৪ মাৰ্চত ৰাজ্যপালৰ ভাষণক লৈ বিতৰ্ক অনুষ্ঠিত হ'ব । ১৫ মাৰ্চত পৰিপূৰক মঞ্জুৰিক লৈ আলোচনা হ'ব । ১৬ মাৰ্চত বিত্তমন্ত্ৰীয়ে বাজেট ভাষণ আগবঢ়াব (FM Ajanta Neog budget speech 2023) ।

তাৰ পিছত আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাবে বিত্তমন্ত্ৰীয়ে বাজেট প্রাকলন দাখিল কৰিব । ১৭ মাৰ্চ আৰু ২০ মাৰ্চত বাজেট সম্পৰ্কত আলোচনা, ২১ মাৰ্চত বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে । ২২ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ বিভাগীয় স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে সদন নবহে । ২৯ মার্চত স্থায়ী সমিতিসমূহে প্রতিবেদন দাখিল কৰিব । ২৯ আৰু ৩০ মাৰ্চত দাবী মঞ্জুৰিক লৈ আলোচনা হ'ব । ৩১ মার্চ আৰু ৪ এপ্ৰিলত পুনৰ বেচৰকাৰী সদস্যৰ কাৰ্যসূচী আছে । ৩ আৰু ৫ এপ্ৰিলত ৰৈ যোৱা বিধেয়কসমূহক লৈ আৰু অন্য কাৰ্যসূচীক লৈ আলোচনা অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইখন হ'ব দ্বিতীয়খন পূৰ্ণাংগ বাজেট (Himanta Biswa govt budget session 2023) । আনহাতে, ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী হিচাপে অজন্তা নেওগে তেওঁৰ জীৱনৰ দ্বিতীয়খন পূৰ্ণাংগ বাজেট বিধানসভাত দাখিল কৰিব । স্বাভাৱিকতে এই বাজেটক লৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে ৰাজ্যবাসীয়ে । বৰ্তমান অৱস্থাত চৰকাৰৰ অৰ্থনৈতিক অৱস্থাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া তথা চৰ্চা চলি থকাৰ মাজতে অৰ্থনৈতিক বিশ্লেষকসকলে এই বাজেটৰ ওপৰত বিশেষভাৱে চকু ৰাখিছে । ইয়াৰ উপৰি আগন্তুক সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিততো ৰাজ্যৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে মধ্য়বিত্তৰ বাবে কেনে ধৰণৰ সকাহ তথা সুবিধা প্ৰদান কৰে সেইটোও লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Baresaharia Bhauna 2023: বাৰেচহৰীয়া ভাওনাৰ থলীলৈ ২ কোটি আৰ্থিক সাহায্য মুখ্যমন্ত্ৰীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.