গুৱাহাটী, 20 জানুৱাৰী : অসম আন্দোলন সংগ্ৰামী মঞ্চৰ প্ৰস্তাৱিত অভিৱৰ্তন অনুষ্ঠিত কৰাত চৰকাৰে ষড়যন্ত্ৰ কৰিছে ৷ যাৰ বাবে এই অভিৱৰ্তন স্থগিত কৰিব লগা হৈছে অসম আন্দোলন সংগ্ৰামী মঞ্চই ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ৷
দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ৷ সংগঠনটোৰ নেতৃত্বই কয় যে, "যি "কা" আইনৰ বিৰোধিতা কৰিয়েই জন্ম হ'ল অসম আন্দোলন সংগ্ৰামী মঞ্চ ৷ এই মঞ্চৰে প্ৰথমখন অভিৱৰ্তন ২৪ জানুৱাৰীত মাছখোৱাত অনুষ্ঠিত কৰাৰ বাবে ঠিৰাং কৰা হৈছিল ৷ কিন্তু অসম আন্দোলন সংগ্ৰামী মঞ্চৰ এই অভিৱৰ্তনতে বিজেপিৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কৰাৰ ভয়ত অধিগ্ৰহণ বাতিল কৰা হয় মাছখোৱা প্ৰেক্ষাগৃহৰ ৷ "
এই ঘটনাৰ পাছতে চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ৷ সেয়ে মঞ্চই অভিৱৰ্তনৰ পৰৱৰ্তী দিন, সময় আৰু স্থান শীঘ্ৰেই ঘোষণা কৰিব বুলি সংবাদমেলত স্পষ্ট কৰি দিয়ে ৷
লগতে পঢ়ক: আলফা শিবিৰৰ পৰা অপহৃত অইল কৰ্মচাৰীৰ চৰকাৰলৈ আহ্বান