গুৱাহাটী , 14 ফেব্ৰুৱাৰীঃ চেষ্টাৰ অসাধ্য একো নাই ৷ কথাষাৰ পুনৰ প্ৰমাণ কৰিলে মহানগৰীৰ এগৰাকী যুৱতীয়ে । সীমিত সুবিধাৰ মাজেৰে এম বি চি এছ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে অষ্টম আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় স্থান লাভ কৰি মহানগৰৰ তৰুণ নগৰবাসীক গৌৰাম্বিত কৰিলে আশীতা আগৰৱালা নামৰ যুৱতী গৰাকীয়ে ৷ সৰুৰে পৰা অত্যন্ত মেধাৱী তৰুণ নগৰৰ অমিত কুমাৰ আগৰৱালা আৰু মঞ্জু আগৰৱালাৰ কন্যা আশীতা আগৰৱালাৰ জীৱনৰ লক্ষ্যই আছিল এগৰাকী সফল চিকিৎসক হৈ মানৱ সেৱা কৰি যোৱা ৷ কিন্তু উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত চিকিৎসা বিজ্ঞান পঢ়িবলৈ আগুৱাই যোৱাৰ প্ৰথম যাত্ৰা সহজ নাছিল আশীতাৰ বাবে । প্ৰথম অৱস্থাত এম বি বি এছত নাম ভৰ্তি কৰাত অসফল হৈ কিছু ভাঙি পৰিছিল যদিও কষ্ট আৰু আত্মবিশ্বাসৰ ফলত অৱশেষত সুযোগ পালে এম বি বি এছ পঢ়াৰ । এম বি বি এছত প্ৰথম বর্ষৰ পৰাই পৰীক্ষাত ভাল ফলাফল দেখুৱাই আশীতাই প্ৰমাণ কৰিছিল নিজৰ যোগ্যতা ৷ প্ৰতিবছৰে পৰীক্ষাত ভাল ফলাফল দেখুৱাই অৱশেষত চূড়ান্ত পৰীক্ষাত আশীতাই লাভ কৰিলে ৰাজ্যৰ ভিতৰতে অষ্টম আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় স্থান ।
চিকিৎসক হিচাপে মানৱ সেৱা আগবঢ়াবলৈ প্ৰস্তুত হোৱা আশিতাৰ ইচ্ছা,নিজৰ চিকিৎসা জীৱনৰ আৰম্ভণি কৰিব কোনোবা এখন ভিতৰুৱা গাঁৱত ৷ আৰ্থিক সীমাবদ্ধতাৰ বাবে সীমিত সুবিধা প্ৰদান কৰিবলৈ সক্ষম হোৱা আশীতাৰ পিতৃ আজি নিজ সন্তানৰ সফলতাক লৈ গৌৰাম্বিত ৷ মেধাৱী ছাত্ৰী আশিতালৈ ই টিভি ভাৰতৰ পৰা থাকিল অশেষ শুভকামনা ।
লগতে পঢ়কঃ ব্যতিক্ৰমী পদ্ধতিৰে পাচলি উৎপাদন হায়দৰাবাদৰ এহাল দম্পত্তীৰ