ETV Bharat / state

অসম আৰোগ্য নিধিলৈ ১২৯৩৪ গৰাকী ব্যক্তিৰ বৰঙণি - coron virus'

১২৯৩৪ গৰাকী ব্যক্তিয়ে বৰঙণি আগবঢ়াইছে অসম চৰকাৰক । অসম আৰোগ্য নিধিৰ জৰিয়তে তেওঁলোকে আগবঢ়াইছে সাহাৰ্য । ইয়াৰ পৰা বৰ্তমান সময়লৈকে মুঠ ৩১.৯৪ কোটি টকা সংগ্ৰহ হৈছে ৷

অসম আৰোগ্য নিধিলৈ ১২৯৩৪ গৰাকী ব্যক্তিৰ বৰঙণি

author img

By

Published : Apr 9, 2020, 10:23 AM IST

গুৱাহাটী, 9 এপ্ৰিলঃ কৰ'ণা ভাইৰাচ প্ৰতিৰোধী যুঁজখনলৈ অসম আৰোগ্য নিধিৰ জৰিয়তে বৰ্তমানলৈকে ১২,৯৩৪ গৰাকী ব্যক্তিয়ে বৰঙণি আগবঢ়াইছে ৷ বৰ্তমান সময়লৈকে মুঠ ৩১.৯৪ কোটি টকা সংগ্ৰহ হৈছে জনসাধাৰণৰ অৰিহণাৰ পৰা ৷

assam arogya nidhi donation
অসম আৰোগ্য নিধিলৈ ১২৯৩৪ গৰাকী ব্যক্তিৰ বৰঙণি

আনহাতে এই তথ্য জানিব দি স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে,"সৰু-বৰ প্ৰতিটো বৰঙণিয়েই আমাৰ বাবে গুৰুত্বপূৰ্ণ ৷ আশা কৰোঁ, আগলৈও আপোনালোকৰ পৰা এনে সহযোগিতা লাভ কৰি থাকিম ৷"

assam arogya nidhi donation
সহায় কৰিব বিছৰা জনৰ বাবে চৰকাৰে মুকলি কৰা বেংকৰ তথ্য

উল্লেখ‍্য যে শৰ্মাই নিজৰ চছিয়েল মিডিয়াৰ জৰিয়তে এই ধন্যবাদ সূচক বাৰ্তা প্ৰেৰণ কৰে ।

বিশ্বব্যাপী সন্ত্ৰাস সৃষ্টি কৰা কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে যুঁজ খনত চৰকাৰ সমূহক প্ৰয়োজন হৈছে জনতাৰ সহযোগীতাৰ । সেই অনুসৰী বিভিন্ন লোকে বিভিন্ন ধৰনেই সহযোগিতা আগবঢ়াইছে । কোনোয়ে যদি প্ৰত্যক্ষ ভাবে সাহায্য পুঁজিত ধন আগবঢ়াইছে, আন কোনোৱে সাধ্য অনুসাৰে দৰিদ্ৰ জনক ধন বা অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদানেৰে সহায় কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.