ETV Bharat / state

ৰাজ্যৰ ভিতৰতে পূব-গুৱাহাটী সমষ্টিক জাকত জিলিকা কৰাৰ সপােন অসীমা বৰদলৈৰ - ৫৩ নং পূব-গুৱাহাটী সমষ্টি

৫৩ নং পূব-গুৱাহাটী সমষ্টিৰ নাগৰিকসকলৰ মৌলিক সমস্যাসমূহ যেনে খােৱাপানীৰ সমস্যা, কৃত্রিম বানপানীৰ সমস্যা, বাটপথৰ সমস্যা, নলা-নর্দমাৰ সমস্যা আদি সমস্যাসমূহৰ আশু সমাধান কৰি তাৰ পাছত এই সমষ্টিক এক সেউজ সমষ্টিৰূপে গঢ়াৰ সংকল্প আছে অসীমা বৰদলৈৰ । ৰেইন ৱাটাৰ হাভেষ্টিং (বৰষুণৰ পানীৰ ব্যৱহাৰ), সৌৰশক্তিৰ ব্যৱহাৰ, গছপুলি ৰােপন, পেলনীয়া সামগ্ৰীৰ ব্যৱহাৰ আদিৰ জড়িয়তে পৰিৱেশ সাপেক্ষ আৰু সেউজ সমষ্টি গঢ়ৰ তেওঁৰ সপােন আছে বুলি দেওবাৰৰ এক সংবাদ মেলত এই কথা প্রকাশ কৰে অসীমা বৰদলৈয়ে ।

ৰাজ্যৰ ভিতৰতে পূব-গুৱাহাটী সমষ্টিক জাকত জিলিকা কৰাৰ সপােন অসীমা বৰদলৈৰ

author img

By

Published : Apr 5, 2021, 12:58 PM IST

গুৱাহাটী, ৫ এপ্রিল: মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ ৰাজ্যৰ ১২ খনকৈ জিলাৰ ৪০ টা সমষ্টিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন ৷ ইয়াৰ বাবে এতিয়া সাজু প্ৰশাসনৰ লগতে প্ৰতিগৰাকী প্ৰাৰ্থী । ৰাজ্যৰ সমষ্টিসমূহৰ ভিতৰত গুৰুত্বপূৰ্ণ সমষ্টি ৫৩ নং পূব-গুৱাহাটী সমষ্টিৰ কংগ্রেছৰ মনােনীত প্রার্থী অসীমা বৰদলৈও সম্প্ৰতি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে । ৰাজ্যৰ ভিতৰতে পূব-গুৱাহাটী সমষ্টিক জাকত জিলিকা কৰি তােলাৰ সপােন মনত পুহি ৰাখিছে লােকপ্রিয় গোপীনাথ বৰদলৈৰ এইগৰাকী নাতিনীয়ে । সমষ্টিটোৰ নাগৰিকসকলৰ মৌলিক সমস্যাসমূহ যেনে খােৱাপানীৰ সমস্যা, কৃত্রিম বানপানীৰ সমস্যা, বাটপথৰ সমস্যা, নলা-নর্দমাৰ সমস্যা আদি সমস্যাসমূহৰ সমাধান কৰি তাৰ পাছত এই সমষ্টিক এক সেউজ সমষ্টিৰূপে গঢ়াৰ সংকল্প আছে অসীমা বৰদলৈৰ ।

ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং (বৰষুণৰ পানীৰ ব্যৱহাৰ), সৌৰশক্তিৰ ব্যৱহাৰ, গছপুলি ৰােপন, পেলনীয়া সামগ্ৰীৰ ব্যৱহাৰ আদিৰ জড়িয়তে পৰিৱেশ সাপেক্ষ আৰু সেউজ সমষ্টি গঢ়াৰ তেওঁৰ সপােন আছে বুলি দেওবাৰৰ এক সংবাদমেলত প্রকাশ কৰে অসীমা বৰদলৈয়ে । অসীমা বৰদলৈয়ে পূব গুৱাহাটী সমষ্টিৰ ৰাইজৰ সমস্যা আৰু আশা-আকাংক্ষাবােৰৰ বিষয়ে তেওঁৰ কিছু নিজস্ব পৰিকল্পনা আৰু দৃষ্টিভংগী থকা বুলি প্রকাশ কৰে । গতিকে, সকলােৰে সমস্যাসমূহৰ প্রতি উপযুক্ত গুৰুত্ব দি সকলােকে সমভাৱে আগবঢ়াই নি সমষ্টিটোক অসমৰ ভিতৰতে জাকত জিলিকা কৰি তােলাটো হ'ল অসীমাৰ অন্যতম সপােন ।

পূব-গুৱাহাটীৰ দৰে এক সন্মানীয় আৰু গুৰুত্বপূৰ্ণ সমষ্টিৰ ৰাইজক দীর্ঘদিন ধৰি বিজেপিয়ে প্ৰতাৰণা কৰি অহাৰ কথা প্রকাশ কৰি বৰদলৈয়ে কয় যে এই সমষ্টিৰ বিজেপিৰ প্রাক্তন বিধায়কজনে মন্ত্রীত্ব পাইয়ো সমষ্টিটোৰ বিকাশৰ বাবে বিশেষ একোৱেই নকৰিলে । খােৱাপানীৰ সমস্যা, বাট-পথৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যা, নিবনুৱা সমস্যা, মহিলাসকলৰ নিৰাপত্তাৰ সমস্যা, পাহাৰ-খননৰ আদি সমস্যাবােৰ সমস্যা হৈয়েই থাকি গ'ল বুলি উল্লেখ কৰে । লগতে তেওঁ নির্বাচিত হ'লে প্রথমেই তেওঁ এই মূল সমস্যাবােৰৰ স্থায়ী সমাধানৰ ওপৰত আত্মনিয়ােগ কৰিব ।

আনহাতে, মহিলাসকলৰ নিৰাপত্তাৰ দিশটোৰ প্রতিও তেওঁ গুৰুত্ব দিব বুলি উল্লেখ কৰি বৰদলৈয়ে কয় যে গাৰ্হস্থ্য হিংসা, ধর্ষণ, চেইন চুৰিৰ দৰে অপৰাধমূলক ঘটনা দূৰ কৰিবৰ বাবে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব । তেওঁৰ সমষ্টিৰ যুৱকসকলক অপৰাধমূলক কার্য, ড্ৰাগছ আসক্তি আদিৰ বিপৰীতে ইতিবাচক বা গঠনমূলক কামত লগাবৰ বাবে অভিলাষী কার্যসূচী গ্রহণ কৰিব বুলিও কংগ্ৰেছ প্রাৰ্থীগৰাকীয়ে কয় । বিধায়ক হিচাপে নির্বাচিত হ'লে তেওঁ জাইকা প্রকল্প শীঘ্ৰেই সম্পূর্ণ কৰাত হেঁচা দিয়াৰ লগতে অধিক সংখ্যক ৰাজহুৱা টয়লেটৰ ব্যৱস্থা কৰা, উপযুক্ত জাৱৰ নিষ্কাষণ প্রকল্প হাতত লােৱা, ব্রহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য্যবৰ্দ্ধক পার্ক, ৱাকিং জ'ন আদিৰ নিৰ্মাণ কৰা, সমষ্টিৰ সকলাে পথতে ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰা, বজাৰ অঞ্চলত পৰিষ্কাৰ-পৰিচন্ন কৰি ৰখা আদি কাম খৰতকীয়াকৈ কৰিব বুলিও অসীমাই উক্ত সংবাদমেলত উল্লেখ কৰে ।

লগতে পঢ়ক: কাৰ্বি আলঙৰ মাঞ্জাত পথ দূৰ্ঘটনা : নিহত হোম গাৰ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.