ETV Bharat / state

Asom Jatiya Parishad reaction: মাটি আৰু মানুহক সুৰক্ষা দিব নোৱৰা চৰকাৰ ক্ষমতাত থকাৰ অধিকাৰ নাই: জগদীশ ভূঞা

author img

By

Published : Nov 26, 2022, 5:26 PM IST

মাটি আৰু মানুহক সুৰক্ষা দিব নোৱৰা চৰকাৰৰ ক্ষমতাত থকাৰ অধিকাৰ নাই ৷ তুলিৰাম এণ্ড কোম্পানীক হাত কৰি দিছপুৰৰ পৃষ্ঠপোষকতাত কাৰ্বি ভূমিত চলিছে অবাধ লুণ্ঠন ৷ এই মন্তব্য অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ ৷

Asom Jatiya Parishad GS Jagadish Bhuyan
অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা

গুৱাহাটী, ২৬ নৱেম্বৰ: হঠাতে হোৱা ঘটনা নাছিল অসম মেঘালয়ৰ মাজৰ সংঘাত(Assam Meghalaya conflict) । মেঘালয়ৰ দুৰ্বৃত্তই দৈনিক অসমৰ বন বিষয়াসকলক আমনি কৰি আছিল । এই মন্তব্য অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ(Asom Jatiya Parishad GS Jagadish Bhuyan) । শনিবাৰে দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ভূঞাই কয় যে, ২২ নৱেম্বৰত পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰ্কিডিং থানাৰ অন্তৰ্গত মুক্ৰ’ত মেঘালয়ৰ আক্ৰমণকাৰীৰ হাতত নিহত হোৱা অসমৰ বন সুৰক্ষা কৰ্মী বিদ্যাসিং লেকথেৰ বাসভৱনত ২৫ নৱেম্বৰত অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দল উপস্থিত হৈছিল ৷ প্ৰতিনিধি দলটোৱে নিহত জোৱানগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেওঁৰ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।

জগদীশ ভূঞাই লগতে কয় যে, অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোৱে কেইটামান বিষয় অতি গুৰুত্ব সহকাৰে পৰ্যবেক্ষণ কৰে, যিকেইটা বিষয়ত জনমত গঠনৰ প্ৰয়োজনত ৰাইজক অৱগত কৰা প্ৰয়োজন ৷ তেওঁ কয় যে, ২২ নৱেম্বৰৰ ঘটনাটোত বন সুৰক্ষা কৰ্মী বিদ্যাছিং লেকথেক প্ৰথমে দাৰে আৰু পিছত গুলিয়াই মেঘালয়ৰ লোকে হত্যা কৰাৰ পিছত আক্ৰমণমুখী লোকসকলক বাধা দিবলৈ তথা আত্মৰক্ষাৰ বাবে অসম আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল(Assam-Meghalaya Border Firing) ৷ ঘটনাটো সংঘটিত হৈছিল অসমৰ মাটিত, সীমান্তৰ পৰা প্ৰায় ৪ কিলোমিটাৰ ভিতৰত ৷

কিন্তু দুৰ্ভাগ্যজনকভাৱে অসম চৰকাৰে কৰ্তব্য পালন কৰিবলৈ গৈ দুষ্কৃতিকাৰীৰ আক্ৰমণৰ সন্মুখীন হোৱা অসম আৰক্ষী আৰু বন বিভাগৰ লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে ৷ ইয়াৰ উপৰি অসমৰ মুখ্যমন্ত্ৰীয়ে “ইমান গুলি চলাব নালাগিছিল” আৰু অসম আৰক্ষীৰ গুলীচালনা “অপ্ৰৰোচিত” আছিল বুলি মন্তব্য কৰে(Violence in Assam Meghalaya Border) । মুখ্যমন্ত্ৰীৰ বক্তব্যই আৰক্ষী আৰু বন বিভাগক নিৰুৎসাহিত কৰাই নহয়, বনদস্যুসকলৰ বনধ্বংস কাৰ্যৰ প্ৰতি ৰাজ্য চৰকাৰৰ সমৰ্থন থকাৰ কথা বুজাই দিলে ৷ এয়া দুৰ্ভাগ্যজনক বুলি ভূঞাই মন্তব্য কৰে ।

তেওঁ লগতে কয়- অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোৰ আগত বন বিভাগৰ কৰ্মী, আৰক্ষীৰ লোক আৰু স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, সেইদিনা বন সুৰক্ষা কৰ্মী আৰু অসম আৰক্ষীৰ লোকে অসম-মেঘালয় সীমান্তৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ অসমৰ ভিতৰত অৱস্থিত মুক্ৰ’ গাঁৱত মেঘালয়ৰ পৰা অহা বনদস্যুৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে উক্ত ঘটনা সংঘটিত হৈছিল ৷ অসমৰ ভূমি আৰু বনজ সম্পদ সুৰক্ষিত কৰাৰ কামত নিয়োজিত আৰক্ষী আৰু বন বিভাগৰ লোকৰ ওচৰত প্ৰতিৰক্ষাৰ সামগ্ৰীতো বাদেই, নিজে স্বাস্থ্যসন্মতভাৱে জীয়াই থকাৰ ন্যূনতম সুবিধাখিনিৰো অভাৱ ৷

