ETV Bharat / state

দেশত সমবিকাশৰ বিষয়টো মাত্র এটা নির্বাচনী শ্লোগানহে - অসম সংগ্ৰামী মঞ্চ

গুৱাহাটী মহানগৰীৰ ৰাজগড়স্থিত মুখ্য কাৰ্যালয়ত অসম সংগ্ৰামী মঞ্চই সংবাদমেল সম্বোধন কৰি ৰাজ্যসমূহক অধিক অধিকাৰ প্ৰদান কৰাৰ পোষকতা কৰে ৷ লগতে, শীঘ্ৰেই ৰাজ্যত বিকেন্দ্রীকৃত ক্রয় আঁচনিৰ বলৱৎ কৰাৰ দাবী উত্থাপন কৰে ৷

Asom sangrami mancha pressmeet
অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল
author img

By

Published : Sep 26, 2020, 10:20 PM IST

গুৱাহাটী, 26 ছেপ্তেম্বৰ: শনিবাৰে গুৱাহাটী মহানগৰীৰ ৰাজগড়স্থিত মুখ্য কাৰ্যালয়ত অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল সম্বোধন ৷

সংবাদমেলত দলটোৰ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই মোদী চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰি কয় যে, "আমি অসম সংগ্রামী মঞ্চই ভাৰতীয় সংবিধানৰ মূল আধাৰ এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ভিতৰত ৰাজ্যসমূহক অধিক অধিকাৰ প্ৰদান কৰাৰ পোষকতা কৰি আহিছো । এখন দেশ, য'ত সমবিকাশৰ বিষয়টো মাত্র এটা নির্বাচনী শ্লোগান হৈ ৰয়, তাত আন্তঃগাঁঠনিৰ বিকাশো সমান নহয় । এনে পৰিস্থিতিত মোদী চৰকাৰৰ ‘এক দেশ, এক নীতি’ কেনেকৈ সম্ভৱ ? এই সন্দৰ্ভত গোটেই দেশজুৰি আঞ্চলিক আৰু জাতীয়তাবাদী দলসমূহৰ মাজত একমত সৃষ্টি কৰিবলৈ অসম সংগ্রামী মঞ্চই ইতিমধ্যে পদক্ষেপ হাতত লৈছে" ।

অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল

ইয়াৰ লগতে তেওঁ কয় যে,‘‘কেন্দ্ৰীয় চৰকাৰে অন্য ৰাজ্যৰ পৰা চাউল ক্ৰয় কৰি এফ চি আইৰ জৰিয়তে অসমলৈ লাখ লাখ মেট্রিক টন চাউল প্রতিবছৰে পঠিয়াই দিয়ে । যাৰ ফলস্বৰূপে স্থানীয় বজাৰত থলুৱা কৃষকে উৎপাদন কৰা চাউলৰ দাম অতি কম হৈ পৰে’’ । এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে অতি সোনকালে ৰাজ্যত বিকেন্দ্রীকৃত ক্রয় আঁচনিৰ বলৱৎ কৰিব লাগে বুলি সম্পাদক সমৰজ্যোতি বেজবৰুৱাই দাবী জনায় ৷

লগতে পঢ়ক: ৰাজ্যজুৰি গুৰুজনাৰ আৱিৰ্ভাৱ তিথি পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.