সীমান্ত পহৰা চকীসমূহ (বি অ’ পি) আৰু বন সুৰক্ষা চকীসমূহ মানুহ থকাৰ যোগ্যই নহয় ৷ উক্ত চকীসমূহত বিজুলী সংযোগ নাই, খোৱাপানীৰ যোগান নাই, ঘৰবোৰো উৱলি যোৱা ৷ এই বিষয়ে উৰ্ধতম কৰ্তৃপক্ষক আৰক্ষী আৰু বন সুৰক্ষী কৰ্মীসকলে সময়ে সময়ে অৱগত কৰি আহিছে যদিও চৰকাৰৰ ফালৰ পৰা একো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ দুৰ্বৃত্তৰ প্ৰতি অসম চৰকাৰৰ ইমান দৰদ কিয় বুলি প্ৰশ্ন কৰি তেওঁ কয় যে নিজৰ মাটি, সম্পত্তি ৰক্ষাৰ স্বাৰ্থত গুলীচালনা কৰিব লগা হৈছিল । তাৰ ফলস্বৰূপে অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক শাস্তি দিলে ।

অসমৰ বনজ সম্পদ ধ্বংস কৰাৰ চেষ্টা কৰা সকলক কিয় সহযোগিতা প্ৰদান কৰিছে অসম চৰকাৰে তাৰ উত্তৰ দিব লাগিব বুলি উল্লেখ কৰে । দিছপুৰীয়া প্ৰভুসকলৰ কিবা অংক আছে নেকি বন ধ্বংসকাৰীসকলৰ সৈতে বুলিও প্ৰশ্ন উত্থাপন কৰে জগদীশ ভূঞাই ? তেওঁ আৰু কয় যে শ শ কোটি টকা কাৰ্বি আংলঙৰ বাবে আৱন্টন হোৱাৰ পাছতো উন্নয়ন শূণ্য । তুলিৰাম ৰংহাঙৰ লগত দিছপুৰৰ কিবা অংক আছে বুলি তেওঁ সন্দেহ ব্যক্ত কৰে ।

তেওঁ আৰু কয় যে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদখনলৈ বছৰি অকল ৰাজ্য চৰকাৰৰ পৰাই বিভিন্ন উন্নয়ন শিতানত পাঁচশ কোটিতকৈ অধিক টকা আৱন্টন কৰা হয় ৷ কেন্দ্ৰীয় চৰকাৰৰ পৰা জনজাতি কল্যান শিতানত তাতোকৈ অধিক ধন পোনপটীয়াকৈ আৱন্টিত হয় ৷ বছৰি এহাজাৰ কোটিতকৈ অধিক টকা পৰিষদখনে উন্নয়ন শিতানত লাভ কৰে ৷ কিন্তু কাৰ্বি অংলঙত বাস্তৱত উন্নয়নৰ কোনো চিন-চাবেই নাই ৷ ৰাস্তা-ঘাটৰ অৱস্থা শোচনীয় ৷ খোৱাপানী, স্বাস্থ্য, শিক্ষা আদি ক্ষেত্ৰত উদ্বেগজনকভাৱে পিছপৰা ৷

তেওঁ আৰু কয় যে, এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদাসীনতা লক্ষ্যণীয় ৷ কাৰ্বি আংলঙৰ বনজ, খনিজ আৰু ভূ-সম্পত্তিৰ ওপৰত অবাধ হাৰত লুণ্ঠন চলিছে ৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে লুণ্ঠন প্ৰক্ৰিয়াত পৃষ্ঠপোষকতা আগবঢ়াই অহাৰ ছবিখন স্পষ্ট ৷ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেওঁৰ অনুগত পাৰিষদ-বিষয়াবৰ্গক সন্মুখত ৰাখি দিছপুৰৰ পৃষ্ঠপোষকতাত এই লুণ্ঠন চলিছে বুলি তেওঁ অভিযোগ কৰে । তেওঁ লগতে মাটি আৰু মানুহক সুৰক্ষা দিব নোৱাৰা চৰকাৰৰ ক্ষমতাত থকাৰ অধিকাৰ নাই বুলি তীৰ্যক মন্তব্য কৰে ।

লগতে পঢ়ক : Assam-Meghalaya Border Firing: সীমান্তৰ ঘটনাক লৈ মেঘালয়ত অব্যাহত আছে উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.